পঞ্জীয়নৰ দুৰ্নীতি আৰু ৰাজহুৱা শিক্ষানুষ্ঠান
ৰাজ্যৰ শিক্ষা বিভাগত কিমান নীতি-বহিৰ্ভূত কাম চলি আহিছে, সেই কথা উদঙাই দিছে সদ্যঘোষিত উচ্ছতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলে৷ বালিকা বিদ্যালয়ৰ পৰা বালকে পৰীক্ষাত উত্তীৰ্ণ হোৱা কথাই প্ৰমাণ কৰে শিক্ষা বিভাগৰ অনীতিৰ কথা৷ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানক ব্যৱহাৰ কৰি ৰাজ্যত এচামে চলাই গৈছে শিক্ষাৰ নামত বেহা৷ উচ্ছ বা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষানুষ্ঠান পাতিবলৈ যি পৰিমাণৰ ভূমি আৰু আন্তঃগাঁথনিৰ দৰকাৰ, সেই পৰিমাণৰ ভূমি আৰু আন্তঃগাঁথনি নোহোৱাকৈ কিদৰে ৰাজ্যত ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ়ি উঠি ব্যৱসায় চলাই গৈছে? শিক্ষা বিভাগৰ মন্ত্ৰী-বিষয়াই এই বিষয়ে জ্ঞাত নহয়নে? শিক্ষা বিভাগৰ অনুমতি নোহোৱাকৈ কিদৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয় কাঠফুলাৰ দৰে য’তে-ত’তে গঢ় ল’বলৈ সক্ষম হৈছে? উল্লেখ্য, এইবাৰ কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ পৰা নিখিল দাস নামৰ ছাত্ৰ এজনে উচ্ছতৰ মাধ্যমিক পৰীক্ষাৰ কলা শাখাত অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হয়৷ ছোৱালীৰ শিক্ষানুষ্ঠান ৰূপে পৰিচিত এখন বিদ্যালয়ত ল’ৰাই জানো পঢ়িব পাৰে? তেন্তে কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ পৰা কিদৰে ছাত্ৰই উত্তীৰ্ণ হ’ব পাৰিলে? উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ বিষয়ববীয়াই এই বিষয়ে মন কৰা নাছিলনে? ধৰা হ’ল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা পোৱা ধনৰ বাবেই চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকে এনে অনীতিত লিপ্ত হৈছে৷ কিন্তু প্ৰথম বাৰ্ষিকত নাম পঞ্জীয়নৰ সময়ত কিয় এই বিষয়ে শিক্ষা বিভাগৰ সংশ্লিষ্টসকলে উনুকিয়াই নিদিলে? অসমৰ এচাম চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক বা অধ্যক্ষৰ ধন ঘটাৰ লালসাৰ বাবেই আৰু বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগত হোৱা বুজাবুজিৰ বাবেই শিক্ষাৰ নামত এখন অবৈধ বজাৰ চলি থকা নাইনে?
উল্লেখ্য, উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত পঞ্জীয়নভুক্ত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আছে মুঠতে ১৪৯৭খন৷ কিন্তু ইয়াৰ উপৰি কমেও ডেৰ হাজাৰমান ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আছে, যিবোৰে আজিও শিক্ষা সংসদৰ পঞ্জীয়ন লাভ কৰা নাই৷ উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদেই এনে ১০০০ শিক্ষানুষ্ঠান চিনাক্ত কৰি সতৰ্কবাণী প্ৰেৰণ কৰি ব্যৱস্থা গ্ৰহণৰ কথা কৈছিল যদিও এতিয়াও কাঠফুলাৰ দৰে এনে শিক্ষানুষ্ঠান গঢ় লৈয়েই আছে৷ সাধাৰণতে উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত শিক্ষানুষ্ঠান এখন গঢ়ি তুলিবলৈ কমেও চাৰি বিঘা মাটি শিক্ষানুষ্ঠানৰ নামত প্ৰয়োজন৷ কিন্তু কেইটামান মাত্ৰ ভাৰা কোঠাত শিক্ষানুষ্ঠান চলাই শিক্ষাৰ্থীৰ পৰাই সংগ্ৰহ কৰা ধনেৰে পাছত ভূমি ক্ৰয় কৰা এনে শিক্ষানুষ্ঠানক নাকী লগাব কোনে?
শিক্ষা সংসদৰ পঞ্জীয়ন আৰু অনুমতি প্ৰদানৰ বাবে দুটা বিভাগ আছে৷ ইয়াৰ উপৰি পৰিদৰ্শন বিভাগ এটাও আছে৷ তেন্তে এই বিভাগকেইটাৰ জ্ঞাতসাৰেই চৰকাৰী বিদ্যালয়ৰ নাম ব্যৱহাৰ কৰি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে ব্যৱসায় কৰিবলৈ কিদৰে সুযোগ পালে? কেৱল শিক্ষাৰ্থীৰ ভৱিষ্যতৰ কথা কৈ আৱেগ সৃষ্টি কৰি এনে ব্যৱসায়ক উদ্গনি দিয়া কাৰ্য কোনো কাৰণতে যুক্তিসংগত হ’ব নোৱাৰে৷ শিক্ষামন্ত্ৰীয়ে বেয়া ফলাফলৰ বাবে বিদ্যালয় প্ৰধানক দোষী কৰাৰ দৰে দুৰ্বল ব্যৱস্থাপনা আৰু নীতি-বহিৰ্ভূত কামৰ বাবে শিক্ষামন্ত্ৰীকে দোষী সাব্যস্ত কৰিব নোৱাৰিনে? শিক্ষা বিভাগত চলি থকা এনে অসাধু পৰম্পৰা কিয় বন্ধ কৰিব পৰা নাই শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগে? ব্যক্তিগত খণ্ডত গঢ় লৈ উঠা কিন্তু ৰাজহুৱা খণ্ডৰ আন্তঃগাঁথনি-সম্পদ ব্যৱহাৰ কৰি ৰাজহুৱা খণ্ডকে ধবংস কৰা এনে শিক্ষানুষ্ঠানসমূহৰ কাৰ্য ৰোধ কোনে কৰিব?






