Logo
image

ইউৰিক এচিড বাঢ়িলে গাঁঠিৰ বিষেই নহয়, এইবোৰ উপসৰ্গয়ো দেখা দিয়ে

আজি-কালি প্ৰায়ভাগ লোকৰেই ইউৰিক এচিডৰ সমস্যা থাকে৷ ডায়েবেটিছ, কলেষ্টেৰ’ল ট্ৰাইগ্লিচাৰাইডৰ দৰে ইউৰিক এচিডত সমস্যাত ভোগা লোকৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে৷ দেহত ইউৰিক এচিডৰ পৰিমাণ বাঢ়িলে বিভিন্ন সমস্যাই দেখা দিবলৈ আৰম্ভ কৰে৷ আচলতে শৰীৰৰ এবিধ বৰ্জ্য পদাৰ্থই হৈছে এই ইউৰিক এচিড৷ পিউৰিণ সমৃদ্ধ খাদ্য হজমৰ ফলত তাৰ পৰা বৰ্জ্য হিচাপে ইউৰিক এচিডৰ সৃষ্টি হয়৷ সহজ কথাত ক’বলৈ গ’লে প্ৰটিন বিপাকৰ ফলত দেহত ইউৰিক এচিড প্ৰস্তুত হয়৷ ইউৰিক এচিড প্ৰাকৃতিভাৱে দেহত থাকে৷ কিন্তু ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে সমস্যা আৰম্ভ হয়৷ 
ইউৰিক এচিড জমা হ’বলৈ ধৰিলে ভৰিত প্ৰাথমিক লক্ষণে দেখা দিয়ে৷ ভৰিৰ পতা ফুলিবলৈ আৰম্ভ কৰে৷ লগতে ইউৰিক এচিড বাঢ়িবলৈ আৰম্ভ কৰিলে ডায়েবেটিছ আৰু ৰক্তচাপৰ দৰে সমস্যাই দেখা দিবলৈ ধৰে৷ এই সমস্যাৰ বাবে কিন্তু প্ৰধানতঃ দায়ী আমাৰ অনিয়মীয়া জীৱনশৈলী৷ অতিৰিক্ত চাপ, খাদ্যাভ্যাস, কোনোধৰণৰ শৰীৰ চৰ্চা নকৰা আদিৰ বাবেই ইউৰিক এচিড বাঢ়িবলৈ ধৰে৷ ইউৰিক এচিড বাঢ়িলে পৰৱৰ্তী সময়ত কিড্‌নী বিকল হৈ পৰিব পাৰে৷ বহুতৰে ধাৰণা যে ইউৰিক এচিড বাঢ়িলে অকল ভৰিৰ পতাহে ফুলে৷ এই ধাৰণা ভুল৷ ইউৰিক এচিড বঢ়াৰ লগে লগে আন কিছুমান উপসৰ্গয়ো দেখা দিব পাৰে৷ উল্লেখ কৰা হ’ল ইউৰিক এচিড বাঢ়িলে দেখা দিব পৰা অন্যান্য উপসৰ্গ৷
-কেতিয়াবা কেতিয়াবা কাণৰ পাছফালে চাগুদানাৰ দৰে কেতবোৰ টেমুনাৰ সৃষ্টি হয়৷ এনেকুৱা হ’লে অৱহেলা নকৰিব৷ ই ইউৰিক এচিড বঢ়াৰ উপসৰ্গ হ’ব পাৰে৷ এনে টেমুনা বেছিভাগ ক্ষেত্ৰত ৰঙা হৈ উঠে৷ কাণৰ লগতে কাষলতি, আঁঠু বা শৰীৰৰ অন্যান্য অংশতো এনে টেমুনা দেখিলে চিকিৎসকৰ কাষ চাপক৷ 
-ইউৰিক এচিড বাঢ়িলে আন এক সমস্যা হ’ব পাৰে৷ তেনে সমস্যা হৈছে গাউট৷ গাউট হ’লে ভৰিৰ আটাইবোৰ আঙুলিত সমস্যা হয়৷ আঙুলিৰ গাঁঠিবোৰ ফুলি উঠে৷ তদুপৰি ইউৰিক এচিড বাঢ়িলে কিড্‌নী ষ্টোন হোৱাৰ আশংকা থাকে৷ ইউৰিক এচিড পুৰুষৰ ক্ষেত্ৰত  ৭১ তলত আৰু মহিলাৰ ক্ষেত্ৰত ৬.৫ তকৈ কম থকা উচিত৷ 
ইউৰিক এচিডৰ সমস্যাৰ পৰা কিদৰে নিৰাময় লাভ কৰিব–
[ক] নিতৌ প্ৰচুৰ পৰিমাণে পানী খোৱা কৰক৷
[খ] দিনত অন্ততঃ এবাৰ এগিলাচ নেমুপানী খোৱাৰ অভ্যাস কৰক৷
[গ] ছাগলীৰ মাংস, মিছা মাছ, সাগৰীয় মাছ, হাইপ্ৰ’টিন, মচুৰ দাইল, কণীৰ কুহুম আদি খোৱাৰ পৰা এৰাই চলক৷
[ঘ] চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়মিত দৰৱ খোৱা কৰক৷ নিজ ইচ্ছানুসৰি দৰৱ নাখাব৷ বছৰত অন্ততঃ দুবাৰ ইউৰিক এচিড পৰীক্ষা কৰক৷