Logo
image

যদিহে পৃথিৱীৰ উষ্ণতা ২ ডিগ্ৰীও বাঢ়ে, আহিব বিপদ

আমাৰ অসম, ২ জুলাইঃ জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা বিশ্ববাসীলৈ অহা ভাবুকিৰ কথা এতিয়া সকলোৱে স্বীকাৰ কৰিছে৷ জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে এতিয়াই বিশ্বৰ দেশসমূহে ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে ভয়ংকৰ বিপদ নামি আহিব মানৱ জাতিৰ লগতে পৃথিৱীত থকা আন আন প্ৰাণী, উদ্ভিদলৈ৷ গতিকে জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে ২০১৫ চনত  পেৰিছ জলবায়ু চুক্তি সাক্ষৰ কৰা হৈছিল৷ পেৰিছ জলবায়ু চুক্তিয়ে গোলকীয় তাপমাত্ৰা বৃদ্ধিৰ হাৰ ১.৫ ডিগ্ৰীৰ পৰা দুই ডিগ্ৰীৰ ভিতৰত ৰাখিবলৈ লক্ষ্য বান্ধি লৈছিল৷ কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাক এই চুক্তিৰ পৰা আঁতৰাই নিয়াৰ ফলত ইয়াত মাজতে যথেষ্ট বাধা আহি পৰে৷ কিন্তু এতিয়া গৱেষকসকলে এই সকীয়নি দিছে যে যদিহে পৃথিৱীৰ তাপমাত্ৰা দুই ডিগ্ৰীও বাঢ়ে, তেন্তে ভয়ংকৰ বিপদ নামি আহিব বিশ্ববাসীলৈ৷ দক্ষিণ আফ্ৰিকাৰ কেপটাউন বিশ্ববিদ্যালয়ৰ গৱেষক জ’ৱান বেণ্টেল, এণ্ড্ৰিয়াছ এল এছ আৰু খ্ৰীষ্টোফাৰ ট্ৰিছীয়ে কৰা অধ্যয়নত এই ভয়াৱহ বিপদৰ আশংকা কৰা হৈছে৷ এতিয়াৰ তুলনাত যদি গোলকীয় তাপমাত্ৰা যদি দুই ডিগ্ৰীও বৃদ্ধি পায়, তেন্তে সাগৰীয় আৰু স্থলভাগৰ জীৱ-জন্তুৰ ওপৰত বেয়া প্ৰভাৱ পৰিব৷ হাজাৰ হাজাৰ প্ৰজাতি বিলুপ্ত হ’ব৷ যদিহে মানৱ জাতিয়ে এই দশকত গ্ৰীন হাউছ নিৰ্গমণৰ হাৰ হ্ৰাস কৰাত সক্ষম নহয়, তেন্তে সমগ্ৰ মানৱ সমাজলৈ ভয়ংকৰ বিপদ নামি আহিব৷ গৱেষকৰ অধ্যয়নত এই কথা পোহৰলৈ আহিছে যে ২০৪০-২১০০ চনৰ ভিতৰৰ ৬০ বছৰত গোলকীয় উষ্ণতা বৃদ্ধিয়ে ৩০ হাজাৰৰো অধিক জলজ আৰু স্থলজ জীৱ-উদ্ভিদলৈ সংকট কঢ়িয়াই আনিব৷