Logo
image

ৰাষ্ট্ৰপতিৰ পলায়ন! প্ৰাসাদৰ বিছনাত বাগৰি, ছুইমিং পুলত জলকেলি প্ৰজাৰ

লংকাকাণ্ডঃ প্ৰধানমন্ত্ৰীৰো পদত্যাগ

আমাৰ অসম, ১০ জুলাইঃ যোৱা ৯ মে’ত সংঘটিত ‘লংকাকাণ্ড’ৰ ঠিক দুমাহৰ পাছত দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত আজি ৯ জুলাইত পুনৰ সংঘটিত হ’ল সাম্প্ৰতিক অস্থিৰতাৰ মাজৰ দ্বিতীয়টো লংকাকাণ্ড৷ খাবলৈ খুদকণ নোহোৱা অভূতপূৰ্ব আকালত দিশহাৰা হৈ পৰা দ্বীপৰাষ্ট্ৰখনৰ নাগৰিকে দুমাহৰ পাছত পুনৰ গণবিক্ষোভৰ সূচনা ঘটোৱাত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই চৰকাৰী বাসভৱন এৰি পলায়ন কৰিছে আৰু ডেৰমাহৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱা ৰণিল বিক্ৰমসিংঘেই পদত্যাগ কৰিছে৷ হাজাৰ হাজাৰ বিক্ষোভকাৰীয়ে শনিবাৰে ৰাজধানী কলম্বোত ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱন চৌদিশৰ পৰা বেৰি ধৰি দলে দলে ভিতৰলৈ প্ৰৱেশ কৰাত ভয়ংকৰ নিয়ন্ত্ৰণহীন পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে শুকুৰবাৰে দেশখনৰ বিভিন্ন স্থানৰ পৰা ৰেলে-বাছে হাজাৰ হাজাৰ বিক্ষোভকাৰী ৰাজধানী কলম্বোক ধিয়াই অহাৰ খবৰ পায়েই দেশৰ সেনাবাহিনীয়ে নিৰাপত্তাৰ ভয়ত নিশাই ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেক গোপন স্থানলৈ আঁতৰাই নিছিল৷ শনিবাৰে পুৱাৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ আগবাঢ়ি অহা হাজাৰ হাজাৰ জনতাক শ্ৰীলংকাৰ নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ, লাঠী আৰু বন্দুকৰ শক্তি প্ৰয়োগ কৰি ভেটিবলৈ চেষ্টা কৰে৷ কিন্তু গণবিক্ষোভৰ ৰূপ লোৱা এই পৰিস্থিতিত অৱশেষত জনতাৰ শক্তিৰ সন্মুখত নিৰাপত্তাৰক্ষীৰ বাধা ভাগি যায়৷ ঠায়ে ঠায়ে বিক্ষোভকাৰী জনতাৰ সৈতে নিৰাপত্তাৰক্ষীৰ খণ্ডযুদ্ধ হয়৷ অৱশেষত নিৰাপত্তাৰক্ষীৰ প্ৰত্যাহ্বান উফৰি পৰে আৰু হাজাৰে হাজাৰে বিক্ষুব্ধ জনতাই ৰাষ্ট্ৰপতিৰ বাসভৱনত বাধাহীনভাৱে প্ৰৱেশ কৰে৷ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱনত প্ৰৱেশ কৰি বিক্ষুব্ধ জনতাৰ একাংশই ছুইমিং পুলত সাঁতুৰি-নাদুৰি বন্য উল্লাস প্ৰকাশ কৰে৷ কিছুসংখ্যক বিক্ষোভকাৰীয়ে ৰাষ্ট্ৰপতি ভৱনৰ প্ৰশস্তলনত বাগৰি ফূৰ্টি কৰে আৰু অনেকে প্ৰাসাদৰ ভিতৰত প্ৰৱেশ কৰি ৰাষ্ট্ৰপতিক নাপাই পাকঘৰত আহাৰ বনাই খায় আৰু অনেকে আচবাব-পত্ৰ ধবংস কৰি ক্ষোভৰ বহ্নি প্ৰশমিত কৰে৷ বিক্ষোভকাৰীৰ এনে অনেক ভিডিঅ’ প্ৰচাৰ হৈছে আৰু তাতে দেশখনত সৃষ্টি হোৱা অৰাজকতা সম্পূৰ্ণৰূপত মুকলি হৈ পৰিছে৷ 

সেনাবাহিনীৰ সহায়ত গোপন স্থানত আশ্ৰয় লোৱা ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই এতিয়াও পদত্যাগ ঘোষণা কৰা নাই৷ গোপন স্থানৰ পৰাই তেওঁ এই সংকটৰ পৰা উদ্ধাৰ পাবলৈ এখন সৰ্বদলীয় বৈঠক আহ্বান কৰিলেও কোনো বিৰোধীপক্ষ উপস্থিত নথকাত সেই বৈঠক বাতিল হয়৷ জনতাৰ দৰেই বিৰোধী দলেও ৰাষ্ট্ৰপতিৰ পদত্যাগ দাবী কৰিছে৷ এই সংকটৰ মাজতে প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংঘেই পদত্যাগ কৰিছে৷ তেওঁ কৈছে যে, এখন সৰ্বদলীয় চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰাৰ বাবেই তেওঁ পদত্যাগ কৰিছে৷ উল্লেখ্য, যোৱা ৯ মে’ত আজিৰ দৰে লংকাকাণ্ডৰ সৃষ্টি হোৱাত প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপাক্ষেই পদত্যাগ কৰিছিল আৰু পৰিবৰ্তিত পৰিস্থিতিত ৰণিল বিক্ৰমসিংঘেক ডেৰমাহমান পূৰ্বে বিধবস্ত অৰ্থনীতিৰ দেশখনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছিল৷ সেইবাৰৰ লংকাকাণ্ডত ৰাজাপাক্ষে পৰিয়ালৰ পৈত্ৰিক বাসভৱন বিক্ষোভকাৰীয়ে অগ্নিসংযোগ কৰি ধবংস কৰিছিল৷ বিক্ষোভত দুজন সাংসদ আৰু বিক্ষোভকাৰীসহ ন জনৰ মৃত্যু হৈছিল আৰু দ্বিশতাধিক আহত হৈছিল৷ 

শনিবাৰৰ এই গণবিক্ষোভত শ্ৰীলংকা ক্ৰিকেট দলৰ দুই প্ৰাক্তন অধিনায়ক সনথ জয়সূৰ্য আৰু কুমাৰা ছাংগাকাৰাৰ উপৰি সাংসদেও পৰিয়ালসহ ভাগ লৈছে৷ এই মুহূৰ্তত দেশখনৰ পৰিস্থিতি গণবিক্ষোভত সম্পূৰ্ণৰূপে অগ্নিগৰ্ভা আৰু অৰাজক৷ এই পৰিস্থিতিৰ পৰা দ্বীপৰাষ্ট্ৰখনে কেনেকৈ আৰু কেতিয়া পৰিত্ৰাণ পায় সেয়া অনিশ্চয়তাৰ গৰ্ভত৷