Logo
image

জি এছ টিৰ মাধমাৰ, সংকটত অসম

মহাসংকটৰ দিশত ভাৰতৰ অৰ্থনীতি৷ মুদ্ৰাস্ফীতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ দৈনিক টকাৰ মূল্য হ্ৰাস হৈছে৷ এনে সময়ত চৰকাৰে জনসাধাৰণক সকাহ দিয়াৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও তাৰ সম্পূৰ্ণ ওলোটা ছবি এখনহে দেখা গৈছে৷ শেহতীয়াকৈ চণ্ডীগড়ত বহা জি এছ টি পৰিষদৰ সভাত কিছুমান সামগ্ৰীত নতুনকৈ কৰ আৰোপ কৰা হৈছে আৰু কিছুমান সামগ্ৰীত কৰৰ পৰিমাণ বৃদ্ধি কৰিছে৷ নতুনকৈ কৰ আৰোপ কৰা সামগ্ৰীসমূহৰ তালিকাখনে সাধাৰণ মানুহক বাৰুকৈয়ে চিন্তাত পেলাইছে৷ কেঁচা চাহপাত, পেকেটযুক্ত স্থানীয় গাখীৰ, দৈ, লাচ্ছি, বাটাৰ, চিৰা, মুড়ি, পিঠাগুড়ি, গুড়, পাপৰ, মাখন, অৰ্গেনিক ফুড, চিকিৎসালয়ৰ কোঠাৰ ভাড়া আদিত কৰ আৰোপ কৰা হৈছে৷ আনহাতে, হোটেলৰ ভাড়া, সৌৰশক্তি চালিত পানী হিটাৰ, চামৰাৰপৰা প্ৰস্তুত কৰা সামগ্ৰীৰ জি এছ টি ১২ শতাংশ কৰা হৈছে৷ এল ই ডি বাল্ব, লেম্প, চিয়াঁহী, ছুৰী, পেঞ্চিল, ছাৰ্পনাৰৰ ব্লেড, চামুচ, চেক বুক, ই-আৱৰ্জনা, টাৰ্বাইন পাম্প, চাইকেল পাম্প, ফিক্সাৰ, স্কিমাৰ আদিত কৰ ১৮ শতাংশ কৰা হৈছে৷ এই তিনিখন তালিকাৰ ভিতৰত প্ৰথম যিখন তালিকা, সেইখনে অসমৰ কৃষিজীৱীক বাৰুকৈয়ে ক্ষতি কৰিব৷ কেঁচা চাহপাতৰ ওপৰত লগোৱা কৰৰ ফলত সাধাৰণ অৰ্থত কেৱল চাহপাতৰে যে দাম বাঢ়িব, সেইটো নহয়, চাহ খেতিয়কৰ সমস্যা বঢ়াব৷ অসমত শেহতীয়াকৈ কেঁচা চাহপাতে গ্ৰাম্য অৰ্থনীতিৰ এক শক্তিশালী ভেটি গঢ়িছিল৷ ক্ষুদ্ৰ চাহ খেতিৰ জৰিয়তে অসমৰ হাজৰ হাজাৰ খেতিয়ক পৰিয়াল স্বাৱলম্বী হৈ আছে৷ আনহাতে, এইসকল ক্ষুদ্ৰ চাহ খেতিয়ক এনেয়েও নানা সমস্যাত জৰ্জৰিত হৈ আছে৷ শ্ৰমিকৰ মজুৰিৰপৰা আৰম্ভ কৰি চৰা দামত ক’লা বজাৰৰপৰা সাৰ ক্ৰয় কৰাৰপৰা দৈনিক বৃদ্ধি পোৱা ঔষধৰ মূল্যই এইসকলৰ খৰচৰ পৰিমাণ বৃদ্ধি কৰি আছে৷ সেই অনুপাতে কেঁচা চাহপাতৰ মূল্য বৃদ্ধি নোহোৱাত প্ৰায়েই লোকচানৰ সন্মুখীন হৈ ৰাজপথত চাহপাত পেলাই দিয়াৰ দৰে ঘটনাও ঘটি আছে৷ অসমত হোৱা ভয়ংকৰ বানেও এইবাৰ চাহ খেতিয়কসকলক বাৰুকৈয়ে ক্ষতি কৰিছে৷ তেনে অৱস্থাত এতিয়া চৰকাৰে পাঁচ শতাংশ জি এছ টি আৰোপ কৰা কাৰ্য আচলতে কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে৷ ইয়াতকৈও ভয়ংকৰ কথা হৈছে, কৃষিপ্ৰধান ভাৰতত কৰ আৰোপ কৰি চৰকাৰে কি বুজাব বিচাৰিছে৷ কৰ্প’ৰেট খণ্ডক কোটি কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰা জনগণৰ ভোটেৰে নিৰ্বাচিত গণতান্ত্ৰিক চৰকাৰে কৃষকৰপৰা কিয় ৰাজহ সংগ্ৰহৰ ব্যৱস্থা কৰিছে, এয়া অবুজ সাঁথৰ হৈ পৰিছে৷  শেহতীয়াকৈ জি এছ টি পৰিষদে লোৱা সিদ্ধান্তই অসমক বাৰুকৈয়ে প্ৰভাৱিত কৰিব৷ কাৰণ অসমৰ গৃহিণীয়ে ঘৰত প্ৰস্তুত কৰা চিৰা, মুড়ি, পিঠাগুড়িৰ ওপৰতো মোদী চৰকাৰৰ শেন চকু পৰিল৷ আন কাৰণত হোৱা মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ পাছত অসমৰ আদৰৰ জলপানটোত কৰ আৰোপে ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বহন কৰিছে৷ জলপানতে নহয়, জলপানৰ বাবে অপৰিহাৰ্য গ্ৰাম্য কৃষকে ঘৰতে প্ৰস্তুত কৰা গুড়কণতো দিব লাগিব জিএছটি! গাখীৰক এক জীৱনদায়িনী পানীয় হিচাপে বিবেচনা কৰিব পাৰি৷ প্ৰসূতি মাতৃৰপৰা শিশুলৈ, বৃদ্ধৰপৰা ৰোগীলৈকে সকলোৱেই গাখীৰক মহৌষধ হিচাপে গণ্য কৰে৷ মোদী চৰকাৰে এই গাখীৰতো জিএছটি আৰোপ কৰি সাংঘাতিক অন্যায় কৰিছে৷ সেইদৰে চিকিৎসা ব্যয় দৈনিক বৃদ্ধি পোৱাৰ ফলত সাধাৰণ মানুহে উন্নত চিকিৎসা অবিহনেই মৃত্যুক সাবটি ল’ব লগা হৈছে৷ চিকিৎসালয়তো জি এছ টিৰ হাতোৰা মোদী চৰকাৰে পেলোৱাত মধ্যবিত্ত, নিম্ন মধ্যবিত্ত অধিক জুৰুলা হ’ব৷ 

বিদ্যুৎ ব্যয় সংকোচনৰ বাবে উত্তম উপায় এল ই ডি বাল্ব৷ এই বাল্বতো চৰকাৰে ১২ শতাংশ কৰ আৰোপ কৰিছে৷ অৰ্থাৎ এতিয়াৰপৰা এটা ৫০০ টকাৰ এল ই ডি বাল্বত ৬০ টকা বাঢ়িব৷  মোদী চৰকাৰ শাসনলৈ আহিছিল সামগ্ৰীৰ মূল্য হ্ৰাস কৰিম বুলি, কিন্তু জি এছ টিৰ নামত দৈনিক মানুহক হাৰাশাস্তি কৰা কাৰ্যই দেশৰ জনতাক বাৰুকৈয়ে ক্ষুব্ধ কৰিছে৷ জনসাধাৰণে চৰকাৰ এখনক শাসনত বহুৱায় জনসাধাৰণৰ সুবিধাৰ বাবে৷ কিন্তু শাসন ক্ষমতা দখলৰ পাছত পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি কেৱল শোষণ কৰা কাৰ্য কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে৷ বিৰোধীৰ দুৰ্বল স্থিতিৰ সুযোগ লৈ কেৱল কৰ সংগ্ৰহতেই যদি চৰকাৰ ব্যস্ত থাকে, তেন্তে জনসাধাৰণৰ জীৱন দুৰ্বিষহ হৈ পৰে৷ চৰকাৰে শেহতীয়া আঠ বছৰত চৰকাৰৰ উপাৰ্জনৰ সকলো উৎস বৃহৎ পুঁজিপতিক বিক্ৰী কৰি দিয়াৰ পাছত এতিয়া চৰকাৰ চলাবলৈ কেৱল জনগণৰ ওপৰত জাপি দিয়া প্ৰত্যক্ষ-পৰোক্ষ কৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে৷ যিটোৱে দেশৰ অৰ্থনীতিক ধবংসৰ মুখলৈ ঠেলি দিছে৷ জনসাধাৰণে ত্ৰাহিমধুসূদন সুঁৱৰিব লগা হৈছে৷ বিষয়বোৰ চৰকাৰে বিবেচনা নকৰিলে জনতাই বিকল্প বাছি ল’বলৈ বাধ্য হ’ব৷