Logo
image

জিলমিল শাকৰ উপকাৰ জানিলে আচৰিত হ’ব

আমাৰ অসম বিশেষঃ শৰীৰ সুস্থ ৰাখিবলৈ শাক-পাচলিৰ বিকল্প আন একোৱেই হ’ব নোৱাৰে৷ জিলমিল শাক প্ৰায় সকলোৰে প্ৰিয়৷ এই শাকে বৃক্ক আৰু যকৃত সুস্থ ৰখাত ‘যাদু’ৰ দৰে কাম কৰে৷ উল্লেখ্য যে জিলমিল শাকৰ খেতি পৃথকভাৱে কৰাৰ কোনো প্ৰয়োজন নাই৷ পথৰ দাঁতি, পথাৰ নাইবা পুখুৰীৰ পাৰত নিজে নিজে গজি উঠে জিলমিল শাক৷ বছৰটোৰ প্ৰায় সকলো সময়তে পাব পৰা এইবিধ শাকত আছে ভিটামিন এ, ভিটামিন চি, পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম, আইৰণ, ফচফৰাছ, জিংক আদিৰ দৰে উপাদান৷ জিলমিল শাকে স্বাস্থ্যৰ যিমান উপকাৰ সাধন কৰে সিমান উপকাৰ আনবোৰ শাকত পোৱা নাযায়৷ এক কথাত ক’বলৈ গ’লে জিলমিল শাকে মানৱ দেহত ‘যাদু’ৰ দৰে কাম কৰে৷

[১] শৰীৰৰ কোনো অংশ পুৰিলে সেই অংশত জিলমিল শাকৰ পেষ্ট কৰি যদি লগাই দিয়া যায়, তেন্তে পোৰণিৰ পৰা নিমিষতে সকাহ লাভ কৰিব পাৰি৷

[২] মুখমণ্ডলত ঘাঁ হ’লে জিলমিল শাক খাওক৷ ইয়াৰ জৰিয়তে মুখমণ্ডলৰ ঘাঁ নাইকিয়া হয়৷

[৩] প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা কৰিলে জিলমিল শাকৰ সৈতে দুচামুচ জিৰা গুড়ি আৰু দুচামুচ পাতিনেমুৰ ৰস মিহলাই খালে এই সমস্যাৰ পৰা নিৰাময় লাভ কৰিব পৰা যায়৷

[৪] বৃক্ক বা কিডনীত পাথৰ হ’লে প্ৰতিদিনে একাপকৈ জিলমিল শাকৰ ৰস পান কৰিলে উপকৃত হ’ব পৰা যায়৷

[৫] পিত্ত, যকৃত আৰু মলাশয়ৰ সমস্যাত ভোগাসকলে জিলমিল শাক খালে উপকৃত হ’ব৷