Logo
image

ভূগৰ্ভৰ পানী ব্যৱহাৰ কৰিলে চৰকাৰক দিব লাগিব ১০ হাজাৰ

জধে-মধে কৰা ব’ৰিঙক নাকী লগোৱাৰ চেষ্টা

আমাৰ অসম, ২ জুলাইঃ সাৱধান৷ আপোনাৰ ঘৰৰ দমকল বা কুৱাঁৰ পানীখিনিতো এতিয়াৰে পৰা আপোনাৰ আৰু অধিকাৰ নাথাকিব৷ আপুনি কষ্টৰে ঘটা ধনেৰে ঘৰৰ চৌহদত স্থাপন কৰা দমকলটোৰ পৰা পানী উত্তোলন কৰাৰ বাবেও কাৰ্যতঃ কেন্দ্ৰীয় চৰকাৰক দিব লাগিব কৰ৷ বেংক জমা ধন চেকযোগে উলিওৱাৰ লগতে হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি হোৱা পাছতেই জিএছটি আদায় কৰাৰ পাছত এইবাৰ ভূগৰ্ভৰ পানীৰ বাবদ কৰ সংগ্ৰহৰ পৰিকল্পনা কৰিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷ কেন্দ্ৰীয় ভূ-জল কতৃৰ্পক্ষই জাৰি কৰা জাননী অনুসৰি দমকল বা ব’ৰিং থকা ব্যক্তিসকলে এতিয়াৰ পৰা ১০ হাজাৰ টকা মাচুল দি কৰিব লাগিব পঞ্জীয়ন৷ জল শক্তি মন্ত্ৰণালয়ৰ অধীনত কেন্দ্ৰীয় ভূ-জল কতৃৰ্পক্ষৰ নিৰ্দিষ্ট ৱেবচাইট https//cgwa-noc.gov.inত ১০,০০০ টকা মাচুল দি পঞ্জীয়ন কৰিব লাগিব৷ ব্যক্তি বিশেষৰ লগতে এপাৰ্টমেণ্ট, হাউচিং ছ’চাইটি, চৰকাৰী পানী যোগান বিভাগ, ঔদ্যোগিক প্ৰতিষ্ঠান, ছুইমিং পুল, পানী ব্যৱসায় উদ্যোগেও পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰি জাননী জাৰি কৰিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে কেন্দ্ৰীয় চৰকাৰে পানীৰ নামতো কৰ সংগ্ৰহ কৰি সাধাৰণ নাগৰিকৰ লগতে ব্যৱসায়ীক কেকোঁৰা চেপা দিব বিচাৰিলেও চৰকাৰে অসমৰ বিভিন্ন চহৰত তেওঁলোকৰ আঁচনিৰ যোৱা বিগত ৪০/৪৫ বছৰে বিশুদ্ধ পানী দিব পৰা নাই৷ যাৰ ফলত বিগত দিনত সক্ষম ব্যক্তি বা ধাৰ-ঋণ কৰি নিজৰ ব’ৰিং একোটা কৰি লোৱা ব্যক্তি অনেক৷ দিল্লী আদি মহানগৰত ব্যক্তিগত পানীৰ ব’ৰিং কৰাত বাধা থাকিলেও যমুনা নৈৰ পানীৰ যোগান অতি সুন্দৰকৈ চলি আছে৷ স্বাভাৱিকতেই মাটিৰ তলৰ সম্পদৰ অধিকাৰ কেন্দ্ৰ চৰকাৰৰ হাতত থকাত পঞ্জীয়ন বাধ্যতামূলক হোৱাটো নিশ্চিত৷ গতিকে নাগৰিকে পানীৰ ব্যৱহাৰ সযতনে কৰাৰ অভ্যাস কৰিব লাগিব৷ পঞ্জীয়ন কৰাৰ পাছত পানী নিজৰ খৰচত নিষ্কাষণ কৰিলেও প্ৰতি বৰ্গ লিটাৰত চৰকাৰক বোধহয় ৬০ টকাকৈ দিব লাগিব৷ এজন মানুহে দৈনিক সৰ্বনিম্ন ১৫০ লিটাৰ খৰচ কৰিলে ১৫০*৩০=৪৫০০ লিটাৰ ১০০০=৪.৫ বৰ্গ লিটাৰ হ’ব৷ ইয়াৰ বাবদ বোধহয় দিব লাগিব প্ৰায় ২৭০ টকা৷ গতিকে পানীৰ ব্যৱহাৰত অতি সাৱধান হোৱাৰ গত্যান্ত নাই৷ এই ব্যৱস্থা সকলোতে প্ৰৱৰ্তন হ’লে চৰকাৰী বা পৌৰ কতৃৰ্পক্ষই যোগান ধৰা পানীৰ মূল্য পূৰ্বতকৈ বহুত বেছি হ’ব৷ অৱশ্যে পুখুৰীৰ পানী ব্যৱহাৰৰ কথাটোও এতিয়ালৈকে একো নজৰত পৰা নাই৷ এই লৈ প্ৰতিক্ৰিয়া সৃষ্টি হ’লেও কেন্দ্ৰীয় ভূ-জল কতৃৰ্পক্ষই জধে মধে কৰা ব’ৰিঙক নাকী লগোৱা হ’ব বুলিহে সদৰী কৰিছে৷