Logo
image

ৰুষ্ট প্ৰকৃতিয়ে ধবংসযজ্ঞৰে উত্তৰ দিয়া আৰম্ভ কৰিছে

ৰুষ্ট প্ৰকৃতিয়ে এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বৰষুণৰ ঢলে বৰাক উপত্যকাৰ ডিমা হাচাও জিলাক বিধবস্ত কৰাৰ পাছত আৰম্ভ হ’ল কাহানিও নোহোৱা দীঘলীয়া অভূতপূৰ্ব বান৷ এই বানে বিশেষকৈ নামনি অসম, মধ্য অসম, বৰাক উপত্যকাৰ কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত তাণ্ডৱ সৃষ্টি কৰিছে৷ উজনি অসমৰ বান অধ্যুষিত জিলাসমূহত এই পৰ্যন্ত বানৰ প্ৰকোপ বিশেষ বৃদ্ধি পোৱা নাই যদিও প্ৰকৃতিয়ে কোন সময়ত কি ৰূপ ধৰে তাক অনুমান কৰাটো সহজ নহয়৷ ডিমা হাচাও জিলাৰ হঠাৎ অহা প্ৰবল বৰষুণৰ ঢলে ৰে’লপথসমূহ ক্ষন্তকতে নিশ্চিহ্ন কৰাতকৈ অধিক চিন্তনীয় ঘটনা ঘটিল মণিপুৰ ইম্ফল-জিৰিমান সংযোগী নিমীৰ্য়মান ৰে’ল প্ৰকল্পস্থলীত৷ অবিশ্বাস্য ভূমিস্খলনৰ ফলত মণিপুৰৰ এই প্ৰকল্পস্থলীত শ্ৰমিক, অভিযন্তা, সেনা-জোৱানকে ধৰি শতাধিক লোকৰ ইতিমধ্যে মৃত্যু হৈছে৷ দেশৰ ৰে’ল মানচিত্ৰত মণিপুৰক সংযুক্ত কৰাৰ উদ্দেশ্যে ১১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথ নিৰ্মাণৰ কাম-কাজ পূৰ্ণগতিত চলি থকাৰ সময়ত ভূমিস্খলনে সকলোবোৰ তচনচ কৰাৰ পাছত স্বাভাৱিকতে এক প্ৰশ্নৰ উদয় হৈছে– প্ৰকৃতিক তুষ্ট কৰাৰ পৰিৱৰ্তে গছ-গছনিৰ অবাধ ধবংসৰে পাহাৰৰ স্থিতি দুৰ্বল কৰাৰ বাবে ৰুষ্ট প্ৰকৃতিয়ে এক উত্তৰ দিলে৷ কোৱা বাহুল্য, প্ৰকৃতিৰ এই উত্তৰে থানবান কৰিলে বহু পৰিয়ালৰ সপোন! দেশ ৰক্ষাৰ্থে নিয়োজিত জোৱান, পেটৰ তাড়নাত কৰ্মসংস্থান বিচাৰি অসমকে ধৰি উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ শ্ৰমিক, ৰে’ল-প্ৰকল্পত নিয়োজিত অভিযন্তা, বিষয়া ইত্যাদি বহুলোকে এই ভূমিস্খলনত অতি শোকাবহভাৱে মৃত্যুক সাৱটি ল’লে৷ ডিমা হাচাও, মণিপুৰ, অসমৰ বিভিন্ন প্ৰান্তত ঘটা কাহানিও নোহোৱা-নোপোজা বান আদি ঘটনাসমূহে চৰকাৰ, ৰাইজ, প্ৰশাসক-গোষ্ঠী সকলোলৈকে বহু বাৰ্তা প্ৰেৰণ কৰিছে৷ ডিমা হাচাওৰ বৰ্তমানৰ ৰে’লপথসমূহ প্ৰকৃতিক ধবংস কৰি নিৰ্মাণ কৰাৰ আগলৈকে ঠিকেই চলিছিল৷ পূৰ্বে নিৰ্মিত ৰে’লপথে ইতিমধ্যে এশবছৰ অতিক্ৰম কৰিছিল৷ ইফালে মণিপুৰত পূৰ্বতে প্ৰকৃতিয়ে এনে ধবংসযজ্ঞৰ সৃষ্টি কৰি সকলো তচনচ কৰাৰ নজিৰ নাছিল৷ মধ্য অসম, নামনি অসম, বৰাক উপত্যকাৰ জিলাসমূহত অবিশ্বাস্য বানে নগৰ-চহৰ সকলোবোৰত দুৰ্যোগ সৃষ্টি কৰাৰ এই উদাহৰণ আগতে বৰ নাছিল৷ কিন্তু এতিয়া সকলোবোৰ চকুৰ আগতে ঘটিবলৈ আৰম্ভ কৰিছে৷ সাধাৰণতে বিপদ হ’লে ‘জোৰ পুৰি হাত পালেহি’ বুলি উদাহৰণ দিয়া হয় যদিও এতিয়া বিপন্ন পৰিস্থিতিয়ে এনে ভাৱৰ উদ্ৰেক কৰিছে যে প্ৰকৃততে বিপদ জোৰ পুৰি হাত পাই মূৰত স্পৰ্শ কৰিছে৷ পৰ্বত-পাহাৰ, নদ-নদীৰে আবৃত এটা বৃহৎ এলেকাত ৰে’ললাইন নিৰ্মাণ কৰাৰ পূৰ্বে হয়তো প্ৰস্তুত কৰা ডিটেইল প্ৰজেক্ট ৰিপ’ৰ্টত মণিপুৰ আৰু তাৰ সংলগ্ন এলেকাৰ শৈলসমষ্টি, শিলৰ প্ৰকাৰ, ভূ-তাত্ত্বিক গাঁথনি, গছ-গছনি, উদ্ভিদ, মাটি, বৰষুণৰ পৰিমাণ আদিৰ বিষয়ে বিস্তৃতভাৱে অধ্যয়ন কৰি এইবোৰৰ ব্যাপক ধবংসই প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনা সৃষ্টিৰ কথা অন্তৰ্ভুক্ত হৈছিল নে? অনাবিল সৌন্দৰ্যৰ আকৰ স্বৰূপ ডিমা হাচাও জিলাত পাহাৰ কাটি নিৰ্মাণ কৰা সুৰংগবোৰ কিমান সুৰক্ষিত বা পূৰ্বৰ মিটাৰগজৰ স্থানত ব্ৰডগজ নিৰ্মাণ কৰাৰ ফলত প্ৰকৃতিৰ যি অৱক্ষয় হৈছিল তাৰ প্ৰভাৱে কি অমানিশা, বিপদ কঢ়িয়াব সেই সম্পৰ্কে বিজ্ঞানসন্মত বিশ্লেষণ হৈছিল নে সেয়া সন্দেহৰ বিষয়৷ ভাৰতৰ সহযোগেৰে ভূটান চৰকাৰে এটাৰ পিাছত এটাকৈ নদীবান্ধ নিৰ্মাণ কৰি আছে৷ চীনে ব্ৰহ্মপুত্ৰক ভেটা দি বান্ধ নিৰ্মাণ কৰি থকাৰ সময়ত ভাৰতে ভূটানকে সাৰথি কৰি লৈছে যদিও কুৰিশ্বকে ধৰি আন বান্ধবোৰৰ পানী যে অসমৰ বাবে এদিন ভয়ংকৰ বিপদৰ কাৰণ হ’ব সেই কথা আমাৰ মন্ত্ৰী-নেতাসকলে, বিশেষজ্ঞসকলে কিয় চিন্তা কৰা নাই সেয়া এক চৰম উদ্বেগৰ বিষয়৷ উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীৰ কৃত্ৰিম বানক লৈ দশক দশক জুৰি দৃশ্য-শ্ৰব্য সংবাদ মাধ্যমে প্ৰচাৰ কৰি আহিছে কিন্তু ইয়াৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে কেইটা ফলপ্ৰসূ ব্যৱস্থা লোৱা হ’ল সেয়া সকলোৰে জ্ঞাত৷ বৰঞ্চ উক্ত সময়ছোৱাত গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী বহু জলাশয়, খাল-বিলত অধিক বেদখল হ’ল, কংক্ৰিটৰ ঘৰ নিৰ্মাণ হ’ল– অৰ্থাৎ বৰষুণৰ পানী, বানৰ পানী ধৰি ৰখা জলাশয়সমূহ আৰু বহু হ্ৰাস পাই পৰিস্থিতিক অধিক জটিল কৰি তুলিলে৷ কৃত্ৰিম বানৰ লগতে ভয়ংকৰ ভূমিস্খলনো এতিয়া গুৱাহাটীকে ধৰি ৰাজ্যৰ বহুস্থানত বৃদ্ধি পাইছে৷ ব্ৰহ্মপুত্ৰৰ লগতে প্ৰায়বোৰ নৈ-উপনৈৰ বুকু বাম হৈ আহিছে, প্ৰদূষিত হৈছে৷ ভূ-গৰ্ভৰ জলস্তৰৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে এতিয়া সৰ্বত্ৰ পানীৰ নাটনি ঘটিছে৷ অৱশ্যে এইবোৰৰ বাবে কেৱল চৰকাৰ-প্ৰশাসনেই নহয় জনতা-জনাৰ্দনো কম দোষী নহয়৷ প্ৰকৃতিক আমি সকলোৱে মিলি ৰুষ্ট কৰিছোঁ৷ ৰুষ্ট প্ৰকৃতিয়েও উত্তৰ দিবলৈ আৰম্ভ কৰিছে৷