Logo
image

মুখ্যমন্ত্ৰী হ’ল একনাথ সিন্দে শিৱসেনাত উলম্ব বিভাজন

নড্ডাৰ হেঁচাত মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰীৰ দায়িত্ব ল’লে ফাড়নৱিশে

অটোচালকৰ পৰা মুখ্যমন্ত্ৰীলৈ...

আমাৰ অসম, ১ জুলাইঃ মহাৰাষ্ট্ৰৰ ৰাজনীতিত মুহূৰ্তে মুহূৰ্তে হোৱা পৰিৱৰ্তনৰ পাছত অৱশেষত মুখ্যমন্ত্ৰীৰ আসনত অধীষ্ঠিত হ’ল শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দে৷ আনহাতে বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিশে উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে৷ বিগত ৮ দিন ধৰি উদ্ধৱ থাকৰে শাসনাধীন চৰকাৰখনক লৈ চলা ৰাজনৈতিক ‘নাটক’ৰ পাছত বৃহস্পতিবাৰে সন্ধিয়া ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে সিন্দেক মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী আৰু ফাড়নবিশক  উপ-মুখ্যমন্ত্ৰী ৰূপে শপত বাক্য পাঠ কৰায়৷ ইয়াৰ পূৰ্বে বুধবাৰে নিশা পূৰ্বৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই পদত্যাগ কৰাৰ পাছত মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ বিভিন্ন জল্পনা-কল্পনা চলি আছিল৷ আনকি বৃহস্পতিবাৰে বিয়লিলৈকে নতুন মুখ্যমন্ত্ৰীৰূপে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিশৰ নামটোক লৈ চৰ্চা চলিছিল৷ সংবাদ মাধ্যম আৰু ৰাজনৈতিক পৰ্যৱেক্ষক মহলেও বিজেপিৰ দেৱেন্দ্ৰ ফাড়নবিশেই মুখ্যমন্ত্ৰী হ’ব বুলি প্ৰায় নিশ্চিত আছিল৷ সেই অনুসৰি পুৱাৰে পৰা বিয়লিলৈকে মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ পদবীক লৈ সংবাদ মাধ্যমসমূহে প্ৰচাৰো চলাইছিল৷ কিন্তু একনাথ সিন্দে গোৱাৰ পৰা আহি মুম্বাইত উপস্থিত হোৱাৰ পাছত দেৱেন্দ্ৰ ফাড়নবিশৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ ইয়াৰ পাছতে দুয়ো ৰাজভৱনলৈ গৈ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়৷ কিছুসময়ৰ পাছত সিন্দে আৰু ফাড়নবিশে সংবাদ মাধ্যমৰ মুখামুখি হয়৷ ইয়াতে সকলোকে অবাক কৰি ফাড়নবিশে একনাথ সিন্দেই মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হ’ব বুলি ঘোষণা কৰাৰ লগতে তেওঁ চৰকাৰত নাথাকি বাহিৰৰ পৰা সমৰ্থন আগবঢ়াব বুলি উল্লেখ কৰে৷ লগে লগে পুনৰ পৰিৱৰ্তন ঘটে দৃশ্যপটৰ৷ এইবাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা টুইটক লৈ আৰম্ভ হয় নতুন চাঞ্চল্যৰ৷ নড্ডা আৰু শ্বাহে মহাৰাষ্ট্ৰৰ নতুন চৰকাৰখনত দেৱেন্দ্ৰ ফাড়নবিশে উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব বুলি উল্লেখ কৰে৷ ইয়াৰ কিছুসময় পাছতে সন্ধিয়া ৭-৩০ বজাত ৰাজভৱনত ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে সিন্দেক মুখ্যমন্ত্ৰী আৰু ফাড়নবিশক উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰোৱায়৷ ইপিনে উদ্ধৱ থাকৰেক ক্ষমতাচ্যুত কৰি একনাথ সিন্দেই মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ লগে লগে শিৱসেনা দলটোত আনুষ্ঠানিকভাৱে উলম্ব বিভাজন ঘটে৷ উল্লেখ্য যে শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰাৰ পাছতে শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেই বিজেপিৰ সমৰ্থনত চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ পৰে৷ বিজেপিয়ে দাবী কৰা মতে তেওঁলোকৰ পক্ষত ১৭০জন বিধায়ক আছে৷ ইয়াৰে  ৫০জন বিধায়ক শিৱসেনাৰ৷ মহাৰাষ্ট্ৰৰ ২৮৮ আসনযুক্ত বিধানসভাত ১৪৫জন বিধায়কৰ সমৰ্থন থাকিলেই যিহেতু চৰকাৰ গঠন কৰাটো সম্ভৱ তেনে ক্ষেত্ৰত সিন্দে আৰু ফাড়নবিশৰ বাবে মহাৰাষ্ট্ৰৰ চৰকাৰ গঠন কৰাটো তেনেই সহজ হৈ আছিল৷  ইয়াৰ পাছতে সন্ধিয়া নতুন মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে সিন্দে আৰু ফাড়নবিশে৷ 

অটো চালকৰ পৰা মুখ্যমন্ত্ৰীলৈ একনাথ সিন্দে

আশীৰ দশকত কলেজীয়া শিক্ষা আধাতে ত্যাগ কৰা একনাথ সিন্দেই বালাচাহেব থাকৰেৰ আহ্বান মৰ্মে ৰাজনীতিত যোগ দিছিল৷ মহাৰাষ্ট্ৰৰ ছাতাৰাৰ বাসিন্দা হ’লেও সিন্দেই নিজৰ সমষ্টিৰূপে বাচি লৈছিল শিৱসেনাৰ ঘাটি থানে সমষ্টিক৷ ১৯৯৭ চনত তেওঁ থানে পৌৰসভাৰ নিৰ্বাচনত জয়লাভ কৰে৷ ২০০৪ চনত সিন্দেই মহাৰাষ্ট্ৰ বিধানসভালৈ নিৰ্বাচিত হয়৷ ইয়াৰ পাছত ২০০৯, ২০১৪ আৰু ২০১৯ত ক্ৰমান্বয়ে নিৰ্বাচিত হৈ আহি বিজেপি- শিৱসেনা মিত্ৰজোঁট চৰকাৰৰ মন্ত্ৰিত্ব লাভ কৰে৷ ২০১৯ চনত  মহাবিকাশ আঘাড়ী চৰকাৰৰ নগৰ উন্নয়ন আৰু পৌৰ দপ্তৰৰ তেওঁ  মন্ত্ৰিত্ব লাভ কৰে৷ তদুপৰি এসময়ৰ বিধানসভাৰ বিৰোধী দলনেতাৰ দায়িত্বও চম্ভালিছিল সিন্দেই৷ সেইজন একনাথ সিন্দেই হঠাৎ মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি প্ৰথমে গুজৰাটৰ চুৰাটত বিসম্বাদীৰ ঘাটি গঢ়ি তোলে৷ ইয়াৰ এদিন পাছতে অনুগামী বিধায়কক লৈ তেওঁ উপস্থিত হয় গুৱাহাটীত৷ গুৱাহাটীৰ পৰাই মহাৰাষ্ট্ৰৰ থাকৰে চৰকাৰক সংকটলৈ ঠেলি দি সিন্দেই বুধবাৰে বিসম্বাদী বিধায়ক গোটক লৈ এইবাৰ উৰা মাৰে গোৱালৈ৷  তাৰ পাছতে আৰম্ভ হয় চৰকাৰ গঠনৰ হিচাপ-নিকাচ৷ বুধবাৰে নিশা উদ্ধৱ থাকৰেই সংখ্যাগৰিষ্ঠতা নিজৰ পক্ষত থকাৰ সম্ভাৱনা নেদেখি আস্থাভোটৰ সন্মুখীন হোৱাৰ পূৰ্বেই পৃষ্ঠভংগ দিয়ে৷ আৰু অৱশেষত বৃহস্পতিবাৰৰ দিনজোৰা ‘নাটক’ৰ অন্তত একনাথ সিন্দেই মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে৷