Logo
image

হৃদযন্ত্ৰ সুস্থ নে অসুস্থ গম পোৱাৰ সহজ উপায়

স্কুলত দুষ্টালি কৰিলে শিক্ষাৰ্থীক কাণত ধৰি এখন ভৰিৰে থিয় কৰাই শিক্ষক-শিক্ষয়িত্ৰীয়ে শাস্তি দিয়ে৷ এখন ভৰিৰে থিয় হৈ থকাটো শিশু বা কিশোৰৰ বাবে সহজ হ’লেও বয়সস্থসকলৰ বাবে কিন্তু এয়া সহজ নহয়৷ কিয়নো, সকলোৱে এখন ভৰিৰে থিয় হৈ থাকিব নোৱাৰে৷ অৱশ্যে শৰীৰ চৰ্চা কৰাসকলৰ ক্ষেত্ৰত এয়া কোনো কঠিন কাম নহয়৷ কিয়নো এখন ভৰিৰে থিয় থকাটো একধৰণৰ শৰীৰ চৰ্চাও৷ কিন্তু জানি আচৰিত হ’ব যে এখন ভৰিৰে থিয় হৈ থকাৰ জৰিয়তে আপুনি আপোনাৰ হৃদযন্ত্ৰ সুস্থ নে অসুস্থ সেয়া জানিব পাৰিব৷ আমেৰিকান হাৰ্ট এছ’চিয়েশ্বনৰ আলোচনীত প্ৰকাশ পোৱা এক সমীক্ষা অনুসৰি কমেও ২০ ছেকেণ্ড সময় এখন ভৰিৰে থিয় হৈ থাকিব পাৰিলে জানিব যে আপোনাৰ হৃদযন্ত্ৰ সম্পূৰ্ণ সুস্থ৷ উক্ত আলোচনীখনে এই সম্পৰ্কে ৮৪১ গৰাকী নাৰী আৰু ৫৪৬ জন পুৰুষক লৈ এক গৱেষণা চলায়৷ এওঁলোকৰ গড় বয়স আছিল ৬৭ বছৰ৷ তেওঁলোকক এখন ভৰি দাঙি আন এখনেৰে থিয় হৈ থকাৰ সৰ্বোচ্ছ সময় দিয়া হৈছিল ষাঠি ছেকেণ্ড৷

পৰীক্ষাত অংশগ্ৰহণকাৰীসকলৰ যিসকলে নিজৰ ভাৰসাম্যতা বজাই ৰখাত ব্যৰ্থ হৈছিল তেওঁলোকৰ প্ৰায়ভাগৰে হাৰ্ট এটেক বা ষ্ট্ৰ’ক হোৱাৰ আশংকা থকা বুলি পৰৱৰ্তী সময়ত ধৰা পৰিছে৷ সেয়ে এই ভংগীমাৰ জৰিয়তে আপুনিও আপোনাৰ হৃদযন্ত্ৰৰ সুস্থতা সম্পৰ্কে পৰীক্ষা কৰিব পাৰে৷

গৱেষণাটোৰ নেতৃত্ব প্ৰদান কৰা ইয়াছুহাৰু তাবাছাৰ মতে এখন ভৰিৰে সমস্ত শৰীৰৰ ভাৰসাম্যতা বজাই ৰখাৰ ক্ষমতা মস্তিষ্কৰ স্বাস্থ্যৰ বাবেও গুৰুত্বপূৰ্ণ পৰীক্ষা৷ তেওঁ কয়– এখন ভৰিৰে যিসকলে থিয় হৈ থকাত সমস্যাৰ সন্মুখীন হয়, তেওঁলোকৰ মস্তিষ্ক আৰু মানসিক স্বাস্থ্যৰ আশংকা বেছি৷ তদুপৰি হাৰ্ট এটেক বা ষ্ট্ৰ’কৰ আশংকাৰ বিষয়ে জানিবলৈও ঘৰতে এই পৰীক্ষা কৰিব পাৰি বুলি বিশেষজ্ঞ জনে কয়৷

এই অভ্যাস কৰিব পাৰিলে ডিমেনছিয়া প্ৰতিৰোধো হয়৷ তদুপৰি ই মানসিক ৰোগ প্ৰতিৰোধ কৰে৷

এখন ভৰিৰে থিয় হৈ থকাৰ অভ্যাসে একোজন লোকক মানসিক আৰু শাৰীৰিকভাৱেও শক্তিশালী কৰি তোলে৷ এই ভংগীমাই কান্ধ আৰু হৃদযন্ত্ৰ সুস্থ ৰখাতো সহায় কৰে৷