Logo
image

মোবাইল আসক্ত বিশ্বক লৈ খেদ উদ্ভাৱক মাৰ্টিন কুপাৰৰ

‘ফোন আঁতৰাই থওক

জীৱন উপভোগ কৰক’

আমাৰ অসম, ৫ জুলাইঃ ডেৰ দুই দশকমানৰ পূৰ্বে ৰাষ্ট্ৰীয় টেলিভিছনত বিজয় ৰাজ নামৰ এজন চৰিত্ৰভিনেতাৰ এটা বিজ্ঞাপনে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছিল৷ বিজ্ঞাপনটোত বিজয় ৰাজে চেলুনত দাঢ়ি কাটি আছিল৷ হঠাতে তেওঁৰ হাতত থকা মোবাইল ফোনটোলৈ এটা ফোন আহিল৷ তেওঁ মোবাইল ফোনটো ধৰিলে আৰু ক’লে– বাদ মে ফোন কৰো, মে মিটিং মে হুঁ৷ পাছত ফোন কৰিবা, মই মিটিঙত আছো৷ সামান্য এই বিজ্ঞাপনটোৱে বহু সচেতন লোকৰ মনত ৰেখাপাত কৰিছিল৷ মানে, ভাল-বেয়া বহু দোষ-গুণৰ উপৰি মোবাইল ফোনটো হাতত থাকিলে আয়াসতে নিজৰ অৱস্থিতিক লৈ ফাঁকি দিব পাৰি, যিটো কাম লেণ্ড লাইনত নিজেই ফোন ধৰি কৰাটো সম্ভৱ নহয়, যদিহে ফোন ধৰোতা বিভিন্ন উচ্ছাৰণেৰে নিজৰ মাত সলনি কৰিব পৰা দক্ষতাৰ অধিকাৰী নহয়৷ সেই এটা সৰু বিজ্ঞাপনে অনেক সচেতন লোককে মোবাইল ফোনৰ প্ৰতি বীতশ্ৰদ্ধ কৰি তুলিছিল, মোবাইলৰ আন উপকাৰিতা-অপকাৰিতাৰ কথা বাদ দিয়ো৷ অৱশ্যে সেই অসন্তুষ্টিয়ে মবাইল ফোনৰ প্ৰচাৰ, প্ৰসাৰ আৰু ক্ৰমবিবৰ্তনক ৰোধ কৰিব পৰা নাছিল আৰু তাৰ ফলতে এতিয়াৰ প্ৰজন্মৰ বাবে মোবাইল ফোন জীৱনযাত্ৰাৰ অপৰিহাৰ্য অংগ হৈ পৰিছে৷ এয়া অনস্বীকাৰ্য যে, মোবাইল ফোন অবিহনে এতিয়া কোনো কামেই সম্ভৱ নহয়৷ 

সেই সত্য স্বীকাৰ কৰিও মোবাইল ফোনৰ উদ্ভাৱক মাটিন কুপাৰে কৈছে, মোবাইল ফোনৰ প্ৰতি আকৰ্ষণ আৰু তাৰ প্ৰয়োজনীয়তা এটা কথা আৰু মোবাইল ফোনৰ প্ৰতি আসক্তি ভিন্ন কথা৷ মোবাইল ফোনৰ প্ৰতি আসক্তিয়েই এতিয়া মানৱজাতিৰ বাবে অভিশাপ হৈ পৰিছে বুলি মন্তব্য কৰিছে বিগত শতাব্দীৰ এই চমৎকাৰ সামগ্ৰীৰ আবিষ্কাৰকে৷ উল্লেখ্য, বিগত শতাব্দীৰ ‘৭০ৰ দশকত মাটিন কুপাৰে মোবাইল ফোন আৱিষ্কাৰ কৰিছিল, যিটো অত্যাশ্চৰ্য সামগ্ৰীক প্ৰথমৱস্থাত ৱায়াৰলেছ ফোন বুলি অভিহিত কৰা হৈছিল৷ ‘৭০ৰ দশকত ‘মট’ৰলা ডাইমাটেক ৮০০০এক্স’ নামৰ মোবাইল ফোনটোৰে মাৰ্টিন কুপাৰে এই যাত্ৰা আৰম্ভ কৰিছিল আৰু বহু বিবৰ্তনৰ অন্তত এতিয়া সেই মোবাইল ফোনে যিটো ৰূপ লৈছে, তাৰ নাম সকলোৱেই জানে– স্মাৰ্ট ফোন আৰু তাৰ  দ্বাৰা এতিয়া মানৱ জাতিৰ জীৱন আৰু জীবিকাৰ গৰিষ্ঠ অংশ সংস্পৃষ্ট৷ মোবাইল ফোনৰ স্ৰষ্টা স্বয়ং মাৰ্টিন কুপাৰে নিজে দিনটোৰ মাথোঁ ৫ শতাংশ সময়হে মোবাইল ব্যৱহাৰ কৰে৷ ২৪ঘণ্টাৰ হিচাপত সেই সময় ১ ঘণ্টা ২০ মিনিট৷ উল্লেখ্য, আমেৰিকাৰ চিকাগোৰ বাসিন্দা মাৰ্টিন কুপাৰৰ বয়স এতিয়া ৯৩ বছৰ৷ মাৰ্টিন কুপাৰৰ মতে জীৱনটোক উপভোগ কৰিবলৈ হ’লে মানুহে মোবাইল ফোনৰ ব্যৱহাৰৰ সময় হ্ৰাস কৰিব লাগিব৷ অন্যথা, একাধিক কাৰকে তেওঁৰ জীৱন দুৰ্বিসহ কৰি তুলিব৷ মাটিন কুপাৰে সম্প্ৰতি ব্ৰিটিছ সংবাদ সংস্থা বিবিচি-ক দিয়া এটা সাক্ষাতকাৰত দিনটোৰ ৫ শতাংশ সময়ৰ অধিক মোবাইল ফোন ব্যৱহাৰ কৰা সকলৰ প্ৰতি তীব্ৰ বংগৰে কয়–‘জীৱনটোক উপভোগ কৰিবলৈ শিকক৷ তাৰ বাবে মোবাইলৰ ব্যৱহাৰ কম কৰক৷’ ১৯৭০ চনত ৩ এপ্ৰিলত মোবাইল আৱিষ্কাৰৰ দিনটোৰ কথা স্মৰণ কৰি তেওঁ কয় –‘ফোনটো আঢ়ৈ পাউণ্ড ওজনৰ আছিল আৰু দৈৰ্ঘ্য আছিল ১০ ইন্সি৷ সেই ফোনটো সম্পূৰ্ণ চাৰ্জ দিবলৈ ১০ঘণ্টা লাগিছিল আৰু তাৰে ২৫ মিনিট কথা পাতিব  পৰা গৈছিল৷’ মাৰ্টিন কুপাৰৰ মত, প্ৰাথমিকভাৱে মোবাইল ফোনটো ঘৰ বা কাৰ্যালয়ৰ বাহিৰত থকা অৱস্থাতো কোনো ব্যক্তিৰ সৈতে জৰুৰী বাৰ্তালাপ আৰু যোগাযোগ স্থাপন কৰাই মূল লক্ষ্য আছিল৷ এতিয়া মোবাইল ফোনত সেই প্ৰাথমিকতাৰ গুৰুত্ব লোপ পাইছে আৰু তাৰ জৰিয়তে অন্যান্য কাম সম্পাদন কৰাৰ গুৰুত্ব বৃদ্ধি পাইছে৷ ই পৃথিৱীখনক দ্ৰুতবেগী কৰি তুলিছে আৰু মানৱ জীৱনক হ্ৰস্বকালীন কৰি তোলাৰ দিশে ধাৱমান হৈছে৷