Logo
image

শ্বিনজ’ আবেৰ হত্যাৰ কাৰণ ‘ধৰ্মীয়’

আমাৰ অসম, ১০ জুলাইঃ যদিও ৰাজনৈতিক পথসভাত ভাষণ প্ৰদান কৰি থাকোতে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে আততায়ীৰ গুলীত নিহত হৈছিল তথাপি এই মৃত্যু হেনো ৰাজনৈতিক নহয়৷ অন্ততঃ জাপানৰ সংবাদ মাধ্যমে চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি তেনে ইংগিতেই দিছে আৰু হত্যাকাৰী টেটছুৱা য়ামাগামিয়ে ‘ধৰ্মীয়’ কাৰণত শ্বিনজ’ আবেক হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়াৰ কথা চৰকাৰীভাৱে প্ৰচাৰ কৰা হৈছে৷ হ্ৰস্বকালীন নিয়োগেৰে জাপানৰ নৌসেনাত তিনি বছৰ সেনাৰ মৰ্যাদাৰে চাকৰি কৰা হত্যাকাৰী য়ামাগামিয়ে প্ৰকৃততে এজন ধৰ্মগুৰুক হত্যা কৰিবলৈ পৰিকল্পনা কৰিছিল৷ সেই ধৰ্মগুৰুজনে য়ামাগামিৰ মাতৃক ধৰ্মীয় চলনাৰে সৰ্বস্বান্ত কৰিছিল৷ চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি স্থানীয় সংবাদ মাধ্যমে দাবী কৰিছে, সেই ধৰ্মগুৰু আৰু তেওঁলোকৰ কাৰ্যকলাপ শ্বিনজ’ আবেই প্ৰশ্ৰয় দিছিল আৰু পৃষ্ঠপোষকতা কৰিছিল৷ সেই খঙতে য়ামাগামিয়ে শ্বিনজ’ আবেক এটা হাতেসজা বন্দুকেৰে গুলীয়াই হত্যা কৰে৷ অৱশ্যে এই ‘তত্ব’ কিমান বিশ্বাসযোগ্য আৰু কিমান দূৰলৈ প্ৰতিষ্ঠা লাভ কৰে সেয়া এতিয়াই কোৱা কঠিন৷ কিয়নো প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ হত্যাৰ পাছত জাপান চৰকাৰ আশ্চৰ্যজনকভাৱে নীৰব হৈ আছে আৰু হত্যাকাণ্ডৰ ‘মটিভ’ সন্দৰ্ভত নিজাববীয়াকৈ কোনো বক্তব্য ঘটনাৰ ৩৬ ঘণ্টা উকলি যোৱালৈকে প্ৰকাশ কৰাৰ পৰা বিৰত আছে৷ যিহেতু তেওঁ উচ্ছ সংসদৰ নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি আছিল, সেয়ে শ্বিনজ’ৰ হত্যাৰ ক্ষেত্ৰত ৰাজনৈতিক দৃষ্টিকোন অস্বীকাৰ কৰা হোৱা নাই৷ কিন্তু হত্যাকাণ্ড সংঘটিত হোৱা নাৰা চহৰৰ আৰক্ষীৰ মুৰব্বী টম’ৱাকি অ’নিঝুকাই অকপটে স্বীকাৰ কৰিছে, নিৰাপত্তাৰ গাফিলতিৰ বাবেই শ্বিনজ’ আবে হত্যাৰ বলি হ’ল৷ এজন প্ৰাক্তন প্ৰধানমন্ত্ৰী হিচাপে পাবলগীয়া পৰ্যাপ্ত সুৰক্ষা আৰু নিৰাপত্তাবেষ্টনী আবেক প্ৰদান কৰা হোৱা নাছিল৷ ইয়াতকৈ অধিক নিৰাপত্তা শ্বিনজ’ আবেৰ প্ৰাপ্য আছিল৷ যথাযথ নিৰাপত্তা আৰু সুৰক্ষাবেষ্টনী তেওঁ লাভ নকৰাৰ আঁৰত কোনো উদ্দেশ্য বা ষড়যন্ত্ৰ নিহিত আছে নেকি সেই সন্দৰ্ভত মন্তব্য কৰাৰ পৰা নাৰাৰ আৰক্ষীৰ মুৰব্বী টম’ৱাকি বিৰত আছে৷ ইপিনে, শনিবাৰে তেওঁৰ নশ্বৰ দেহ টকিঅ’লৈ নিয়া হৈছে আৰু অহা মঙলবাৰে শেষকৃত্যৰ দিন ধাৰ্য কৰা হৈছে৷