Logo
image

স্মৃতিশক্তি বৃদ্ধিৰ বাবে এইবোৰ খাওক

স্মৃতি বিভ্ৰাটৰ ফলত অনেক সমস্যাৰ সন্মুখীন হ’ব লগাত পৰে৷ দৈনন্দিনৰ কাম-কাজত ই সাংঘাতিক বাধাৰ সৃষ্টি কৰে৷ ব্যস্ততাপূৰ্ণ আধুনিক জীৱনত স্মৃতিশক্তি হ্ৰাস পোৱাটো আজিকালি সাধাৰণ কথাত পৰিণত হৈছে৷ স্মৃতিশক্তি বৃদ্ধিৰ বাবে খাদ্য তালিকাত পুষ্টিগুণসমৃদ্ধ এইকেইটা ফল অন্তৰ্ভুক্ত কৰিলে ভাল ফল পাব পাৰি৷ 

১] ব্লু-বেৰিঃ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ব্লু-বেৰিৰ দৰে  দ্বিতীয়বিধ ফল নাই বুলিলেও হয়৷ এই ফলত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু এণ্টি অক্সিডেণ্ট থাকে৷ ব্লু-বেৰি নিয়মীয়াকৈ খালে মগজু সবল হৈ থকাৰ লগতে স্মৃতিশক্তি বৃদ্ধিত সহায় কৰে৷

২] কোমৰাৰ বীজঃ কোমৰাৰ বীজত প্ৰচুৰ পৰিমাণে ফাইবাৰ আৰু প্ৰোটিন থাকে৷ কোমৰাৰ বীজ শুকান অৱস্থাত বা তৰকাৰীত দি খালে যথেষ্ট ভাল ফল পোৱা যায়৷ কোমৰাৰ বীজ খোৱাৰ ফলত মানসিক চাপৰ পৰা মুক্ত হ’ব পাৰি৷ 

৩] ডাৰ্ক চকলেটঃ মানসিক চাপ হ্ৰাস কৰা, অৱসাদ দূৰ কৰাৰ লগতে স্মৃতিশক্তি বৃদ্ধিত ডাৰ্ক চকলেটে সহায় কৰে৷ নিয়মীয়াকৈ এটুকুৰা ডাৰ্ক চকলেট খালে স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী৷ এই চকলেটে বাৰ্ধক্যক বাধা দিয়াটো সহায় কৰে৷

৪] কফিঃ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ  কফি খোৱাৰ অভ্যাস কৰিব পাৰে৷ যদিও কফিত থকা কেফেইনে শৰীৰত বিৰূপ প্ৰভাৱ পেলায়, তথাপি কফিত আছে প্ৰচুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা৷

৫]  আখৰোটঃ স্মৃতিশক্তি বৃদ্ধিৰ ক্ষেত্ৰত যিকোনো ধৰণৰ শুকান ফল অত্যন্ত উপকাৰী৷ বিশেষকৈ আখৰোট স্মৃতিশক্তি বৃদ্ধিৰ ক্ষেত্ৰত অত্যন্ত উপকাৰী৷ স্মৃতিশক্তি বৃদ্ধিৰ বাবে নিয়মীয়াকৈ এইকেইবিধ ফল গ্ৰহণ কৰিলে যথেষ্ট ভাল ফল পাব পাৰি৷