Logo
image

জাপানী পদ্ধতিৰে দহদিনতে কমিব পেটৰ চৰ্বি

সুন্দৰ-সুঠাম শৰীৰ এটাৰ বা নিয়মীয়া স্বাস্থ্যৰ গৰাকী হ’বলৈ কোনেনো নিবিচাৰে! কিন্তু সু্‌ন্দৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ পেটৰ চৰ্বি বৃদ্ধিয়ে মানুহজনক দেখাত আপচু কৰে৷ পেটৰ চৰ্বি বৃদ্ধিৰ বাবে শৰীৰত পোচাক ফিট নহয়৷ পেটৰ মেদ বহুলতাৰ বাবে সুন্দৰ দামী পোছাকযোৰো শৰীৰত শোভাবৰ্ধন নকৰে৷ আহক, শৰীৰৰ চৰ্বি কেনেকৈ কমাব পাৰি তাৰে কচৰৎ কৰোঁ৷ কম সময়তে চৰ্বি কমোৱাৰ দৰে অসাধ্য সাধনৰ টিপছটো শিকোঁ আহকচোন৷ এক জাপানী পদ্ধতিৰে মাত্ৰ ১০ দিনতে কমাব পাৰি পেটৰ চৰ্বি৷ শৰীৰ চৰ্চাৰ লগতে শৰীৰৰ চৰ্বি কমাবলৈ সঠিক ডায়েটৰ প্ৰয়োজন৷ যদিও পেটৰ মেদ কমোৱা কাৰ্য কঠিন আৰু কষ্টসাধ্য৷ তথাপি মাত্ৰ পাঁচ মিনিটৰ তলত উল্লেখিত ব্যায়ামটো নিতৌ ১০ দিন কৰিলে চৰ্বি  কমিব ৷ কিন্তু সমগ্ৰ বিষয়টো সম্পূৰ্ণ সময়সাপেক্ষ৷ ব্যায়ামটো জাপানী ৰিফ্লেক্সোল’জী আৰু মাছাজ থেৰাপিষ্ট তোছিকী ফুকুতছুদছিৰ মস্তিষ্কৰ ফচল৷ বিশেষজ্ঞজনৰ মতে এই পদ্ধৰি দ্বাৰা শৰীৰৰ গঠন দৃঢ় আৰু সুঠাম হ’ব লগতে পিঠি আৰু কঁকালৰ বিষৰ সমস্যা নাথাকিব৷ 

কি কৰিব লাগিব 

১৷ এখন মেটৰ ওপৰত তললৈ পিঠি দি শুই পৰক৷ হাত আৰু ভৰি পোনকৈ মেলি ৰাখক৷ 

২৷ নাভিৰ ঠিক তলতে কঁকালৰ কাষত [তলত] এখন টাৱেল ৰোল কৰি ৰাখক৷ 

৩৷ সম্পূৰ্ণ শৰীৰ পোন কৰি ৰাখক৷ এইবাৰ ভৰি দুটা কান্ধৰ দূৰত্বৰ সমান কৰক৷ ভৰিৰ বুঢ়া আঙুলি দুটা যাতে ইটোৱে-সিটোক স্পৰ্শ কৰে তাৰ দৃষ্টি ৰাখক৷ 

৪৷ মূৰৰ ওপৰলৈ দুই হাত মেলি দিয়ক৷ হাতৰ কেঞা আঙুলি দুটাই হাতৰ তলুৱাৰ তলৰ ফালে স্পৰ্শ কৰি ৰাখক৷ 

৫৷ পাঁচ মিনিট এনেদৰেই থাকক৷ তাৰ পাছত স্বাভাৱিক অৱস্থালৈ ঘুৰি আহক৷ উল্লেখ্য, ডায়েট আৰু শৰীৰ চৰ্চা সঠিকভাৱে ৰূপায়ন হ’লেই নিশ্চয় চৰ্বি আঁতৰিব৷