Logo
image

আয়ুস ক্ষয়ৰ কাৰণ হ’ব পাৰে বায়ু প্ৰদূষণ

বায়ু প্ৰদূষণৰ বাবে যে ভাৰতত মৃত্যুৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে সেই কথা ইতিমধ্যে লেনচেটৰ এটা প্ৰতিবেদনত প্ৰকাশ পাইছে৷ উক্ত প্ৰতিবেদন অনুসৰি ২০১৯ চনত কেৱল প্ৰদূষণৰ বাবে ভাৰতত ২৩ লাখ লোকে প্ৰাণ হেৰুৱাইছিল আৰু ইয়াৰ ১৬ লাখৰে মৃত্যু হৈছিল বায়ু প্ৰদূষণৰ বাবে৷ বায়ু প্ৰদূষণে দেশখনৰ বাবে কেনে ভয়াৱহতাৰ সৃষ্টি কৰিছে, লেনচেটৰ প্ৰতিবেদনেই তাৰ প্ৰমাণ৷ শেহতীয়াভাৱে চিকাগো বিশ্ববিদ্যালয়ৰ এনাৰ্জী পলিচী ইনষ্টিটিউটৰ এয়াৰ কোৱালিটী লাইফ ইনডেক্সৰ প্ৰতিবেদন ভাৰতীয়সকলৰ বাবে অধিক উদ্বেগৰ কাৰণ হৈ পৰিছে৷ প্ৰতিবেদনটোত কোৱা হৈছে যে ভাৰতত বায়ু প্ৰদূষণৰ মাত্ৰা যি হাৰত বৃদ্ধি পাবলৈ ধৰিছে, সেয়া অব্যাহত থাকিলে ভাৰতীয়সকলৰ আয়ুস গড়ে পাঁচ বছৰকৈ হ্ৰাস পাব৷ বায়ূ প্ৰদূষণৰ মানচিত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰতে সৰ্বোচ্ছ৷ আনহাতে, ৰাজধানী দিল্লী বিশ্বৰ সবাতোকৈ প্ৰদূষিত চহৰ হিচাপে বিবেচিত হৈছে৷ পৰিৱেশ বিজ্ঞানীসকলৰ মতে, দিল্লীত বায়ু প্ৰদূষণ এনে হাৰত বৃদ্ধি পাইছে যে তাৰ কাৰণে চহৰখনৰ বাসিন্দাৰ আয়ুস গড়ে দহ বছৰপৰ্যন্ত ক্ষয় হোৱাৰো আশংকা আছে৷ দেশত বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ লক্ষ্যৰে ২০১৯ চনত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জয়বায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ উদ্যোগত আৰম্ভ কৰা হৈছিল নেচনেল ক্লীন এয়াৰ প্ৰগ্ৰেম৷ এই আঁচনিৰ মূল উদ্দেশ্য আছিল দেশৰ শতাধিক চহৰৰ বায়ু প্ৰদূষণৰ পৰিমাণ অন্ততঃ ২০-৩০ শতাংশ হ্ৰাস কৰা৷ কোৱা হৈছিল যে এই আঁচনিৰ যোগেদি যদি দেশৰ বায়ু প্ৰদূষণৰ পৰিমাণ ২৫ শতাংশও হ্ৰাস কৰিব পৰা যায়, তেন্তে  ভাৰতীয় গড় আয়ুস ১.৬ বছৰ বৃদ্ধি পাব৷ কিন্তু কাৰ্যক্ষেত্ৰত দেখা গৈছিল যে দেশৰ অধিকাংশ ৰাজ্যই এই আঁচনিৰ বাবে আৱণ্টিত ধনৰ সদ্ব্যৱহাৰ কৰাত ব্যৰ্থ হয়৷

বায়ু প্ৰদূষণ কেৱল ভাৰতৰে সমস্যা নহয়৷ বিশ্বৰ বহু দেশক এই সমস্যাই আক্ৰান্ত কৰিছে৷ শেহতীয়াকৈ বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ ক্ষেত্ৰত কয়লা আদিৰ দৰে পৰম্পৰাগত ইন্ধন দাহন ৰোধ কৰাত গুৰুত্ব দিয়া হৈছে৷ কিন্তু দুৰ্ভাগ্যৰ কথাটো হৈছে যে কয়লাৰ ব্যৱহাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত ভাৰত সফল হ’ব পৰা নাই৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে পৰিৱেশ সূচকাংকৰ ক্ষেত্ৰত পাকিস্তান, বাংলাদেশ আৰু ম্যানমাৰৰ দৰে দেশৰ স্থান ভাৰততকৈ ওপৰত৷ শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতৰ মুঠ জনসংখ্যাৰ ৯৩ শতাংশ লোক এনে অঞ্চলত বাস কৰে, য’ত প্ৰদূষণৰ মাত্ৰা হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰদ্বাৰা নিৰ্ধাৰণ কৰা মানতকৈ বেছি৷ সবাতোকৈ অধিক প্ৰদূষণৰ সমস্যা আছে দক্ষিণ এছিয়াত৷ উচ্ছ মাত্ৰাৰ বায়ু প্ৰদূষণে  দক্ষিণ এছিয়াৰ দেশবোৰৰ শিশুৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰিছে৷ বায়ু প্ৰদূষণৰ ফলত ষ্ট্ৰ’ক, মধুমেহ, হাঁওফাঁওৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি বুলি মত প্ৰকাশ কৰিছে চিকিৎসকসকলে৷ এই সমস্যাৰ যদি সমাধান উলিয়াব পৰা নায়ায, তেন্তে ভৱিষ্যতলৈ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠাৰ সম্ভাৱনা আছে৷ এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে  ভাৰতত যি নেচনেল ক্লীন এয়াৰ প্ৰগ্ৰেম আৰম্ভ কৰা হৈছিল, তাত কোনো আইনী বাধ্যবাধকতা নথকাটোৱে আঁচনিখন ফলপ্ৰসূ নোহোৱাৰ মূল কাৰণ৷ ভাৰতৰ দৰে চীনতো বায়ু প্ৰদূষণ এটা ডাঙৰ সমস্যা আছিল৷ কিন্তু দেশখনত ২০১৩ চনৰপৰা গ্ৰহণ কৰা কেতবোৰ ইতিবাচক পদক্ষেপৰ বাবে শেহতীয়াভাৱে বায়ু প্ৰদূষণৰ মাত্ৰা বহুখিনি হ্ৰাস কৰিব পৰা হৈছে৷ কিছুদিন পূৰ্বে ইটালীৰ ভেৰোনা বিশ্ববিদ্যালয়ৰ এক গৱেষণাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে বায়ু প্ৰদূষণৰ বাবে মানৱ শৰীৰত নানা অটোইমিউন ৰোগে দেখা দিব পাৰে৷ ভাৰতত বায়ু প্ৰদূষণে সৃষ্টি কৰা ভয়াৱহতালৈ চাই চৰকাৰে শীঘ্ৰে ইয়াৰ সমাধানৰ ব্যৱস্থা লোৱা উচিত৷ সৰ্বসাধাৰণৰ স্বাস্থ্য ৰক্ষা হৈছে চৰকাৰৰ দায়িত্ব৷ সেয়েহে দেশত বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ স্বাৰ্থত চৰকাৰে পৰিৱেশ নিয়ন্ত্ৰণৰ আইন কঠোৰ কৰাৰ লগতে নেচনেল ক্লীন এয়াৰ প্ৰগ্ৰেম সফল কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ লওক৷