Logo
image

আজি গুৱাহাটীৰ তাজত দ্ৰৌপদী মুৰ্মুৰ বৈঠক

আমাৰ অসম, ৭ জুলাইঃ এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দৌপদী মুৰ্মূৱে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোট বিচাৰি বুধবাৰে অৰুণাচল প্ৰদেশলৈ ৰাওনা হৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগত লৈ তেওঁ বুধবাৰে পুৱাৰ ভাগত অৰুণাচল প্ৰদেশ অভিমুখে ৰাওনা হৈছে৷ ইটানগৰত উপস্থিত হোৱাৰ পাছত ৰাজভৱনৰ হেলিপেডত মুৰ্মূক আদৰণি জনায় অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, বিজেপিৰ ৰাজ্যিক সভাপতি বিউৰাম ৱাগে৷ এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মুৰ্মূৱে ইটানগৰত বিজেপি মিত্ৰজোঁটৰ অংশীদাৰী দলসমূহৰ সাংসদ-বিধায়কৰ সৈতে এখন বৈঠকত মিলিত হয়৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি মুৰ্মূক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিক, অসমৰ সাংসদ ৰাজদীপ ৰয়, বিজেপিৰ মুখপাত্ৰ সমবিৎ পাত্ৰই৷ লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰৰ পৰা মুৰ্মূৱে পোনে পোনে ইটানগৰ অভিমুখে ৰাওনা হয়৷ ইটানগৰৰ পৰা মুৰ্মূৱে মেঘালয় অভিমুখে ৰাওনা হয়৷ মুৰ্মূৱে শ্বিলঙত মেঘালয় ডেম’ক্ৰেটিক এলায়েন্সৰ অংশীদাৰী দল সমূহৰ এখন ৰিজৰ্টত বৈঠকত মিলিত হয়৷ মেঘালয়লৈ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীক আদৰণি জনাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সংবাদ মাধ্যমৰ আগত কয়– জনজাতিৰ প্ৰতিনিধি দৌপদী মুৰ্মূক ৰাষ্ট্ৰপতি ৰূপে পোৱাটো দেশৰ সকলো জনজাতীয় লোকৰ বাবে সন্মান৷ এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকী বুধবাৰে নিশা প্ৰায় ৮.৩০ বজাত গুৱাহাটীলৈ আহে৷ নিশাটো তেওঁ হোটেল ৰেডিছন ব্লুট কটায়৷ কাইলৈ পুৱা তেওঁ মিজোৰামলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে যাব৷ সন্ধিয়া ছয় বজাত গুৱাহাটীৰ হোটেল তাজ ভিভান্তাত বিজেপি নেতৃত্বাধীন  মিত্ৰজোঁটৰ সাংসদ বিধায়ক সাংসদ সকলৰ সৈতে এখন বৈঠকত মিলিত হ’ব বুলি বিজেপিৰ এটা সূত্ৰত প্ৰকাশ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব উক্ত বৈঠকত৷