Logo
image

কথাত কটা যায়

দেশব্যাপী বিতৰ্কৰ সৃষ্টি কৰা বিজেপিৰ নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মা গোচৰৰ ৰায়দান কৰি পহিলা জুলাইত মহামান্য উচ্ছতম ন্যায়ালয়ে ক’লে যে তেওঁ দেশত জুই জ্বলাই দিলে৷  মে’ মাহত এটা ৰাষ্ট্ৰীয় টিভি চেনেলত অনুষ্ঠিত বিতৰ্কত ভাগ লৈ নূপুৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰিছিল৷ যাৰ বাবে বিভিন্ন ৰাজ্যত তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছিল৷ প্ৰথম অৱস্থাত বিজেপি নীৰৱে আছিল যদিও পিছলৈ তেওঁক মুখপাত্ৰ পদবীৰ পৰা অব্যাহতি দিয়া হৈছিল৷ ২০২০ চনৰ পৰাই তেওঁ দলৰ ৰাষ্ট্ৰীয় মুখপাত্ৰৰ দায়িত্ব চম্ভালি আছিল৷ লণ্ডন স্কুল অৱ ইক’নমিক্সৰ নিচিনা বিখ্যাত শিক্ষানুষ্ঠান এখনৰ পৰা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আইনৰ ডিগ্ৰীধাৰী শৰ্মাৰ ইংৰাজী তথা হিন্দী ভাষাৰ সুন্দৰ দখলে হয়তো মুখপাত্ৰৰ পদবী পোৱাত তেওঁক সহায় কৰিছিল৷ অৱশ্যে, ২০১৫ চনত তেওঁ দিল্লী বিধানসভাৰ নিৰ্বাচনতো বিজেপিৰ প্ৰাৰ্থী আছিল৷ মুঠতে প্ৰায় ৩৭ বছৰীয়া, দেশ-বিদেশৰ নামী শিক্ষানুষ্ঠানৰ শিক্ষাৰে সুশিক্ষিত, দেশৰ শাসনত থকা দলৰ এগৰাকী দায়িত্বশীল ভদ্ৰ মহিলাৰ পৰা এনে দায়িত্বজ্ঞানহীন বক্তব্য কোনেও আশা নকৰে, যাৰ বাবে দল, চৰকাৰ তথা সমগ্ৰ দেশেই লজ্জানত হ’বলগীয়া হয়৷ তেওঁৰ সেই এষাৰি কথাই দেশৰ বিভিন্ন ঠাইত ধুমুহাৰ সৃষ্টি কৰাৰ লগতে উদয়পুৰ কাণ্ড সংঘটিত কৰালে৷ নূপুৰ শৰ্মাক সমৰ্থন দিবলৈ গৈ কানহায়ালাল নামৰ দৰ্জীজনে প্ৰাণ হেৰুৱালে দুই প্ৰতিবাদকাৰী নামধাৰী হত্যাকাৰীৰ হাতত৷ নিথৰুৱা হ’ল এটি পৰিয়াল৷ আৰব এমিৰেটছ, কুৱেইট, ইৰান, কাটাৰ আদিকে ধৰি পশ্চিম এছিয়াৰ দেশে ভাৰতৰ পৰা সদুত্তৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিলে৷ ইখনৰ পৰা সিখন আদালতত গোচৰ ৰুজু হ’ল, বিৰোধীয়ে প্ৰশ্নবাণেৰে শাসকীয় দলক থকা-সৰকা কৰিলে৷ ছ’চিয়েল মিডিয়াত অযথা তৰ্ক-বিতৰ্ক চলিল, ঘৃণাৰ পৰিসৰ বাঢ়িল৷ দেশৰ আদালতত হাজাৰ হাজাৰ গোচৰ নিষ্পত্তি নোহোৱাকৈ পৰি আছে, অথচ এনেবোৰ নিৰৰ্থক, নঞাৰ্থক কথাৰ বাবে মহামান্য উচ্ছতম ন্যায়ালয়েও সময়-সম্পদৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে৷ আজি নূপুৰ শৰ্মাৰ এষাৰি কথাই দেশৰ নিৰাপত্তাপৰ্যন্ত স্পৰ্শ কৰিছেগৈ৷ উচ্ছতম ন্যায়ালয়ে তেওঁক দেশৰ ওচৰত মুকলিকৈ ক্ষমা খোজাৰ নিৰ্দেশ দিছে৷ নূপুৰ শৰ্মাৰ নিজৰো ক্ষতি হোৱা নাইনে? নিজৰ ৰাজনৈতিক কেৰিয়াৰত চেকা লগাৰ উপৰি তেওঁৰ জীৱনলৈ ভাবুকি আহিছে; আনকি, পৰিয়াললৈ ভাবুকি অহাৰ অভিযোগ তেওঁ নিজেই কৰিছে৷ কিন্তু, এই পৰিণতিৰ আৰম্ভণি কোনে কৰিছিল? পিছে, নূপুৰ শৰ্মাই একমাত্ৰ নহয়, যিয়ে এনেধৰণৰ বক্তব্য ৰাখি দেশত অপ্ৰয়োজনীয় হুলস্থূলৰ সৃষ্টি কৰিছে৷ গণতন্ত্ৰত বাক্‌ স্বাধীনতাৰ দোহাই দি দেশৰ শান্তি ভংগ কৰা লোকৰ অভাৱ নাই৷ ৰাজনৈতিক ক্ষেত্ৰখনত এনে বক্তব্য আৰু বিতৰ্ক ক্ৰমশঃ বাঢ়ি যাবলৈ ধৰিছে৷ সৰ্বসাধাৰণ, মিডিয়া, পুলিচ, প্ৰশাসন, ন্যায়পালিকা সকলো এনে অলাগতিয়াল কথা-কাণ্ডত উবুৰি খাই পৰিবলগীয়া হয়, যাৰ বাবে দেশৰ বিভিন্ন স্তৰৰ লোকৰ অপূৰণীয় ক্ষতি হয়৷ ৰাজনৈতিক দলসমূহৰ ক্ষমতা লাভৰ কছৰৎ আৰু ক্ষমতাৰ ৰাগীয়েই এনেবোৰ কাণ্ডৰ আঁৰৰ মূল কাৰক৷ আমাৰ ৰাজ্যখনতো চালে-বেৰে কোবাই কথা কোৱা নেতা, স্তাৱক আৰু দালালৰ সংখ্যা কম নহয়৷ নিজৰ পদ-মৰ্যাদা পাহৰি, নিজৰ বিবেক-বুদ্ধিক অন্ধ-বোবা সজাই ৰাজনৈতিক অভীষ্ট সিদ্ধৰ উদ্দেশ্যেৰে চাঞ্চল্য সৃষ্টি কৰি কথা কোৱাসকলেও নূপুৰ শৰ্মাৰ কথাষাৰ মনত ৰখা ভাল হ’ব৷