Logo
image

ভাৰতসহ ১১০খন দেশত ক’ভিডৰ পুনৰুত্থান

ক’ভিড নিয়ন্ত্ৰণ সহজ কথা নহয়ঃ বিশ্ব স্বাস্থ্য সংস্থা

আমাৰ অসম, ১ জুলাইঃ ক’ভিডৰ পুনৰুত্থান৷ বিশ্বজুৰি পুনৰ কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ এই পৰ্যন্ত ভাৰতকে ধৰি ১১০খন দেশত কৰ’নাই ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰা আৰম্ভ কৰিছে৷  এনে পৰিপ্ৰেক্ষিতত বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানন গেব্ৰেয়েছুছে বিশ্ববাসীক সাৱধান হ’বলৈ আহ্বান জনাইছে৷ তেওঁ কয় যে কৰ’না পৰিস্থিতিৰহে সলনি হৈছে, কিন্তু এই মহামাৰী এতিয়াও নিঃশেষ হোৱা নাই৷ কৰ’না পৰীক্ষা আৰু জিন’ম ছিকুৱেন্সি কমি অহাত কৰ’নাৰ সংক্ৰমণ সঠিক ৰূপত চিহ্নিত হোৱা নাই৷ তেওঁ পুনৰ কয়– বিএ-৪আৰু  বিএ-৫ নামৰ ভেৰিয়েণ্টৰ বাবে ১১০খন দেশত নতুনকৈ বাঢ়িছে কৰ’নাৰ সংক্ৰমণ৷ সম্প্ৰতি বিশ্বজুৰি ২০ শতাংশ সংক্ৰমণ নতুনকৈ বৃদ্ধি পাইছে৷ এনেক্ষেত্ৰত সকলো দেশতে মুঠ জনসংখ্যাৰ কমেও ৭০ শতাংশক কৰ’নাৰ প্ৰতিষেধক প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে৷ ইপিনে  ভাৰতত যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হোৱা ১৮,২১৯জন লোক ধৰা পৰিছে৷ এই সময়ছোৱাত কৰ’নাত ৩৯জনৰ মৃত্যু ঘটিছে৷ একেদৰে অসমতো শেহতীয়াকৈ  কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা আৰম্ভ হৈছে৷ বুধবাৰে অসমত কৰ’নাত আক্ৰান্ত ৭৩জন লোক ধৰা পৰিছে৷ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সূত্ৰই জনোৱা মতে সম্প্ৰতি অসমত কৰ’নাৰ পজিটিভিটীৰ হাৰ ৭.৬৫ শতাংশলৈ বৃদ্ধি পাইছে৷ ৰাজ্যখনৰ অকল কামৰূপ মহানগৰ জিলাতে বুধবাৰে কৰ’নাৰ সংক্ৰমণ ধৰা পৰে ৫৭টা৷ আনহাতে কামৰূপ গ্ৰাম্যত ৯জন আৰু গোৱালপাৰা জিলাত বুধবাৰৰ দিনটোত ২জন  কৰ’নাত আক্ৰান্ত হোৱা বুলি ধৰা পৰে৷