Logo
image

বিনাযুদ্ধে আত্মসমৰ্পণ উদ্ধৱ থাক্‌ৰেৰ

উচ্ছতম ন্যায়ালয়ে সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশ দিয়াৰ পাছতেই পদত্যাগ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ

আমাৰ অসম, ৩০ জুনঃ শিৱসেনাৰ প্ৰতিষ্ঠাতা বালাচাহেব ঠাকৰেৰ পুত্ৰ উদ্ধৱ থাকৰেই অৱশেষত অটোচালকৰ পৰা ৰাজনীতিক হোৱা আৰু তেওঁৰেই অনুগত হৈ ক্ষমতাশালী মন্ত্ৰীত পৰিণত হোৱা একনাথ সিন্দেৰ বিৰুদ্ধে বিনাযুদ্ধে পৰাজয় স্বীকাৰ কৰিলে৷ বিগত কেইদিনত বিসম্বাদী নায়ক একনাথ সিন্দেৰ সৈতে হোৱা প্ৰত্যেকখন যুদ্ধত পৰাজিত হ’ল বালাচাহেবৰ পুত্ৰ উদ্ধৱ থাকৰে৷ অৱশেষত বুধবাৰে উচ্ছতম ন্যায়ালয়ৰ দ্বিতীয়খন যুদ্ধতো একনাথ সিন্দেৰ বিৰুদ্ধে পৰাজিত হোৱাত উদ্ধৱ থাকৰেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছে৷ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগৎ সিং কোশিয়াৰীয়ে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ বিধানসভাত আস্থা ভোট আয়োজন কৰি উদ্ধৱ থাকৰেৰ চৰকাৰক সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশ দিছিল৷ ৰাজ্যপালৰ এই নিৰ্দেশৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল উদ্ধৱ থাকৰেৰ চৰকাৰ৷ পিছে উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্যকান্ত আৰু জে পি পাড়িৱালাৰ দুজনীয়া অৱসৰকালীন বিচাৰপীঠে উদ্ধৱ থাকৰেৰ আবেদন নাকচ কৰে৷ দুজনীয়া বিচাৰপীঠে কয় যে– উদ্ধৱ থাকৰেৰ চৰকাৰে সংখ্যাগৰিষ্ঠতা হেৰুওৱা বুলি উপলব্ধি কৰি ৰাজ্যপালে সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে নিৰ্দেশ দিছে৷ সেই নিৰ্দেশত কোনো ভুল নাই৷ সেয়ে ৰাজ্যপালে নিৰ্দেশ দিয়া অনুসৰি বৃহস্পতিবাৰে ১১ বজাত মহাৰাষ্ট্ৰ বিধানসভাৰ মজিয়াত উদ্ধৱ থাকৰেই তেওঁৰ চৰকাৰৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব৷  উদ্ধৱ থাকৰেৰ অধিবক্তা অভিষেক মনু সিংভিয়ে আদালতত যুক্তি দাঙি কৈছিল, বিধানসভাৰ উপাধ্যক্ষই শিৱসেনাৰ ১৬জন বিধায়কক অৰ্হতাহীন কৰাৰ বাবে যি জাননী প্ৰেৰণ কৰিছিল তাৰ মীমাংসা নোহোৱালৈকে আস্থা ভোট স্থগিত থাকক৷ যিহেতু মঙলবাৰে উচ্ছতম ন্যায়ালয়ে সেই জাননীৰ উত্তৰ অহা ১২ জুলাইত দিয়াৰ বাবে আন এটা গোচৰত নিৰ্দেশ দিছিল৷ এতিয়া আস্থা ভোট আয়োজন কৰিলে উচ্ছতম ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অকামিলা হৈ পৰিব৷ পিছে ন্যায়াধীশ সূৰ্যকান্ত আৰু জে পি পাড়িয়ালৰ বিচাৰপীঠে সেই যুক্তিক মুঠেই গুৰুত্ব নিদিলে৷ উচ্ছতম ন্যায়ালয়ে আস্থা ভোট গ্ৰহণৰ নিৰ্দেশ দিয়াৰ ঠিক পাছতে পৰাজয় নিশ্চিত জানি উদ্ধৱ থাকৰে বিনাযুদ্ধে পৰাজয় স্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰে৷ 

ইপিনে, ৩৯জন শিৱসেনা আৰু ৯ জন নিৰ্দলীয় বিধায়কক লগত লৈ বিসম্বাদী বিধায়ক একনাথ সিন্দে বুধবাৰে গুৱাহাটীৰ পৰা গৈ গোৱাত উপস্থিত হৈছে৷ বিসম্বাদী বিধায়কৰ গোটটোক যাতে উদ্ধৱ থাকৰেৰ শিবিৰে কোনো ক্ষয়-ক্ষতি কৰিব নোৱাৰে সেয়া নিশ্চিত কৰাৰ বাবেই গোৱাৰ এখন পঞ্চতাৰকা হোটেলৰ ৭১টা কোঠা বুক কৰি আজি নিশা বিসম্বাদী বিধায়কৰ দলটো তাতে থাকিবলৈ সিদ্ধান্ত লৈছে৷ বৃহস্পতিবাৰে পুৱাই এখন বিশাল চাৰ্টাৰ্ড বিমানেৰে বিধায়কৰ দলটো মুম্বাইত আহি উপস্থিত হোৱাৰ কথা৷ ইতিমধ্যে মুম্বাইৰ তাজ প্ৰেচিডেণ্ট হোটেলত বিজেপিৰ সকলো বিধায়কক একগোট কৰি ৰখা হৈছে৷ বৃহস্পতিবাৰে শিৱসেনাৰ বিসম্বাদী বিধায়কসকল পোনে পোনে তাজ প্ৰেচিডেণ্ট হোটেললৈ অহাৰ কথা৷ তেওঁলোকে তাৰ পৰাই বিজেপিৰ বিধায়কৰ দলটোৰ সৈতে মহাৰাষ্ট্ৰ বিধানসভালৈ যোৱাৰ পৰিকল্পনা কৰিছিল৷ কিন্তু উদ্ধৱ থাকৰেই পদত্যাগ কৰাৰ ফলত এতিয়া মহাৰাষ্ট্ৰ বিধানসভাত বৃহস্পতিবাৰে আস্থা ভোট হোৱাৰ কোনো সম্ভাৱনা নাই৷ সেয়ে বিসম্বাদী বিধায়কৰ দলটোৱে বিজেপিক সমৰ্থন কৰিব আৰু মুঠতে ৪৮জন বিধায়কৰ সমৰ্থন লৈ বিজেপিয়ে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিব৷

ঔৰংগাবাদ হ’ল শম্ভাজী নগৰ

পতন নিশ্চিত জানি ক্ষমতা হেৰুওৱাৰ প্ৰাকমুহূৰ্তত পুনৰ হিন্দুত্বৰ পথেৰে পদক্ষেপ আগবঢ়ালে উদ্ধৱ থাকৰেই৷ মুখ্যমন্ত্ৰী হিচাপে চলিত কাৰ্যকালৰ শেষখন কেবিনেট বৈঠকত উদ্ধৱ থাকৰেই মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ চহৰ আৰু ওছমানাবাদ চহৰৰ নাম সলনিৰ সিদ্ধান্ত ল’লে৷ উদ্ধৱ থাকৰেৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা ঔৰংগাবাদ চহৰৰ নাম শম্ভাজী নগৰ আৰু ওছমানাবাদৰ নাম ধাৰাশিৱ হ’ব৷ শিৱসেনাৰ পক্ষৰ পৰা আগতীয়াকৈ এই সন্দৰ্ভত ব্যাপক প্ৰচাৰ কৰা হয়৷ উল্লেখ্য ঔৰংগাবাদ চহৰৰ নাম দিয়া হৈছিল মোগল সম্ৰাট ঔৰংগজেবৰ স্মৃতিত৷ ’৯০ৰ দশকতে শিৱসেনাৰ মুৰব্বী বালাচাহেব থাকৰেই ঔৰংগাবাদ চহৰৰ নাম সলনি কৰাৰ দাবী জনাইছিল৷ কিন্তু বিগত আঢ়ৈ বছৰ ক্ষমতাত থকা সত্ত্বেও উদ্ধৱ থাকৰে চৰকাৰে এই সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল৷ কিন্তু দলৰ বিসম্বাদী গোটে উদ্ধৱ থাকৰে হিন্দুত্বৰ পথৰ পৰা আঁতৰি গৈ কংগ্ৰেছ আৰু এন চি পিৰ সৈতে ‘অশুভ’ জোট বন্ধা বুলি ব্যাপক প্ৰচাৰ চলোৱাত থাকৰে শিবিৰ শ’লঠেকত পৰে৷ কিয়নো উদ্ধৱ থাকৰেৰ এসময়ৰ অনুগত একনাথ সিন্দেই বিজেপিৰ প্ৰৰোচনাত বিসম্বাদ কৰিলেও তেওঁৰ শিবিৰে উদ্ধৱ থাকৰে হিন্দুত্বৰ পথৰ পৰা বিচ্যুত হোৱা বুলি কৌশলী প্ৰচাৰ চলাই শিৱসেনাৰ এটা বৃহৎ অংশৰো সমৰ্থন অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ পৰিস্থিতি বেগতিক দেখি উদ্ধৱ থাকৰেই বুধবাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰি ঔৰংগজেবৰ স্মৃতি আঁতৰাই শিৱাজীৰ পুত্ৰ শম্ভাজীৰ নামেৰে ঔৰংগাবাদ চহৰৰ নামাংকিত কৰি নিজৰ হিন্দুত্বৰ চৰিত্ৰ প্ৰতীয়মান কৰিবলৈ চেষ্টা চলাইছে৷ উল্লেখ্য, ১৭শ শতিকাত ঔৰংগজেবৰ নিৰ্দেশত শিৱাজীৰ জ্যেষ্ঠ পুত্ৰ তথা মহাৰাষ্ট্ৰৰ শাসক শম্ভাজীক হত্যা কৰা হৈছিল আৰু মোগল সম্ৰাটজনৰ নিৰ্দেশত চহৰখনৰ নাম ঔৰংগাবাদ ৰখা হৈছিল৷ আনহাতে হায়দৰাবাদৰ অন্তিমজন প্ৰশাসক মীৰ ওছমান আলী খানৰ নামত ওছমানাবাদ চহৰৰ নাম দিয়া হৈছিল৷ যোৱা আঢ়ৈ বছৰত এই সন্দৰ্ভত মন্ত্ৰীসভাৰ বৈঠকত বাৰম্বাৰ আলোচনা হ’লেও কংগ্ৰেছ আৰু এন চি পিৰ আপত্তিৰ বাবে উদ্ধৱ থাকৰেই কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিল৷ বুধবাৰে কেবিনেটত এই সিদ্ধান্ত গৃহীত হ’লেও কেবিনেট চলি থকা অৱস্থাতে কংগ্ৰেছৰ দুজন মন্ত্ৰী বৰ্ষা গাইকোৱাড় আৰু আছলাম শ্বেইখে বৈঠক ত্যাগ কৰি ওলাই যায়৷ কেবিনেটত কংগ্ৰেছে পুনে চহৰৰ নাম জিজাওনগৰ কৰাৰ দাবী উত্থাপন কৰিলেও সেই প্ৰস্তাব গৃহীত নহ’ল৷ আনহাতে, কেবিনেটত নৱী মুম্বাইত স্থাপন কৰা নতুন বিমানবন্দৰটোৰ নাম ডি বি পাটিল হিচাপে নামাংকিত কৰিবলৈ সিদ্ধান্ত লোৱা হয়৷ এই ছেটেলাইট চহৰখন নিৰ্মাণৰ পৰিকল্পনা কৰিছিল ডি বি পাটিলে৷