তন্দুৰী চাহ কিমান স্বাস্থ্যসন্মত?
সম্প্ৰতি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো কিছু কিছু ঠাইত জনপ্ৰিয়তাৰ শীৰ্ষত থকা এক বিশেষ ধৰণৰ চাহ হ’ল তন্দুৰী চাহ৷ এই চাহৰ প্ৰস্তুতি প্ৰক্ৰিয়া আৰু সোৱাদ অনন্য৷ পিছে বৰ বেছি দিনৰ কথা নহয়৷ মহাৰাষ্ট্ৰৰ পুণেত পোনপ্ৰথমে এই চাহৰ প্ৰচলন আৰম্ভ কৰিছিল অমল দিলীপ ৰাজদেও আৰু প্ৰমোদ বন্ধকাৰ নামৰ দুজন বিজ্ঞানৰ স্নাতকে৷
এই চাহৰ প্ৰস্তুতি প্ৰক্ৰিয়াটোও জটিল নহয়৷ মাটিৰে নিৰ্মিত পাত্ৰটো অলপ সময় জুইত পুৰি লৈ তাত আধা সিজোৱা গাখীৰ চাহখিনি ঢালি দিয়া হয় যাতে তন্দুৰত দিয়া পাত্ৰটোত বুৰবুৰণি আহে আৰু তাৰ পাছত সেই চাহ আন এটা মাটিৰ পাত্ৰলৈ যাবলৈ দিয়া হয় আৰু তেতিয়া খাওতাজনে মাটিৰ গোন্ধৰ সৈতে অনন্য সোৱাদ অনুভৱ কৰে৷ কিন্তু প্ৰশ্ন হ’ল এই চাহ স্বাস্থ্যসন্মত নে?
মই কওঁ অনন্য সোৱাদৰ লগতে এই চাহ আমাৰ বাবে স্বাস্থ্যসন্মত৷ বহু স্বাস্থ্যসন্মত উপাদান পোৱাৰ সম্ভাৱনা থাকে এই চাহত, কাৰণ–
[১] তন্দুৰত মাটিৰ পাত্ৰটো গৰম কৰোতে পাত্ৰটো বেক্টেৰিয়া আৰু ভাইৰাছ মুক্ত হোৱাৰ উপৰিও পাত্ৰটো ডিহাইড্ৰেট হয়, অৰ্থৎ জলীয় বাষ্পৰ পৰিমাণ হ্ৰাস পায়৷
[২] যেতিয়া আধা সিজা চাহখিনি তাত ঢালি দিয়া হয় তেতিয়া গৰম অৱস্থাতে পুনৰ হ্ৰাইড্ৰেট হোৱাৰ ফলত বুৰবুৰণি উঠে আৰু সেই সময়তে দুটা বিশেষ কাম সম্পন্ন হয়– এটা হ’ল ph balance আৰু আনটো হ’ল খনিজ পদাৰ্থৰ বৃদ্ধি৷
[৩] মাটিৰ পাত্ৰটো alkaline, ph ৰ পৰিমাণ ৭ তকৈ বেছি, কিন্তু চাহখিনি acidic, ph ৰ পৰিমাণ ৪-৫ ৰ ভিতৰত৷ যেতিয়া পাত্ৰটো গৰমে গৰমে বুৰবুৰণি উঠে তেতিয়া সেই চাহৰ ph ৰ পৰিমাণ বৃদ্ধি হৈ ৬-৭ হোৱাটো স্বাভাৱিক৷ গতিকে সেই চাহৰ সোৱাদ বেলেগ হোৱাৰ লগতে স্বাস্থ্যসন্মতো হ’ব৷ কাৰণ আমাৰ পাকস্থলীৰ ভিতৰখন এচিডিক৷ দ্বিতীয়তে মাটিৰ পাত্ৰটোত গৰম পনীয়া দ্ৰব্য ৰাখিলে পাত্ৰটোৰ পৰা আইৰণ, কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰ আদি খনিজ পদাৰ্থ চাহখিনিৰ লগত মিহলি হোৱাটো স্বাভাৱিক, যিবোৰ পদাৰ্থ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, গতিকে এনেকৈ প্ৰস্তুত কৰা চাহৰ মজাই বেলেগ৷
ফোন নংঃ ৯৪৩৫২-৮৪১০১






