Logo
image

ফেচবুকত নূপুৰ শৰ্মাক সমৰ্থন, উদয়পুৰত দৰ্জীক শিৰশ্ছেদ

মোদীৰ আৰব ভ্ৰমণৰ সময়তেই

আমাৰ অসম, ২৯ জুনঃ বিজেপিৰ নেত্ৰী নূপুৰ শৰ্মাই ইছলামৰ ধৰ্মগুৰু হজৰত মহম্মদ সন্দৰ্ভত অপমানজনক মন্তব্য কৰাৰ পৰিপ্ৰেক্ষিতত মধ্যপ্ৰাচ্যৰ দেশত সৃষ্টি হোৱা অসন্তুষ্টি দূৰ কৰিবলৈ মঙলবাৰে জাৰ্মানীৰ পৰা উভতি আহি সংযুক্ত আৰৱ আমিৰশ্বাহীত উপস্থিত হোৱাৰ দিনাই ৰাজস্থানৰ উদয়পুৰত দুজন ইছলামধৰ্মী ব্যক্তিয়ে নূপুৰ শৰ্মাৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত পোষ্ট দিয়াৰ বাবে এজন হিন্দু ব্যৱসায়ীক শিৰশ্চেদ কৰি হত্যা কৰিছে৷ এই ঘটনাৰ ফলত উদয়পুৰত হিন্দু ব্যৱসায়ী আৰু হিন্দু ধৰ্মাৱলম্বী লোকে এফালৰ পৰা সকলো দোকান-পোহৰ বন্ধ কৰি ভয়ংকৰ প্ৰতিবাদ আৰম্ভ কৰিছে৷ প্ৰতিবাদে যাতে সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ নলয় সেয়া ৰোধ কৰিবৰ বাবে আৰক্ষী আৰু প্ৰশাসনে অহোপুৰুষাৰ্থ কৰিছে আৰু উদয়পুৰৰ ইণ্টাৰনেট সেৱা কৰ্তন কৰি দিয়া হৈছে৷ উদয়পুৰত দুজন ইছলামধৰ্মী লোকে মঙলবাৰে প্ৰকাশ্য দিবালোকত কানহায়া লাল এজন ব্যৱসায়ীক তেওঁৰ দৰ্জীৰ দোকানতে গৈ চোকা অস্ত্ৰৰে শিৰশ্চেদ কৰে৷ দিনৰ পোহৰতে সংঘটিত কৰা এই নৃশংস হত্যাকাণ্ড হত্যাকাৰী দুজনে ভিডিঅ’ কৰি সেয়া ছ’চিয়েল মিডিয়াত আপল’ড কৰে৷ আন এটা ভিডিঅ’ত তেওঁলোকে হত্যাত ব্যৱহূত দুখনকৈ চোকা অস্ত্ৰ দেখুৱাই নূপুৰ শৰ্মাৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত মন্তব্য কৰাৰ বাবেই হিন্দু ব্যৱসায়ীজনক শিৰশ্চেদ কৰা বুলি মন্তব্য কৰে৷ তদুপৰি তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সেই ভিডিঅ’ত ভাবুকি দিয়ে৷ দুই হত্যাকাৰীয়ে ১৭ জুনতে ৰেকৰ্ডিং কৰি থোৱা আন এটা ভিডিঅ’ও একেলগে মুকলি কৰি দিছে, য’ত নূপুৰ শৰ্মাক সমৰ্থন কৰা সকলোকে তেওঁলোকে শিৰশ্চেদ কৰি হত্যা কৰিব বুলি ভাবুকি দিছে৷ ইতিমধ্যে উদয়পুৰ আৰক্ষীয়ে দুই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা বুলি এটা অসমৰ্থিত সূত্ৰই প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে জনোৱামতে ব্যৱসায়ীজনৰ আঠ বছৰীয়া পুত্ৰইহে নূপুৰ শৰ্মাৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত উক্ত পোষ্টটো দিছিল৷

ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাৰ্মানীত জি-৭ বৈঠকত ভাগ লৈ মঙলবাৰে সংযুক্ত আৰৱ আমিৰশ্বাহীৰ [ইউএই] ৰাজধানী আবু ধাবিত আহি উপস্থিত হৈছে৷ বিমানবন্দৰত মোদীক ইউএইৰ ৰাষ্ট্ৰপতি তথা আবু ধাবিৰ শাসক শ্বেখ খলিফা বিন জায়েদ অল নাহয়ানে আদৰণি জনায়৷ উল্লেখ্য, যোৱা মে’ত বিন জায়েদৰ পিতৃৰ মৃত্যু হৈছিল৷ আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ৰাজনৈতিক বন্ধু ইউএইৰ প্ৰয়াত ৰাষ্ট্ৰপতিৰ মৃত্যুৰ ঘটনাত শোকাহত পুত্ৰক সাক্ষাৎ কৰিবৰ বাবেই আৰৱৰ দেশখনলৈ যোৱা বুলি কোৱা হৈছে৷ পিছে এটা কথা স্পষ্ট, বিজেপিৰ নেত্ৰী নূপুৰ শৰ্মাই যোৱা ২৬ মে’ত এটা টিভিৰ আলোচনাচক্ৰত হজৰত মহম্মদৰ প্ৰতি অপমানজনক মন্তব্য কৰাৰ ফলত আৰৱৰ সকলো দেশ ভাৰতৰ প্ৰতি অসন্তুষ্ট হৈ পৰিছিল৷ ছৌডি আৰৱ, কাটাৰ, ইউএই, ওমান, ইৰান ইত্যাদি দেশে বিজেপিৰ নেত্ৰীগৰাকীৰ মন্তব্যত অসন্তুষ্টি প্ৰকাশ কৰি নিজৰ দেশত থকা ভাৰতৰ ৰাষ্ট্ৰদূতক আনুষ্ঠানিকভাৱে তেওঁলোকৰ অসন্তুষ্টিৰ কথা জনাইছিল৷ কেইখনমান আৰৱ দেশত কেইবাজনো প্ৰভাৱশালী মুফটিয়ে ভাৰতীয় দ্ৰব্য বৰ্জনৰো আহ্বান জনাইছিল৷ উল্লেখ্য, ছৌডি আৰৱ আৰু ইউএইকে ধৰি মধ্যপ্ৰাচ্যৰ দেশৰ সৈতে ভাৰতৰ ব্যাপক বাণিজ্যিক সম্পৰ্ক আছে৷ তদুপৰি কূটনৈতিক দিশতো মোদী চৰকাৰৰ সৈতে মধ্যপ্ৰাচ্যৰ দেশকেইখনৰ অতিশয় সু-সম্পৰ্ক আছে৷ নূপুৰ শৰ্মাৰ মন্তব্যই যাতে তেওঁলোকক ক্ষুন্ন নকৰে আৰু কূটনৈতিক সম্পৰ্কত ছেদ নপৰে সেয়া নিশ্চিত কৰাৰ বাবেই প্ৰধানমন্ত্ৰী মোদীয়ে ইউএইৰ এই চমু ভ্ৰমণসূচী লোৱা বুলি চৰ্চা হৈছে৷ পিছে তেওঁ আবু ধাবিত উপস্থিত হোৱাৰ দিনাই দুই ইছলামধৰ্মী হত্যাকাৰীয়ে নূপুৰ শৰ্মাৰ সমৰ্থক এজন হিন্দু ব্যৱসায়ীক হত্যা কৰাৰ ঘটনাই এই বিষয়টো অধিক জটিল কৰি তুলিব বুলি আশংকা কৰা হৈছে৷