Logo
image

উঁই পোকৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়

আমাৰ অসম বিশেষঃ ঘৰত উঁই পোকে বাহ সাজিছে নেকি? সাৱধান! কাঠৰ আচবাব, কিতাপ-পত্ৰ বা কাপোৰৰ সৰ্বনাশ কৰিব পাৰে উঁয়ে৷ কিয়নো সাধাৰণ কীটনাশকৰ দ্বাৰা উঁই পোক নিৰ্মূল কৰিব পৰা নাযায়৷ গতিকে উঁই পোকৰ পৰা পৰিত্ৰাণ পাবলৈ  ধাৰাবাহিকভাৱে এইকেইটা ব্যৱস্থা গ্ৰহণ কৰক–

[১] কিতাপৰ ছেল্‌ফ বা কাপোৰ-কানি মজুত কৰি ৰখা আলমাৰীত কেইটামান নেপথলিন ৰাখক৷ বক্সপালেঙৰ ভিতৰতো নেপথলিন ৰাখিব পাৰে৷ নেপথলিনৰ উৎকট গোন্ধ উঁই পোকে সহ্য কৰিব নোৱাৰে৷

[২] নিমপাতৰ গোন্ধও সহিব নোৱাৰে উঁই পোকে৷ গতিকে উঁইৰ পৰা পৰিত্ৰাণ পাবলৈ নিমপাত শুকুৱাই গুড়ি কৰি কিতাপৰ মেজ, কাঠৰ আলমাৰী বা অন্যান্য আচবাবৰ চুকে-কোণে সিচঁৰতি কৰি দিয়ক৷ এসপ্তাহ অন্ততঃ প্ৰতিদিনে এই পদ্ধতি প্ৰয়োগ কৰক৷

[৩] ক’লা জীৰাৰে পোক-পৰুৱা বা মকৰা খেদিব পৰা যায়৷ সেয়ে কিতাপ-পত্ৰ, মেজ, আচবাব আদিৰ চুকে-কোণে কলা জীৰা ৰাখক৷ দেখিব উঁই আঁতৰিবলৈ ধৰিছে৷

[৪] কপূৰ্ৰৰ গোন্ধ মুঠেই সহ্য কৰিব নোৱাৰে উঁয়ে৷ সেয়ে কপূৰ্ৰৰ সৈতে পেৰাফিন মিহলাই লওক৷ সপ্তাহত এবাৰকৈ এই মিশ্ৰণ ঘৰৰ বেৰ তথা আচবাব সমূহত বিয়পাই দিয়ক৷ উঁইৰ পৰা পৰিত্ৰাণ পাব৷