Logo
image

নকল দৰৱ কেনেদৰে চিনিব?

আমাৰ অসম বিশেষঃ সকলোৰে ঘৰত কম-বেছি পৰিমাণে দৰৱৰ প্ৰয়োজন হয়৷ কিন্তু সাম্প্ৰতিক সময়ত দৰৱৰ ওপৰতো পৰিছে ভেজালকাৰীৰ হাতোঁৰা৷ অন্যান্য সামগ্ৰীৰ দৰে ভাৰতত ঔষধৰো ভেজাল বৃদ্ধি পাইছে৷ উল্লেখ্য যে সমাজত এনেধৰণৰ কিছুমান লোক আছে যিসকলে দৰৱৰ ওপৰত নিৰ্ভৰ কৰিয়েই বাচি আছে৷ সেয়ে দৰৱ কিনোতে সেই দৰৱ আচল নে নকল সেয়া জনাটো জৰুৰী৷ নকল দৰৱ চিনি পোৱাৰো উপায় আছে–

১] বটলত থকা দৰৱ কিনোতে ছীল হৈ থকা বটলৰ সাঁফৰখন ভালদৰে লক্ষ্য কৰিব৷ ইয়াত থকা ৰং, আকৃতি আৰু বানানসমূহত গুৰুত্ব দিব৷ 

২] টেবলেট বা কেপছুলৰ ক্ষেত্ৰত লক্ষ্য ৰাখিব যে ক’ৰবাত ভঙা আছে নেকি? তদুপৰি কেপছুলৰ ভিতৰত থকা গুড়িৰ পৰিমাণ কম নে বেছি আছে বা দৰৱৰ বৰণত কিবা পৰিৱৰ্তন আছে নেকি সেয়া মন কৰিব৷ 

৩] দৰৱ খোৱাৰ পাছত অস্বস্তি অনুভৱ হ’লে অথবা এলাৰ্জিত আক্ৰান্ত হ’লে লগে লগে চিকিৎসকৰ কাষ চাপক৷ ক্ৰয় কৰা দৰৱ চিকিৎসকক দেখুৱাবলৈ নাপাহৰিব৷