Logo
image

গ্ৰাম্য মহিলা, কিশোৰ আৰু শিশুৰ মাজত পুষ্টি উন্নত কৰাৰ বাবে অসমত ইউএছএআইডি বিশেষ পদক্ষেপ

আমাৰ অসম, ২ জুলাইঃ গুৱাহাটী মহানগৰীৰ হোটেল নভোটেলত অনুষ্ঠিত হয় ইউএছএআইডি বিশেষ কাৰ্যসূচী। গ্ৰাম্য মহিলা, কিশোৰ আৰু শিশুসকলৰ মাজত পুষ্টি উন্নত কৰাৰ বাবে অসমত ইউএছএআইডি এই বিশেষ পদক্ষেপ। ২০২২ চনৰ ১ জুলাইত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাই (ইউএছএআইডি) অসম ৰাজ্যত কৃষি, অৰ্থনৈতিক সুযোগ আৰু নাগৰিকৰ আহাৰ উন্নত কৰাৰ বাবে প্ৰস্তুত কৰা এক নতুন দুবছৰীয়া প্ৰকল্প আৰম্ভ কৰে। এই প্ৰকল্পটোৱে কাৰিকৰী সমৰ্থন প্ৰদান, অংশীদাৰীত্ব লাভ, ৰূপায়ণৰ লগতে উদ্ভাৱনত সহায় কৰিব আৰু জ্ঞান বিনিময়ৰ প্ৰচাৰৰ বাবে কাম কৰিব। ই হৈছে বিশ্বব্যাপী ইউএছএআইডি এডভান্সিং নিউট্ৰিচন, জেএছআই গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ইনক (জেএছআই)ৰ নেতৃত্বত সংস্থাটোৰ বহুখণ্ডীয় পুষ্টি প্ৰকল্প আৰু ভাৰত-ভিত্তিক জন স্নো ইণ্ডিয়া প্ৰাইভেট লিমিটেড (জেএছআইপিএল)কে ধৰি বিভিন্ন অংশীদাৰগোটৰ বাবে এক ক্ৰয় ব্যৱস্থা।

উক্ত অনুষ্ঠানটোত এন.এইচ.এম.-ৰ মিছন সঞ্চালক ড. এম.এছ. লক্ষ্মী প্ৰিয়াই এই অনুষ্ঠানটোক মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আৰু পুষ্টিৰ ক্ষেত্ৰত চৰকাৰৰ 'মিছন মোড'ৰ সৈতে প্ৰকল্পৰ গুৰুত্বৰ বিষয়ে মন্তব্য আগবঢ়ায়। সন্মানীয় বক্তা কৃষ্ণ বৰাহ, এছএমডি, অসম ৰাজ্যিক জীৱিকা মিছন, জিঅ'এ আৰু বিভাস মোডী, এছএমডি, পোষণ অভিযান, জিঅ'এ-য়ে অসমৰ সামগ্ৰিক পুষ্টি পৰিস্থিতি আৰু তেওঁলোকৰ নিজ নিজ বিভাগে কেনেদৰে আহাৰ আৰু পুষ্টি উন্নত কৰাৰ বাবে কাম কৰি আছে, ইউএছএআইডি এডভান্সিং নিউট্ৰিছনৰ সৈতে কাম কৰিবলৈ সমৰ্থন আগবঢ়াইছে সেই সন্দৰ্ভত মন্তব্য আগবঢ়ায়। ইউএছএআইডি ইণ্ডিয়াৰ প্ৰকল্প ব্যৱস্থাপনা বিশেষজ্ঞ (স্বাস্থ্য) ড০ ভৱিন ভাদেৰা, জেএছআইপিএলৰ পৰিচালনা সঞ্চালক ড০ সঞ্জয় কাপুৰ আৰু ৱাশ্বিংটন ডিচিৰ খাদ্য প্ৰণালীৰ ইউএছএআইডি এডভান্সিং নিউট্ৰিচন ডাইৰেক্টৰ জেনিফাৰ ক্ৰুমে ৰাজ্যখনত এক বহুখণ্ডীয় পুষ্টি-সংবেদনশীল কাৰ্যকলাপৰ তাৎক্ষণিক প্ৰয়োজনীয়তা আৰু সুযোগৰ বিষয়ে কয়, আৰু বিশ্বব্যাপী সফল হবলৈ তেওঁলোকৰ সমৰ্থন আগবঢ়ায় যাক স্থিৰতা আৰু স্কেলেবিলিটি ৰখাৰ বাবে স্থানীয় পৰিস্থিতিৰ সৈতে খাপ খুৱাব পাৰি। 

প্ৰকল্পটোৰ নেতৃত্ব দিব জন স্নো জেএছআইপিএলৰ দ্বাৰা ছেভেন চিষ্টাৰ্ছ ডেভেলপমেণ্ট এচিষ্টেন্স (চেষ্টা)ৰ অংশীদাৰীত্বত। এই প্ৰকল্পটোৱে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, স্বাস্থ্য, সমাজ কল্যাণ, মীন পালন আৰু কৃষিৰ লগতে ব্যক্তিগত খণ্ডকে ধৰি একাধিক চৰকাৰী লাইন বিভাগৰ একত্ৰীকৰণৰ জৰিয়তে পুষ্টিৰ প্ৰচেষ্টা আগবঢ়াবলৈ কাম কৰে।

উদ্যানপালন বিভাগৰ সঞ্চালক তিৰঙ্গাভাৰতীয় বৰাহ আৰু মীন পালন সঞ্চালক ড০ সঞ্জয় শৰ্মাই পুষ্টি-সংবেদনশীল কৃষিৰ সৰ্বশ্ৰেষ্ঠ পদ্ধতিসমূহক সমৰ্থন কৰাৰ বাবে মীন পালন আৰু উদ্যান শস্য একত্ৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য ৰাখে। ইউএছএআইডি এডভান্সিং নিউট্ৰিচন ইণ্ডিয়াৰ প্ৰজেক্টৰ সঞ্চালক অবিনাশ উপাধ্যায়ে এই প্ৰকল্পটো দৰ্শকসকলক বৰ্ণনা কৰে আৰু সকলো অংশীদাৰক তেওঁলোকৰ অংশগ্ৰহণ আৰু অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু উল্লেখ কৰে যে এক স্বাস্থ্যৱান, উৎপাদনশীল আৰু স্থিতিস্থাপক অসমক সমৰ্থন কৰাৰ বাবে অংশীদাৰীত্ব গুৰুত্বপূৰ্ণ হ'ব। উদ্ক্ষেপন অনুষ্ঠানটোত বিভিন্ন চৰকাৰী বিভাগ, নাগৰিক সমাজ সংগঠন, সংবাদ মাধ্যম আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।