Logo
image

লতা-বেল আৰু ইয়াৰ উপকাৰ

গ্ৰীষ্মকালত অসমত কম-বেছি পৰিমাণে উৎপাদন হোৱা এবিধ বিশেষ ফল হ’ল লতাবেল৷ ইংৰাজীত ইয়াক কোৱা হয় Passiflora বুলি৷  এইবিধ ফলৰ বৈজ্ঞানিক নাম Passion fruit৷ গ্ৰীষ্মপ্ৰধান অঞ্চলত হোৱা এই ফল পৃথিৱীৰ বিভিন্ন ঠাইত পোৱা যায়৷ যেনে ভাৰত, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আদি৷ সম্প্ৰতি এই ফলৰ চাহিদা বৃদ্ধি হোৱাৰ লগতে চৰ্চাৰো  বিষয় হৈ পৰিছে৷ তাৰ অন্যতম কাৰণটো হ’ল, এই ফলত থকা স্বাস্থ্যকৰ উপাদানৰ অবিশ্বাস্য উপকাৰিতা৷

ইতিমধ্যে বিভিন্ন বৈজ্ঞানিক গৱেষণাই নিশ্চিত কৰিছে যে লতাবেলত এন্থ’চিয়ামিন আৰু লাইক’পেন নামৰ দুবিধ বিশেষ এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে নেকি আমাৰ দেহত টিউমাৰ হোৱাত বাধা দিব পাৰে৷ কেৱল সেয়াই নহয়, এই ফলত আৰু কিছুমান শক্তিশালী এণ্টিঅক্সিডেণ্ট আছে, যাৰ বাবে এই ফল খালে আমাৰ দেহত তেজৰ চলাচল সুচল হোৱাৰ লগতে স্নায়ুতন্ত্ৰ সবল হয়৷ ফলত মানসিক চাপ প্ৰশমন হোৱাৰ উপৰিও হূদযন্ত্ৰ সবল কৰে৷

আকাৰত প্ৰায় ৬য় ছেণ্টিমিটাৰ ব্যাসৰ ঘূৰণীয়া আৰু  মসৃণ একোটা লতাবেলত প্ৰায় ২২৯১ ইউ পৰিমাণৰ ভিটামিন-এ, ৬৩ মিঃগ্ৰাঃ পটাছিয়াম , ৫ মিঃগ্ৰাঃ মেগনেছিয়াম, ৫.৪ মিঃগ্ৰাঃ ভিটামিন চি, ২ মিঃগ্ৰাঃ কেলছিয়াম, ২৯ মিঃগ্ৰাঃ আইৰণৰ লগতে ১০৯৯ মিঃগ্ৰাঃ ফাইবাৰ পোৱা যায়৷

এনে ধৰণৰ স্বাস্থ্যকৰ উপাদানৰ বাবে দিনে দিনে এইবিধ ফলৰ চাহিদা বৃদ্ধি হৈছে৷ কাৰণ– লতাবেলত পোৱা যায় প্ৰচুৰ পৰিমাণে ভিটমিন-এ আৰু ভিটামিন-চি৷ যাৰ বাবে আমাৰ দেহৰ ছালৰ গঠন ভাল হয়, দৃষ্টিশক্তি বৃদ্ধি হয় আৰু¸ ৰোগ প্ৰতিৰোধ ব্যৱস্থাও শক্তিশালী হয়৷ প্ৰচুৰ পৰিমাণে মেগনেছিয়াম থকা বাবে এই ফল খালে এনজাইটি কমে৷ আনহাতে ইয়াত পোৱা যায় প্ৰচুৰ পৰিমাণে ফছফৰাচ আৰু ভিটামিন বি-৬৷

আচৰিত হ’ব যে লতাবেলৰ ভিতৰত থকা গুটিবোৰত পিষ্টানল নামৰ এক বিশেষ ধৰণৰ ৰাসায়নিক পদাৰ্থ থকাৰ বাবে এই ফলে আমাৰ দেহৰ ইনছুলিন উৎপন্ন হোৱা ব্যৱস্থাক সক্ৰিয় কৰে৷ গতিকে ছুগাৰ থকা লোকৰ বাবেও এই ফল উপকাৰী৷ ইয়াৰ গুটিবোৰত পাছফ্লিন নামৰ এবিধ বিশেষ প্ৰটিন পোৱা যায়, যি নেকি এণ্টিফাংগাল অৰ্থাৎ ভেকুৰনাশক৷ গতিকে ভেকুৰজনিত ৰোগৰ পৰাও আমাক সুৰক্ষা দিব পাৰে৷

এতিয়া প্ৰশ্নটো হ’ল যে এই ফল খায় কেনেকৈ? লতাবেলটো দুফাল কৰিলে ভিতৰত হালধীয়া বৰণৰ অলপ বিজলুৱা পদাৰ্থ আৰু কিছু পৰিমাণৰ সৰু সৰু ক’লা গুটি পোৱা যায়৷ ভিতৰৰ সেই পদাৰ্থখিনি আমাৰ বাবে স্বাস্থ্যকৰ৷ গুটিৰে সৈতে সেই পদাৰ্থ পানীত মিহলি কৰি প্ৰয়োজন সাপেক্ষে অলপ নিমখ আৰু অলপ চেনি মিহলি কৰি গৰমৰ দিনত চৰ্বত হিচাপেও খাব পাৰে৷