Logo
image

বৰপেটাৰ পৰা নাওবৈচালৈ ৰাজ্যত আবতৰীয়া দেৱালী

আমাৰ অসম, ৭ জুলাইঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটে পাঁচ জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদানৰ পাছতেই বৰপেটাৰ পৰা নাওবৈচালৈ হৈছে আবতৰীয়া দেৱালী৷ উৎফুল্লিত হৈছে ৰাজ্যৰ মুছলমান সমাজ৷ ক’ৰবাত যদি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ সমৰ্থনত সমদল উলিয়াইছে আন ক’ৰবাত ফটকা ফুটাই, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধবনিৰে কঁপাই দিছে ৰাজ্যৰ আকাশ-বতাহ৷ বৰপেটাত ফটকা ফুটাই, ফুলজাৰি জ্বলাই আনন্দ উল্লাস কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সৰ্বস্তৰৰ লোক৷ হাটশিঙিমাৰীত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ কেইবাশ লোকে ৰাজপথলৈ ওলাই আহি কাৰ্যতঃ বিজয়াৎসৱ পালন কৰে৷ তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, গৰিয়া-মৰিয়া দেশী পৰিষদ জিন্দাবাদ ধবনিৰে উত্তাল কৰে আকাশ-বতাহ৷ পাঁচ জনগোষ্ঠীক খিলঞ্জীয়াৰ স্বীকৃতি প্ৰদানক ধন্যবাদ জনাইছে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় কমিটীৰ বিষয়ববীয়া ময়ুৰ আলীয়ে৷ তেওঁ কয়– পাঁচ জনগোষ্ঠীক অসমৰ খিলঞ্জীয়া মুছলমান স্বীকৃতি দিয়া বাবে অসম চৰকাৰক একে আষাৰে ধন্যবাদ জনাইছো৷ পাঁচ জনগোষ্ঠীক খিলঞ্জীয়া স্বীকৃতি দিয়া বাবে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি শ্বাহনোৱাজ হুছেইনেও চৰকাৰক ধন্যবাদ জনাইছে৷ উল্লেখ্য, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেট গৰিয়া, মৰিয়া, জলহা, দেশী আৰু চৈয়দ জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত কৰাত অনুমোদন জনায়৷

বিলাসীপাৰাত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ শোভাযাত্ৰা 

বিলাসীপাৰাত আৱতৰীয়া দীপাৱলী৷ অসমৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰাত আনন্দত আত্মহাৰা হৈ পৰিছে গৰিয়া, মৰিয়া, দেশী, জলহা আৰু ছৈয়দ জনগোষ্ঠীৰ লোকসকল৷ আজি গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে বিলাসীপাৰা সদৰ চহৰত অসম চৰকাৰক ধন্যবাদ দিয়াৰ উদ্দেশ্যে উলিয়ায় বিশাল শোভাযাত্ৰা৷ ফটকা ফুটাই, নাচি-বাগি আনন্দত মতলীয়া হৈ পৰে অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি লাভ কৰা গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলে৷ সংগঠনটোৰ ৰাজ্যিক কমিটীৰ সভাপতি শ্বাহানৱাজ হোছেইনৰ নেতৃত্বত বিলাসীপাৰা চহৰৰ ৰাজপথত এক বিশাল সমদল উলিয়ায়৷

খিলঞ্জীয়া পৰিচয় পালেই নহ’ব, থলুৱা কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰা বৰ্তাই ৰাখিব লাগিবঃ গৰিয়া উন্নয়ন পৰিষদ অসম

‘এয়া অন্য এক ঐতিহাসিক পদক্ষেপ৷’ মঙলবাৰে কেবিনেটত অসমৰ গৰিয়া, মৰিয়া, দেশী, জলহা, ছৈয়দ সকলৰ ক্ষেত্ৰত চৰকাৰে লোৱা সিদ্ধান্তৰ সন্দৰ্ভত বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত গৰীয়া উন্নয়ন পৰিষদ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত গৰীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদে এই কথা সদৰী কৰে৷ তেওঁ লগতে কয়– ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন  চৰকাৰ খনক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো৷ এই ঘোষণাই সকলো মুছলমান একাকাৰ কৰা ষড়যন্ত্ৰ ৰ পৰা জনগোষ্ঠী কেইটাক উদ্ধাৰ কৰিলে৷ কিন্তু তাৰ লগে লগে এই জনগোষ্ঠী কেইটাক নেতৃত্ব দিয়া ব্যক্তি বিশেষ তথা দল-সংগঠনৰ যথেষ্ট দায়িত্ব আৰু কত্তৰ্ব্য আছে৷ নেতৃত্বত থকা সকলে তৃণমূল পৰ্যায়ৰ পৰা এই জনগোষ্ঠীয় লোকসমূহৰ খিলঞ্জীয়া কৃষ্টি, সংস্কৃতি, পৰম্পৰা সমূহ সৰক্ষণ, সংবৰ্ধন আৰু সম্প্ৰসাৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ অন্যথা চৰকাৰে যিমানে ঘোষণা নকৰক কিয় জনগোষ্ঠী কেইটাই ধৰ্মীয় পৰিচয়ৰ উৰ্ধত খিলঞ্জীয়া পূৰ্বপুৰুষ সকলৰ দিনৰ পৰাই পালন কৰি অহা নিজ কৃষ্টি সংস্কৃতি পৰম্পৰা বৰ্তাই নাৰাখিলে বাস্তব অৰ্থত খিলঞ্জীয়া বুলি প্ৰমাণিত নহব আৰু অন্যান্য খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহেও সামাজিক ভাবে আঁকোৱালি ল’ব৷ ‘উপাধ্যক্ষ মুষ্টাক উদ্দিন আহমেদে কয়–যি ধৰ্মতে বিশ্বাস নাৰাখক কিয় পৰিষদে সকলো ৰাইজক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনালো৷ উল্লেখ্য, পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদে ইতিমধ্যে গৰীয়া, মৰীয়া, দেশী আদি জনগোষ্ঠী সমূহৰ গাঁওসমূহ চিনাক্তকৰণৰ যি পদক্ষেপ হাতত লৈছে তাত দল-সংগঠন সমূহক সহযোগিতা কৰিবলৈ আহ্বান জনাই কয় যে সুকীয়া জৰীপৰ পূৰ্বে গাঁওসমূহ চিনাক্ত কৰণ কৰাটো অতি জৰুৰী৷ কিয়নো গাঁওসমূহ চিনাক্তকৰণ নকৰিলে নগৰ চহৰে সিঁচৰিত হৈ থকা এই লোক সকলক চিনাক্ত কৰণ কৰাটো অসম্ভব হৈ পৰিব৷ মুখ্যমন্ত্ৰীয়ে প্ৰকৃতপক্ষে এনেদৰে জৰীপৰ প্ৰাথমিক আৰু প্ৰয়োজনীয় পদক্ষেপ লোৱা বাবে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ৷’ সংবাদ মেলত পৰিষদৰ সদস্য চেলিম আহমেদ আৰু গহেৰ আলি উপস্থিত থাকে৷ ইফালে বিজেপি মিত্ৰজোঁট চৰকাৰে গৰিয়া, মৰিয়া, দেশী, ছৈয়দ আৰু জোলহা মুছলিম সকলক খিলঞ্জীয়া জনগোষ্ঠীৰ লোক বুলি মৰ্যাদা প্ৰদান কৰি শিক্ষা, আৰ্থ-সামাজিক, সাংস্কৃতিক বিকাশৰ পথ প্ৰশস্ত কৰিলে বুলি কয় অসম গৰিয়া পৰিষদ আৰু অসমীয়া মুছলিম পৰিষদে৷ বিজেপি চৰকাৰৰ এনে বলিষ্ঠ সিদ্ধান্তৰ বাবে অসমীয়া মুছলিম পৰিষদ, অসম গৰিয়া পৰিষদে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছো৷ মুখ্যমন্ত্ৰীয়ে অসমীয়া মুছলিমসকলক, স্বদেশী, বিদেশী, বিহাৰী, বাঙালী আদি মুছলিম লোকৰ পৰা পৃথকে পৰিচিত কৰি ধৰ্মীয় সংখ্যালঘুৰ হাতোৰাৰ পৰা মুক্ত কৰিলে এইদৰে কয়-অসমীয়া মুছলিম পৰিষদৰ সভাপতি ৰহমচা আলী আৰু অসম গৰিয়া পৰিষদৰ সভাপতি আব্দুল হামিদে৷ নেতাদ্বয়ে সংবাদ মাধ্যমক লগতে কয়– চৰকাৰৰ এনে সিদ্ধান্তৰ বাবে আমি আনন্দিত৷’  উল্লেখ্য, বৰ্তমান অসমীয়া মুছলিম পৰিষদ আৰু অসম গৰিয়া পৰিষদৰ সভাপতি ক্ৰমে ৰহমচা আলী আৰু আব্দুল হামিদৰ নেতৃত্বত ২০০০ চনৰে পৰা সুদীৰ্ঘ ২২ বছৰ ধাৰাবাহিকভাৱে খিলঞ্জীয়া অসমীয়া মুছলিমৰ অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰা হৈছে৷ নেতাদ্বয়ে লগতে কয়– স্বাধীনোত্তৰ কালত গৰিয়া, মৰিয়া বা খিলঞ্জীয়া মুছলিমৰ ৰক্ষা কবচ বিচাৰি দাবী উত্থাপন কৰা ব্যক্তিৰ নেতৃত্বত আমিয়েই প্ৰথম ব্যক্তি৷ গতিকে বিজেপি চৰকাৰৰ এনে সিদ্ধান্তত আমিয়ে বেছি আনন্দিত হৈছো৷ আনহাতে ২০-২২ বছৰ পূৰ্বৰে পৰা খিলঞ্জীয়া অসমীয়া মুছলিমৰ অস্তিত্ব ৰক্ষা আন্দোলনত ত্যাগ স্বীকাৰ কৰা৷ মহান লোকসকলক আমি ধন্যবাদ জনাইছো৷ অসমীয়া মুছলিমৰ বাবে ড॰ হিমন্ত বিশ্ব শৰ্মা স্বাধীনোত্তৰ কালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি আমি অনুভৱ কৰিছো৷ 

মিঞাক খিলঞ্জীয়া অসমীয়াৰ স্বীকৃতি দিয়াৰ দাবী মিঞা পৰিষদৰ

অসম চৰকাৰৰ মঙলবাৰৰ কেবিনেট সভাৰ সিদ্ধান্তমৰ্মে গৰীয়া, মৰীয়া, দেশী, জোলাহ আৰু ছৈয়দ জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়া হিচাপে স্বীকৃতি প্ৰদান কৰা সন্দৰ্ভত অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক এম মুক্তাৰ মণ্ডলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এম মুক্তাৰ মণ্ডলে আজিলৈকে খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ নোহোৱা অৱস্থাত চৰকাৰে কেনেকৈ খিলঞ্জীয়া অসমীয়া হিচাপে স্বীকৃতি প্ৰদান কৰিব পাৰে তাক অসমবাসীৰ আগত স্পষ্ট কৰিব লাগে বুলি প্ৰশ্ন তোলে৷ মুছলমানৰ মাজত ভাগ ভাগ কৰি ‘ডিভাইড এণ্ড ৰুল পলিচিৰে’ বিজেপি চৰকাৰে নিকৃষ্ট ৰাজনীতিত নামি পৰা বুলি এম মুক্তাৰ মণ্ডলে প্ৰকাশ কৰে৷ গৰীয়া মৰীয়া দেশী জলাহ আৰু ছৈয়দসকলক খিলঞ্জীয়া অসমীয়া হিচাপে স্বীকৃতি প্ৰদান কৰক তাত অসম মিঞা পৰিষদৰ ক’বলগীয়া একো নাই বুলিও উল্লেখ কৰি অসমীয়া জাতিসত্ত্বাৰ বৃহত্তম অংশ মিঞা জনগোষ্ঠীক বাদ পেলাই গৰীয়া মৰীয়া দেশী জলাহ আৰু ছৈয়দ জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়া হিচাপে স্বীকৃতি প্ৰদান কৰি ডিভাইড এণ্ড ৰুল পলিচিৰে নিকৃষ্ট ৰাজনীতি কৰাটো মানি ল’ব নোৱাৰি বুলিও এম মুক্তাৰ মণ্ডলে চৰকাৰক সকীয়াই দিয়ে৷ গৰীয়া মৰীয়া দেশী জলাহ আৰু ছৈয়দ জনগোষ্ঠীসকলৰ বাবে উন্নয়নৰ ৰাজনীতি কৰক বুলি চৰকাৰক আহ্বান জনাই একাংশ স্বাৰ্থলোভীৰ ব্যক্তিগত মুনাফা লাভৰ বাবে গৰীয়া মৰীয়া দেশী জলাহ আৰু ছৈয়দ জনগোষ্ঠীৰ সাধাৰণ জনতাক পণবন্দী কৰি ৰাজনীতি কৰা নহয় তাৰ বাবেও অনুৰোধ জনায়৷ লগতে অসমীয়া জাতি সত্ত্বাৰ বৃহত্তম জনগোষ্ঠী মিঞাসকলকো খিলঞ্জীয়া অসমীয়া হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ দাবী জনায়৷ অন্যথা চৰকাৰৰ ভাগ ভাগ কৰি নিকৃষ্ট ৰাজনীতি কৰাৰ প্ৰৱণতাৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব বুলিও হুংকাৰ প্ৰদান কৰে৷