Logo
image

পুৰুষৰ সৈতে মালদ্বীপৰ বহু ডাঙৰ নেতাৰ গোপন প্ৰেম

নেতাৰ নগ্ন ভিডিঅ’ আৰু ছবি ভাইৰেল, দেশজুৰি বিতৰ্ক

আমাৰ অসম, ২ জুলাইঃ দক্ষিণ এছিয়াৰ দেশ মালদ্বীপত সমকামিতা সম্পূৰ্ণৰূপে নিষিদ্ধ৷ সমকামিতাক অপৰাধ হিচাপে গণ্য কৰি অহা হৈছে দেশখনত৷ কিন্তু সমলৈংগিক প্ৰেম নিষিদ্ধ হোৱা দেশখনৰ  বহু  ডাঙৰ নেতাই গোপনে পুৰুষৰ সৈতে প্ৰেম আৰু শাৰীৰিক সম্পৰ্ক কৰি আহিছিল৷ সম্পূৰ্ণ গোপনে চলি অহা তেওঁলোকৰ এই প্ৰেম আৰু শাৰীৰিক সম্পৰ্কৰ ভিডিঅ’ আৰু ছবি লীক্‌ হয়৷ এইবোৰ ভাইৰেল হোৱাৰ পাছতে এতিয়া দেশখনত ব্যাপক চৰ্চা অৰম্ভ হৈছে অৰু তেনে নেতা-কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে৷ মালদ্বীপ হৈছে ইছলামিক দেশ৷ গতিকে তেনে এখন দেশৰ আগশাৰীৰ নেতাই কৰা এনে আইনবিৰুদ্ধ কামৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে৷ একে সময়তে আৰক্ষীয়ে এই ভিডিঅ’ আৰু ছবি লীক কৰা লোকক বিচাৰিও অভিযান আৰম্ভ কৰিছে৷ আনকি সমলৈংগিক সম্পৰ্কৰে জড়িত নেতাসকলক ব্লেকমেইল কৰাৰ লগতে ধনদাবী কৰাৰ কথাও পোহৰলৈ আহিছে৷ আইন নামানি গোপনে এনে সম্পৰ্কত লিপ্ত হোৱা নেতাৰ বিৰুদ্ধেও তদন্ত আৰম্ভ কৰা হৈছে৷ দেশখনৰ আগশাৰীৰ নেতা আৰু তেওঁলোকৰ সম্পৰ্কীয় লোকেই সমকামী প্ৰেমৰ সম্পৰ্ক চলাই অহাটোৱে দেশখনৰ সকলোকে আচৰিত কৰি তুলিছে৷