Logo
image

পৰ্যটকৰ বাবে দুৱাৰ খুলি দিব ভূটানে

আমাৰ অসম, ৮ জুলাইঃ সুখী মানুহৰ দেশ ভূটান৷ ভাৰতৰ প্ৰতিবেশী এই সৰু দেশখন পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল৷ ভাৰতৰ পৰাও প্ৰতি বছৰে বহু লোক ভূটানলৈ ফুৰিবলৈ যায়৷ অসমৰ মানুহৰ কথাই সুকীয়া৷ অকণমান সুবিধা পালেই ভূটানলৈ ফুৰিবলৈ যোৱাটো অসমৰ বহু লোকৰ চখ৷ পৰ্যটকৰ মৰমৰ ভূটান বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল ২০১৯ চনৰ ২০ মাৰ্চত৷ ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ বাবেই অনিচ্ছা সত্ত্বেও এনে এটা কঠোৰ সিদ্ধান্ত লৈছিল ভূটান চৰকাৰে৷ এতিয়া ক’ভিডৰ সংক্ৰমণ বহুখিনি কমিছে৷ সেইবাবেই ভূটান পৰ্যটন পৰিষদে ঘোষণা কৰিছে যে অহা ২৩ ছেপ্টেম্বৰৰ পৰা পৃথিৱীৰ সকলো ঠাইৰ পৰ্যটকে ভূটান ভ্ৰমণ কৰিব পাৰিব৷ কিন্তু ইয়াৰ বাবে এইবাৰ বিদেশী পৰ্যটকসকলে উচ্ছহাৰত কৰ পৰিশোধ কৰিব লাগিব– অৱশ্যে উচ্ছহাৰৰ কৰ পৰিশোধৰ পৰা ৰেহাই দিয়া হৈছে ভাৰতীয়সকলক৷ আনুমানিক হিচাপ মতে এতিয়াৰে পৰা প্ৰতিগৰাকী বিদেশী পৰ্যটকে প্ৰতিদিনে পূৰ্বৰ ৬৫ মাৰ্কিন ডলাৰৰ পৰিৱৰ্তে ২০০ মাৰ্কিন ডলাৰ পৰিশোধ কৰিব লাগিব৷ ভাৰতৰ বাহিৰে আন পৰ্যটকৰ বাবে কৰৰ পৰিমাণ বৃদ্ধি কৰিলেও এসময়ৰ ৰহস্যময়, নিষিদ্ধ ভূটানলৈ এইবাৰ ভূটান চৰকাৰে বিদেশী পৰ্যটকক সহূদয়তাৰে আমন্ত্ৰণ জনাইছে এইদৰে– ভূটানলৈ আহক, নিজকে সতেজ কৰক৷