Logo
image

শেহতীয়া যমজ সন্তানৰ মাতৃ কোন!

৯ নম্বৰৰ সন্তানৰ পিতৃ হ’ল এলন মাস্ক

আমাৰ অসম, ৮ জুলাইঃ আৰু দুটি সন্তানৰ পিতৃ হ’ল বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি এলন মাস্ক৷ ইয়াৰ ফলত তেওঁৰ ঔৰষত জন্ম হোৱা সন্তানৰ সংখ্যা ৯জনলৈ বৃদ্ধি পালে৷ ব্যৱসায়ৰ লগতে ব্যক্তিগত বিষয়তো প্ৰায়ে চৰ্চাত থকা এলন মাস্কৰ সাতটি সন্তানৰ কথা পূৰ্বে সকলোৱে জানি আহিছিল৷ কিন্তু যোৱা বছৰৰ নৱেম্বৰ মাহত জন্ম হোৱা যমজ সন্তানৰ কথা সম্পূৰ্ণ গোপনে ৰখা হৈছিল৷ মাস্কৰ এই যমজ সন্তানৰ মাতৃ হৈছে তেওঁৰে এটা কোম্পানীৰ শীৰ্ষ তথা অতি ঘনিষ্ঠ বিষয়া শিভন জিলিছ৷ ৩৬ বছৰীয়া শিভন জিলিছৰ জন্ম কানাডাত হৈছিল৷ শিভন আৰু এলন মাস্কে চলিত বৰ্ষৰ এপ্ৰিল মাহত আদালতত এখন যুটীয়া আৱেদন কৰিছিল আৰু যমজ সন্তানদ্বয়ৰ নামৰ শেষৰ ফালে পিতৃৰ নাম আৰু মাজত মাতৃৰ নাম লিখাৰ অধিকাৰ দিবলৈ অনুৰোধ জনাইছিল৷ এমাহ পূৰ্বে আদালতে তেওঁলোকৰ এই আৱেদনৰ সপক্ষে ৰায়ো দিয়ে৷ তেতিয়াহে শিভন আৰু মাস্কৰ যমজ সন্তানদ্বয়ৰ কথা পোহৰলৈ আহে৷ শিভন জিলিছ হৈছে এলন মাস্কৰ ‘নিউৰ’লিংক’ কোম্পানীৰ শীৰ্ষ বিষয়াৰ অন্যতম৷ বৰ্তমান শিভন জিলিছে নিউৰ’লিংকৰ ‘অপাৰেশ্বন এণ্ড স্পেচিয়েল প্ৰজেক্ট’ৰ সঞ্চালক হিচাপে কাম কৰি আছে৷ এই কোম্পানীটোৰ মুৰব্বী হৈছে এলন মাস্ক৷ গতিকে দুয়োৰে মাজৰ সম্পৰ্ক অতি দৃঢ় হৈ পৰে৷ ২০১৭ চনত শিভনে মাস্কৰ টেছলা কোম্পানীত কৰ্মচাৰী হিচাপেহে কাম কৰিছিল যদিও ২০১৯ চনত টেছলাৰ ‘আৰ্টিফিচিয়েল ইণ্টেলিজে’ৰ সঞ্চালক পদলৈ উন্নীত হৈছিল৷ শেষত গৈ তেওঁ মাস্কৰ সন্তানৰ মাতৃও হয়গৈ৷ উল্লেখ্য, শিভন হৈছে জন্মসূত্ৰে কানাডাৰ, কিন্তু এতিয়া আমেৰিকাৰ বাসিন্দা৷ ইয়াৰ পূৰ্বে এলন মাস্কৰ প্ৰাক্তন পত্নী তথা লেখিকা জাষ্টিন উইলছনৰ ফালৰ পাঁচটা, কণ্ঠশিল্পী গ্ৰিমছৰ ফালৰ পৰা দুটা সন্তান আছিল৷