Logo
image

প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা

বায়ু প্ৰদূষণৰ উপৰি পৰিৱেশতন্ত্ৰত আন এক ডাঙৰ সমস্যা হৈছে প্লাষ্টিকসৃষ্ট প্ৰদূষণ৷ প্লাষ্টিক প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে চলিত বছৰৰ আৰম্ভণিতে ভাৰতৰ লগতে বিশ্বৰ ১২৪খন ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ পৰিষদৰ দলবোৰে প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ ক্ষেত্ৰত এটা প্ৰস্তাৱ লৈছিল৷ সেই অনুসৰি কেইবাখনো দেশে ইতিমধ্যে পলিথিন বেগ আদিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷ ভাৰততো পহিলা জুলাইৰ পৰা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে শীঘ্ৰেই এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিক সামগ্ৰীৰ উৎপাদন, বিক্ৰী, আমদানি, বিতৰণ আদিৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিব৷ চৰকাৰৰ এয়া এক ইতিবাচক পদক্ষেপ বুলি ক’ব লাগিব৷ কিয়নো, দৈনন্দিন যিবোৰ প্লাষ্টিকৰ আৱৰ্জনাৰ সৃষ্টি হয়, সেইবোৰ বিভিন্ন নদ-নদীৰ মাধ্যমেৰে প্ৰৱাহিত হৈ দৈনন্দিন যিবোৰ প্লাষ্টিকৰ আৱৰ্জনাৰ সৃষ্টি হয়, সেইবোৰ বিভিন্ন নদ-নদীৰ মাধ্যমেৰে প্ৰৱাহিত হৈ প্ৰদূষণৰ সৃষ্টি কৰে৷ গুৱাহাটীৰ দৰে চহৰত এই প্লাষ্টিক আৱৰ্জনাবোৰ কৃত্ৰিম বানৰ অন্যতম কাৰক হিচাপে বিবেচিত হৈছে৷ অষ্ট্ৰেলিয়াৰ এটা সংস্থাই যোৱা বছৰ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, বিশ্বত যিমান পৰিমাণৰপ্লাষ্টিক উৎপাদন কৰা হয়, তাৰ এক তৃতীয়াংশ হৈছে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক, যাৰ ৯৮ শতাংশ প্ৰস্তুত কৰা হয় জীৱাশ্মৰ ইন্ধনেৰে৷ বৰ্তমান যি হাৰত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক উৎপাদন কৰা হয়, সেই হাৰ অব্যাহত থাকিলে পাঁচৰ পৰা দহ শতাংশ গ্ৰীন হাউছ নিৰ্গমণৰ মূল কাৰক হ’ব এই সামগ্ৰী৷ প্ৰতিবেদনটোত লগতে কোৱা হৈছে যে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনা সৃষ্টি কৰা বিশ্বৰ এশখন দেশৰ ভিতৰত ৯৪সংখ্যক স্থানত আছে ভাৰত৷ নিঃসন্দেহে ভাৰতৰ বাবে এয়া এক উদ্বেগজনক কথা৷ ইতিমধ্যে বিশ্বৰ সৰ্বাধিক বায়ু প্ৰদূষিত দেশৰ তালিকাত আগস্থান পাইছে ভাৰতে৷ এতিয়া প্লাষ্টিকসৃষ্ট আৱৰ্জনাৰ ক্ষেত্ৰতো আগস্থান পাইছে দেশখনে৷ জানিব পৰা মতে, ভাৰতত বছৰি ২.৪ লাখ টন এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহৃত হয়৷ 

প্লাষ্টিক আৱৰ্জনা হ্ৰাস কৰিবলৈ হ’লে এনে সামগ্ৰীৰ ব্যৱহাৰ কমাব লাগিব৷ সেয়েহে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ শেহতীয়া নিৰ্দেশনাই এইক্ষেত্ৰত কিছু আশাৰ সঞ্চাৰ কৰা বুলি ক’ব লাগিব৷ এটা কথা উল্লেখৰ প্ৰয়োজন যে ইতিপূৰ্বে একাধিকবাৰ ভাৰতত পলিথিন বেগ আৰু কেতবোৰ প্লাষ্টিক সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷ কিন্তু সেই নিষেধাজ্ঞাৰ পাছতো এই সামগ্ৰীবোৰৰ ব্যৱহাৰ হৈ আছিল৷ সেইবাবে দেশখনত প্লাষ্টিক সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰৰ নীতি কঠোৰ হ’ব লাগিব৷ তাৎপৰ্যপূৰ্ণ কথা যে চুবুৰীয়া দেশ বাংলাদেশত ২০০২ চনতে পাতল প্লাষ্টিকৰ বেগ ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷ ভাৰতত শেহতীয়া নিৰ্দেশনা অনুসৰি এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হ’লেও তেনে প্লাষ্টিক বেগ অথবা পেকেটৰ ওপৰত আন এক আৱৰণ দি প্ৰস্তুত কৰা বেগ অথবা পেকেট ব্যৱহাৰত নিষেধাজ্ঞা নাথাকিব৷ প্লাষ্টিক আৱৰ্জনাই সৃষ্টি কৰা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে এনে সামগ্ৰীৰ ব্যৱহাৰ পাৰ্যমানে হ্ৰাস কৰাৰ গত্যন্তৰ নাই৷ প্লাষ্টিক আৱৰ্জনা হ্ৰাসৰ ক্ষেত্ৰত ছুইডেনে লোৱা পদক্ষেপো বিশেষভাৱে উল্লেখযোগ্য৷ ছুইডেনত প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ নহয়৷ দেশখনত যিমানবোৰ প্লাষ্টিকৰ আৱৰ্জনা সৃষ্টি হয়, সেইবোৰ পুনৰ ব্যৱহাৰযোগ্য কৰি তোলা হয়৷ ভাৰততো এনে ব্যৱস্থাৰ বিষয়ে চিন্তা-চৰ্চাৰ প্ৰয়োজন৷