Logo
image

নাৰায়ণমূৰ্তিৰ জোঁৱাই ঋষিয়েই প্ৰধানমন্ত্ৰীৰ দৌৰৰ শীৰ্ষত

আমাৰ অসম, ১০ জুলাইঃ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসন দখল কৰাৰ দৌৰলৈ নিজকে আগবঢ়াই দিলে ভাৰত বংশোদ্ভৱ ব্ৰিটিছ সাংসদ ঋষি ছুনকে৷ দেশখনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে একাধিক কেলেংকাৰিত পতিত হৈ পদত্যাগ কৰাৰ পাছতে ঋষি ছুনকৰ নাম ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে চৰ্চা হৈছিল৷ ঋষি ছুনক বৰিছ জনছন মন্ত্ৰীসভাৰ বিত্তমন্ত্ৰী আছিল আৰু বিভিন্ন সংস্কাৰমূলক পদক্ষেপেৰে তেওঁ দেশখনৰ অৰ্থনীতি ক্ৰমাৎ স্বচ্ছল কৰি আনিছিল৷ কিন্তু বৰিছ জনছনৰ প্ৰতি নিজ দল কনজাৰভেটিভ পাৰ্টীৰ অধিকাংশ সাংসদে অনাস্থা প্ৰকাশ কৰাৰ সময়তে ঋষি ছুনকে বিত্তমন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰে৷ তেওঁৰ পদত্যাগক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ পিছে ঋষি ছুনকৰ পদত্যাগৰ পাছতে বৰিছ জনছন মন্ত্ৰীসভাৰ ৫০ জনৰো অধিক মন্ত্ৰী, সচিব তথা বিষয়াই পদত্যাগ কৰাত অৱশেষত যোৱা বৃহস্পতিবাৰে বৰিছ জনছনে পদত্যাগ কৰিবলৈ বাধ্য হয়৷ ইয়াৰ পাছতে দেশখনৰ নতুন প্ৰধানমন্ত্ৰী কোন হ’ব আৰু কনজাৰভেটিভ পাৰ্টীৰ মুৰব্বী কোন হ’ব সেই লৈ বৰিছ জনছন মন্ত্ৰীসভাৰ অনেক প্ৰাক্তন মন্ত্ৰী তথা কনজাৰভেটিভ পাৰ্টীৰ কেইবাজনো সাংসদৰ নাম একেলগে উচ্ছাৰিত হয়৷ তাৎপৰ্যপূৰ্ণভাৱে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে উচ্ছাৰিত হোৱা এই নামৰ মাজত থকাই নহয়, ঋষি ছুনকক সবাতোকৈ আগত থকা বুলি চৰ্চা হয়৷ সেই চৰ্চাৰ পাছতে প্ৰাক্তন বিত্তমন্ত্ৰী, ভাৰত বংশোদ্ভৱ, কনজাৰভেটিভ দলৰ সাংসদ ঋষি ছুনকে নিজকে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দৌৰলৈ আগবঢ়াই দিয়া বুলি শুকুৰবাৰে ঘোষণা কৰে৷ অৱশ্যে পোনে পোনে তেওঁ নিজকে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী বুলি ঘোষণা কৰাৰ পৰিৱৰ্তে কনজাৰভেটিভ পাৰ্টীৰ মুৰব্বী হিচাপে দায়িত্ব ল’বলৈ সাজু বুলি ঘোষণা কৰে৷ উল্লেখ্য, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ পদ সেইজন সাংসদেই লাভ কৰিব, যিজন সাংসদক সংখ্যাগৰিষ্ঠ দলটোৰ মুৰব্বী হিচাপে নিৰ্বাচিত কৰা হ’ব৷ অৰ্থাৎ ঋষি ছুনকে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰিবলৈ হ’লে তেওঁ প্ৰথমে কনজাৰভেটিভ পাৰ্টী আৰু সেই দলৰ সাংসদসকলৰ মুৰব্বীৰ দায়িত্ব লাভ কৰিব লাগিব৷ অন্যথা আন কোনো উপায়েৰে তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ব নোৱাৰিব৷ সেই বিষয়টো উপলব্ধি কৰিয়েই বৰিছ জনছনে পদত্যাগ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে কনজাৰভেটিভ পাৰ্টীৰ নতুন নেতাৰ দৌৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে৷ সেই উদ্দেশ্যে ঋষি ছুনকে প্ৰচাৰ কাৰ্যসূচীও আৰম্ভ কৰিছে৷ এটা ভিডিঅ’ৰ জৰিয়তে নিজৰ সম্পৰ্কে প্ৰচাৰ কৰা এই কাৰ্যসূচীৰ নাম দিছে ‘ৰেডী ফৰ ঋষি’৷ এই ভিডিঅ’টোত তেওঁ দেশখনৰ হৈ কি কৰ্মপন্থা গ্ৰহণ কৰিব এই বিষয়ে উল্লেখ কৰাৰ লগতে তেওঁৰ ভাৰতীয় পিতৃ-মাতৃৰ ব্ৰিটেইনলৈ অৱদানৰ কথাও বিশেষভাৱে উল্লেখ কৰিছে৷ ভিডিঅ’টোত তেওঁ নিজৰ জীৱন যুদ্ধৰ কথা, কেনেকৈ তেওঁ ব্ৰিটেইনতে জন্ম ডাঙৰ-দীঘল হ’ল আৰু শেহতীয়াকৈ তেওঁ দেশখনৰ বিত্তমন্ত্ৰী হিচাপে কি কি আৰ্থিক সংস্কাৰ সাধন কৰিলে সেয়া চমুকৈ বৰ্ণনা কৰিছে৷ তেওঁ কনজাৰভেটিভ পাৰ্টীৰ মুৰব্বী হ’বলৈ যে ইচ্ছুক সেই কথা ভিডিঅ’টোত মুকলিভাৱে জনাইছে৷

ভাৰত বংশোদ্ভৱ এজন ব্ৰিটিছ নাগৰিক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱাটো তেনেই সামান্য কথা নহয়৷ ঘাইকৈ, দেশখনৰ শতাব্দী প্ৰাচীন ইতিহাসত কোনোদিনেই অ-শ্বেতাংগ ব্যক্তি প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা নাই৷ অন্ততঃ অতি ৰক্ষণশীল ব্ৰিটিছ নাগৰিকে ১০ নং ডাউনিং ষ্ট্ৰীটৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনত ব্ৰিটিছ নাগৰিক হ’লেও অ-শ্বেতাংগ লোকক সোমাবলৈ দিবলৈ ইচ্ছুক নহ’ব৷ ঋষি ছুনকৰ প্ৰধানমন্ত্ৰী হোৱাৰ পথত সেয়া হৈছে প্ৰথমটো কণ্টক৷ দ্বিতীয়তে, ভাৰতীয় নাগৰিকত্ব ত্যাগ নকৰা পত্নী অক্ষতা মূৰ্তিক লৈ সমস্যাত পৰিব ঋষি ছুনক৷ সেই দিশৰ পৰা ভাৰতীয় নাগৰিক, অৰ্ধাংগিনী অক্ষতা হৈছে তেওঁৰ প্ৰধানমন্ত্ৰী হোৱাৰ পথত দ্বিতীয় আৰু বৃহৎ হেঙাৰ৷ গোড়া ইংৰাজে কেতিয়াও দেশখনৰ প্ৰধানমন্ত্ৰীৰ পত্নী বিদেশী নাগৰিক হোৱাটো সহ্য নকৰিব৷ তদুপৰি ঋষি ছুনকৰ পত্নীয়ে বহু বছৰ ধৰি ব্ৰিটেইনত আয়কৰ প্ৰদান নকৰাৰ ঘটনাই কেইমাহমান পূৰ্বে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছিল৷ অক্ষতা মূৰ্তি হৈছে তথ্যপ্ৰযুক্তি সংস্থা ইনফ’ছিছৰ সহঃপ্ৰতিষ্ঠাতা নাৰায়ণ মূৰ্তি আৰু বিখ্যাত লেখিকা সুধা মূৰ্তিৰ কন্যা৷ সেই সূত্ৰে অক্ষতাৰ নামত ইনফ’ছিছৰ অংশীদাৰিত্ব আছে৷ তদুপৰি তেওঁ ভাৰতীয় নাগৰিকত্ব থকাৰ সুবাদত বছৰ বছৰ ধৰি ঋষি ছুনকৰ পত্নী হিচাপে ব্ৰিটেইনত কোটি কোটি পাউণ্ড উপাৰ্জন কৰি থাকিও এটকাও আয়কৰ প্ৰদান কৰা নাছিল৷ চৰ্চা হয়, অক্ষতা মূৰ্তি ব্ৰিটেইনৰ সম্ৰাজ্ঞী দ্বিতীয় এলিজাবেথতকৈয়ো ধনী৷ অথচ তেওঁ দেশখনত দীৰ্ঘ বহুবছৰ আয়কৰ প্ৰদান কৰা নাছিল৷ সেই ঘটনা প্ৰকাশ পোৱাৰ লগে লগে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয় আৰু বিত্তমন্ত্ৰীৰ দায়িত্বত থকা অৱস্থাতে ঋষি ছুনকে তেওঁৰ পত্নীয়ে কিয় আয়কৰ প্ৰদান কৰা নাই সেই সন্দৰ্ভত স্পষ্টীকৰণ দিবলগীয়া হয়৷ পিছে স্বামীৰ সেই স্পষ্টীকৰণত কোনো ব্ৰিটিছ পতিয়ন নগ’ল৷ এতিয়া ঋষি ছুনকে প্ৰধানমন্ত্ৰীৰ দৌৰলৈ নিজকে আগবঢ়াই দিয়াৰ লগে লগে তেওঁৰ পত্নী অক্ষতাক লৈ সৃষ্টি হোৱা বিতৰ্কই পুনৰ উক দিছে৷