Logo
image

গ্ৰীষ্ম প্ৰবাহ

বিজ্ঞান-প্ৰযুক্তিয়ে মানুহৰ জীৱনলৈ যদিও সুফল কঢ়িয়াই আনিছে, আনফালে এইবোৰৰ নেতিবাচক প্ৰভাৱ কিছুমানে সমাজ জীৱনলৈ ভয়াৱহ সমস্যাৰো সৃষ্টি কৰিছে৷ বিভিন্ন কাৰণত ব্যৱহাৰ কৰা যান-বাহনৰ পৰা নিৰ্গত ধোঁৱাই বায়ুমণ্ডলত কাৰ্বনৰ উপস্থিতি বৃদ্ধি কৰিছে৷ ইয়াৰ উপৰি উদ্যোগ-প্ৰতিষ্ঠান আদি ধোঁৱা-আৱৰ্জনায়ো যায়ুত কাৰ্বনৰ উপস্থিতি বৃদ্ধি কৰিছে৷  বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰা জীৱাশ্ম ইন্ধনে বায়ুমণ্ডললৈ কাৰ্বন-ডাই-অক্সাইড গেছ এৰি বায়ুমণ্ডলত কাৰ্বনৰ উপস্থিতি বৃদ্ধি কৰিছে৷ তেনেদৰে বিভিন্ন ক্ষেত্ৰত সহায় হোৱাকৈ উদ্ভাৱন কৰা কৃত্ৰিম উপগ্ৰহসমূহে অ’জন স্তৰৰ ক্ষতি কৰাৰ ফলত সূৰ্যৰ অপকাৰী ৰশ্মি অ’জন স্তৰৰ বিন্ধাৰ মাজেৰে সৰকি পৃথিৱী পোৱাত ইবোৰে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰাৰ লগতে জীৱকুলৰ অনিষ্ট কৰিছে৷ ইফালে জনসংখ্যা বৃদ্ধিৰ ফলত জনবসতি স্থাপনৰ নামত গছ-গছনি, জলাশয় পুতি বাসগৃহ নিৰ্মাণ কৰাৰ ফলত পৰিৱেশ-তন্ত্ৰৰ সন্তুলন বিনষ্ট হৈছে৷ ইয়াৰ উপৰি ৰাস্তা-ঘাট নিৰ্মাণ, কল-কাৰখানা নিৰ্মাণকে ধৰি উন্নয়নৰ নামত অবাধে পৃথিৱীৰ হাঁওফাঁও বন ধবংস কৰাৰ ফলত বনাঞ্চলৰ সংখ্যা কমি গৈছে৷ এটা তথ্য অনুসৰি ভাৰতত প্ৰতিজন লোকৰ বিপৰীতে গছ আছে ২৮জোপা৷ বন বিভাগৰ এটা সমীক্ষা অনুসৰি, দেশৰ ৰাজধানী দিল্লীত এজন লোকৰ বিপৰীতে এজোপাকৈও কম গছ আছে৷ ফলত দিল্লী সৰ্বাধিক প্ৰদূষিত চহৰৰূপে পৰিগণিত হৈছে৷ চৰকাৰী তথ্য মতে,  ২০১৬-১৯ চনৰ ভিতৰত ভাৰতত মুঠ ৭৬,৭২,৩৩৭জোপা গছ কটা হয়৷ এই সময়ছোৱাত অসমত গছ কটা হয় ১,১৮,৮৯৫জোপা৷ ৰেইন ফৰেষ্ট এক্সন নেটৱৰ্কৰ মতে, প্ৰতিবছৰে বিশ্বৰ প্ৰায় ০.১১ শতাংশ গছ কটা হয়৷ গছ-গছনি কটাৰ বিপৰীতে গছপুলি ৰোপণ কৰা হয় যদিও সেই গছপুলিসমূহৰ কিমান জীয়াই থাকে সেয়া সকলোৰে অৱগত৷ প্ৰতিবছৰে পৰিৱেশ দিৱসৰ দিনা অভিলেখসংখ্যক গছপুলি ৰোৱা হয় যদিও প্ৰায়বোৰ গছপুলিয়েই প্ৰতিপালনৰ অভাৱত লেৰেলি যায়৷ গছ-গছনিৰ সংখ্যা কমি যোৱাৰ ফলত পৃথিৱীত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰা বৃদ্ধি পাইছে আৰু বায়ুমণ্ডল ক্ৰমাৎ উষ্ণ হৈ গৈ আছে৷ যদিহে কাৰ্বন নিৰ্গমনৰ হাৰ ৰোধ কৰিব পৰা নাযায়, তেন্তে আমি এক জ্বলন্ত অগ্নিপিণ্ডৰ মাজত বাস কৰাৰ বাবে নিজকে সাজু ৰাখিব লাগিব৷ কাৰ্বন নিৰ্গমনৰ ক্ষেত্ৰত আটাইতকৈ বেছি অৰিহণা যোগায় ধনী দেশবোৰে৷ পৃথিৱীৰ মুঠ জনসংখ্যাৰ মাত্ৰ ১২ শতাংশ লোক বাস কৰা ধনী দেশবোৰে সেউজ গৃহ গেছ বৃদ্ধিত অৰিহণা যোগায় ৫০ শতাংশ৷ সম্প্ৰতি, আমি এনে এখন  পৃথিৱীত বাস কৰি আছোঁ য’ত ইতিমধ্যে বায়ুমণ্ডলৰ উষ্ণতা ১.২ চেণ্টিগ্ৰেড বৃদ্ধি পাইছে৷ এই উষ্ণতা বৃদ্ধিৰ ধাৰা ৰোধ কৰি যদি ইয়াক আমি ২ ডিগ্ৰী চেলছিয়াছপৰ্যন্ত হ্ৰাস কৰিব পাৰোঁ, তেন্তে উত্তৰপুৰুষৰ বাবে আমি এখন বাসযোগ্য পৃথিৱী উপহাৰ দিব পাৰিম৷ ইয়াৰ বাবে সকলোৱে জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ পৰিৱৰ্তে ক্লীন এনাৰ্জী ব্যৱহাৰ কৰিব লাগিব৷ ইয়াৰ উপৰি শীতলীকৰণ যন্ত্ৰৰ পৰা নিৰ্গত ক্ল’ৰ’ফ্ল’ৰ’ কাৰ্বনেও সেউজ গৃহ গেছৰ বৃদ্ধিত অনুঘটকৰ কাম কৰে, সেয়ে এনে যন্ত্ৰসমূহৰ পৰা যাতে এনে গেছ নিৰ্গত হ’ব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ যিহেতু কাৰ্বন-ডাই-অক্সাইড গেছৰ উপৰি মিথেন, নাইট্ৰাছ অক্সাইড আদিয়েও সেউজ গৃহ গেছ বৃদ্ধিত অৰিহণা যোগায়, সেয়ে এনে গেছ বৃদ্ধিৰ কাৰকসমূহো নিয়ন্ত্ৰণ কৰিব লাগিব৷ কাৰ্বন নিৰ্গমন ৰোধৰ বাবে বিশ্বৰ দেশসমূহে জলবায়ু সন্মিলনত বাৰে বাৰে মিলিত হৈছে যদিও প্ৰকৃতাৰ্থত ইয়াৰ সুফল জনসাধাৰণে লাভ কৰিব পৰা নাই৷

উল্লেখ্য, জুনপৰ্যন্ত অসমত গৰমৰ মাত্ৰা জনসাধাৰণে বিশেষ অনুভৱ কৰা নাছিল যদিও বিগত কেইটামান দিনত পাৰাস্তম্ভৰ মাত্ৰা বাঢ়ি যোৱাত অসহনীয় গৰম অনুভৱ কৰিছে সকলো লোকে৷ মঙলবাৰৰ দিনটোত গুৱাহাটীত সৰ্বাধিক তাপমাত্ৰা আছিল ২৭.৮ ডিগ্ৰী চেলছিয়াছ৷ যিটো ২০১৯ চনৰ ১৮ জুলাইৰ ৩৮.৪ ডিগ্ৰী চেলছিয়াছৰ পাছত দ্বিতীয় সৰ্বাধিক গৰমৰ দিনৰূপে পৰিগণিত হৈছে৷  সাধাৰণতে এনে বতৰত অধিক ক্ষতিগ্ৰস্ত হয় সাধাৰণ শ্ৰেণীৰ লোক৷ সেয়ে বায়ুমণ্ডল উষ্ণতা নিয়ন্ত্ৰিত কৰি ৰখাৰ স্বাৰ্থত প্ৰতিজন লোকেই একোজোপা গছপুলি ৰোপণ কৰি প্ৰতিপালন কৰিলে দেশৰ সেউজ আৱৰণ বৃদ্ধি পাব আৰু ইয়ে পৰিৱেশ-তন্দ্ৰ আমাৰ অনুকূল কৰি তুলিব৷