Logo
image

পুৱা কুহুমীয়া পানীত মৌ-নেমুৰস মিহলাই খাওক

আমাৰ অসম বিশেষঃ চৰ্দি - কাহৰ বতৰ বুলি সততে কোৱা শীতক আদৰিবলৈ আপুনি বাৰু উদ্বিগ্ন হৈছে নেকি ? শীতৰ বতৰত কাহ-চৰ্দিৰ ফলত আপুনি বিৰক্ত হৈ পৰিছে নেকি ? যদি সেয়া হয় তেনেহলে আপোনালোকৰ আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই ৷ কিয়নো দেশৰ বিশেষজ্ঞ-চিকিৎসকে এই সমস্যাৰ পৰা উপশম লাভ কৰাৰ বাবে আগবঢ়াইছে কেতবোৰ পৰামৰ্শ ৷ তেওঁলোকে শীতৰ বতৰত চৰ্দি- কাহে যাতে আপোনাৰ শৰীৰটোক আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে খাদ্যৰ তালিকাত কিছু প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগ কৰাৰ পৰামৰ্শ আগবঢ়াইছে ৷ তেওঁলোকে এই বতৰত নিতৌ আদা, মৌ, নহৰু, কল , ওট্‌স , চিকেন চুপ, আৰু দৈ খোৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছে ৷ যাৰ পৰা আপোনাৰ শৰীৰে পাব প্ৰয়োজনীয় ভিটামিন, খনিজ পদাৰ্থ,  প্ৰটিন আৰু ফাইবাৰ ৷ যি আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব ৷ আদাক এন্টিমাইক্ৰ’বিয়েল তথা কেন্সাৰৰ প্ৰতিৰোধক হিচাপে জনা যায় ৷ আদাত আছে এন্টিঅক্সিডেন্ট। আদা  ই ৰোগৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে ৷ নিতৌ আদা গ্ৰহন কৰিলে শৰীৰে উপকাৰ লাভ কৰে ৷ তেনেদৰে মৌৱে শৰীৰক হাইড্ৰেট কৰে ৷ পুৱা কুহুমীয়া গৰম পানীত মৌ আৰু নেমুৰ ৰস সেৱন কৰা উচিত ৷সেই দৰে নহৰু এন্টিভাইৰেল,এন্টি ফাংগল আৰু এন্টিবেক্টেৰিয়েল বৈশিষ্ট্যৰে ভৰপূৰ ৷ চৰ্দি কাঁহৰ পৰাও মুক্তি দিয়ে নহৰুৱে ৷ চিকেন চুপ মুখৰোচক খাদ্য ৷ ই সহজে হজম হোৱাৰ লগতে দেহত প্ৰয়োজনীয় খনিজ পদাৰ্থ , ভিটামিন, প্ৰটিন আৰু কেলৰিৰ যোগান ধৰে ৷ তেনেদৰে দৈ’ত কেলছিয়াম , ভিটামিন , প্ৰটিন ইত্যাদি উপাদান থাকে ৷ অৱশ্যে যিসকলৰ শীতকালত দৈ খালে সমস্যা হয় সেইসকলে ইয়াৰ পৰা দূৰত থকাৰ পৰামৰ্শ দিছে ৷ তদুপৰি ওট্‌স’ত ফাইবাৰ, জিংক আছে যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ কল হৈছে আন এক খাদ্য যি হজম শক্তি বৃদ্ধি কৰে আৰু শীতৰ সৈতে যুঁজিবলৈ শৰীৰক প্ৰয়োজনীয় পুষ্টি আৰু কেলৰি যোগান ধৰে ৷