বিজেপিয়ে আৰম্ভ কৰিলে দিল্লী দখলৰ যুঁজৰ আখৰা
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিশ মাহ থকাৰ পূৰ্বেই নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পুনৰ কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ বাবে বিজেপি দলে ইতিমধ্যে আৰম্ভ কৰিলে পৰিকল্পিত যুঁজৰ আখৰা৷ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নিজৰ দখলত নথকা দেশৰ ১৪৪টা সমষ্টিত নিজৰ ভোট বেংক শক্তিশালী কৰাৰ উদ্দেশ্যে বিজেপিয়ে আৰম্ভ কৰিছে ‘লোকসভা প্ৰবাস যোজনা’ এক ৰাজনৈতিক অভিযান৷ ইতিমধ্যে উক্ত সমষ্টিসমূহৰ চোৱা-চিতাৰ বাবে দলে দায়িত্ব অৰ্পণ কৰিছে সাংসদৰ লগতে বিশিষ্ট নেতা, কাৰ্যকৰ্তাসকলক৷ অসমতো আৰম্ভ হৈছে এই প্ৰক্ৰিয়া৷ উল্লেখ্য লোকসভা প্ৰবাস যোজানাৰ যোগেদি বিজেপিয়ে টাৰ্গেট কৰিছে বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰী, মহিলা ভোটাৰ আৰু ১৮ বছৰৰ পৰা ২৫ বছৰীয়া ভোটাৰসকলক৷ কোৱা বাহুল্য, সমগ্ৰ দেশজুৰি বিজেপি চৰকাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ যোগেদি কোটি কোটি হিতাধিকাৰীৰ সৃষ্টি কৰিছে৷ অসমৰ দৰে ৰাজ্যত কেৱল অৰুণোদয় আঁচনিতে হিতাধিকাৰী আছে প্ৰায় ২৮ লাখ৷ মাইক্ৰফাইনেন্সৰ সুবিধা ভোগ কৰা হিতাধিকাৰীৰ সংখ্যা প্ৰায় ৬০ হাজাৰ৷ ইয়াৰ উপৰি পি এম এ ৱাই জি, বৃদ্ধ পেঞ্চন, বিধৱা সাহায্য, প্ৰাৰ্থনা আঁচনি, দীনদয়াল দিব্যাংগ পেঞ্চন, অন্তোদয়া আঁচনি, কৃষক কল্যাণ আঁচনি, বিধৱা পেঞ্চন, মৰম আঁচনি, অৰুন্ধতী আঁচনিকে ধৰি প্ৰায় ৩০খন আঁচনিৰ যোগেদি লক্ষ লক্ষ লোকক সামৰি লোৱা হৈছে৷ চৰকাৰী স্কুলৰ পৰা কলেজ-বিশ্ববিদ্যালয় পৰ্যন্ত শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম, স্কুটী, লেপটপ বা জলপানি প্ৰদান আদি সা-সুবিধাসমূহ ভোগ কৰিছে অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে৷ অসমৰ দৰে ৰাজ্য এখনৰ প্ৰায় ৫০ লাখ হিতাধিকাৰীক যিকোনো বিজেপি চৰকাৰে নিজৰ ভোটাৰ ৰূপে নিশ্চিত কৰাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে৷ ইতিমধ্যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শেহতীয়া নিৰ্বাচনী ফলাফললৈ লক্ষ্য কৰিলে দেখা যায় যে এক সুন্দৰ ইলেকচন মেনেজমেণ্ট ব্যৱস্থাৰ যোগেদি বিজেপি দলে বুজনসংখ্যক হিতাধিকাৰীক নিজৰ দলৰ ভোটাৰ ৰূপে গঢ়ি তোলাত সফল হৈছে৷ দলীয় কাৰ্যকৰ্তা, সদস্য, বুথ কমিটী, মন্ত্ৰী-বিধায়ক, সাংসদ সকলোকে জড়িত কৰি সমাজৰ সকলো স্তৰৰ লোকৰ মাজলৈ নিৰ্বাচনৰ সময়ত চৰকাৰে প্ৰয়োগ কৰা আঁচনি, প্ৰকল্পসমূহ লৈ যোৱাৰ লগতে বিভিন্ন জনহিতকৰ পদক্ষেপসমূহ অৱগত কৰাৰ ক্ষেত্ৰত নেতৃত্বই গ্ৰহণ কৰা কৌশলসমূহে বিৰোধী দলসমূহক একপ্ৰকাৰ নিস্প্ৰভ কৰি তোলে৷ বিজেপি দলৰ মিডিয়া মেনেজমেণ্ট, প্ৰচাৰৰ কৌশল অন্য দলসমূহৰ তুলনাত বহু ওপৰ খাপৰ৷ লগতে ধৰ্মীয় মেৰুকৰণ, জাত-পাতৰ ৰাজনীতিকো অতি কৌশলেৰে দলটোৱে ছেগবুজি ব্যৱহাৰ কৰি আহিছে৷ কাজেই মুদ্ৰাস্ফীতি, বয়বস্তুৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধি, ভয়াৱহ নিবনুৱা সমস্যা, অৰ্থনৈতিক অৱনমন আদিয়ে মানুহক কোঙা কৰিলেও নিৰ্বাচনী ফলাফলত কিন্তু সেই ক্ষোভৰ প্ৰতিফলন দেখিবলৈ পোৱা নাযায়৷ সেয়েহে মধ্যবিত্ত অসন্তুষ্ট হ’লেও বিজেপি দলে এই দিশত বিশেষ গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে নিৰ্বাচনৰ যুঁজ জিকাৰ বাবে প্ৰয়োজনীয় বিষয়সমূহতে অগ্ৰাধিকাৰ দিয়ে৷ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি দলৰ চৰকাৰৰ মূল ভেটিৰূপে এনেভাৱে গঢ় দি এক ভাৱধাৰাৰ সৃষ্টি কৰিলে যে এই পৰ্যন্ত মোদী অবিহনে বিজেপিৰ যাত্ৰা সুগম নহয় বুলি দলৰেই অধিকাংশই বিশ্বাস কৰে৷ ৰাইজেও এই মুহূৰ্তত দেশৰ অন্য নেতাৰ তুলনাত মোদীৰ প্ৰতি অধিক আস্থাশীল৷ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমোলতে হোৱা ছাৰ্জিকেল ষ্ট্ৰাইক, জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ, জিএছটি, আয়ুস্মান ভাৰত, সোণৰ প্ৰসাৰতা, ক’ভিড প্ৰতিষেধক প্ৰদান, ৰাম মন্দিৰ নিৰ্মাণ, তিনি তালাক প্ৰত্যাহাৰ ‘কা’ৰ প্ৰয়োগ, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ গুৰুত্ব বৃদ্ধি, জনজাতীয় মহিলাক ৰাষ্ট্ৰপতি পদৰ বাবে দলৰ দ্বাৰা নিৰ্বাচন আদি বিষয়সমূহক লৈ দলে অতি সফলভাৱে প্ৰচাৰ কৰিবলৈ সক্ষম হৈছে– যাৰ বাবে দল তথা চৰকাৰৰ অন্য নেতিবাচক দিশসমূহ তল পৰি গৈছে৷ বিজেপিয়ে এই পৰ্যন্ত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰা ৰাজ্যসমূহত নিজৰ দলৰ জনপ্ৰিয়তা সৃষ্টিৰ বাবে দলে শেহতীয়াকৈ বিভিন্ন প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে৷ অলপতে দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক হায়দৰাবাদত অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে হায়দৰাবাদক ‘ভাগ্য নগৰ’ হিচাপে অভিহিত কৰে আৰু এই নগৰৰ পৰাই স্বাধীনতা সংগ্ৰামৰ প্ৰাণপুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলে ‘এক ভাৰত’ শব্দটো ব্যৱহাৰ কৰিছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে৷ তেলেংগানাৰ লগতে অন্ধপ্ৰদেশ, তামিলনাডু, কেৰালা, ওড়িশাতো বিজেপিয়ে নিজৰ ভেঁটি স্থাপনৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে৷ দলে এই ক্ষেত্ৰত কিমান সফলতা লাভ কৰে সেই সম্পৰ্কে সন্দেহৰ অৱকাশ আছে যদিও ‘ঘঁহোঁতে ঘহোঁতে শিলো ক্ষয় যায়’ এই নীতিৰে এদেও দুদেওকৈ বিজেপি আগবাঢ়িছে৷ বিজেপিৰ এনে যুদ্ধং দেহি মনোবৃত্তিৰ বিপৰীতে দেশত অধিকাংশ সময় শাসনৰ বাঘজৰী নিয়ন্ত্ৰণ কৰা কংগ্ৰেছকে ধৰি বাকী দলসমূহৰ ভূমিকা অতি দুৰ্বল৷ দিল্লীৰ পাছত পঞ্জাৱ অধিকাৰ কৰা অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন ‘আপ’ দলে ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰমান্বয়ে প্ৰভাৱ বিস্তাৰৰ বাবে আগবাঢ়িছে যদিও বিজেপিক প্ৰতিৰোধ কৰিব পৰাকৈ সমকক্ষ হ’বলৈ বহু বাকী৷ প্ৰধানমন্ত্ৰিত্বৰ স্বপ্নত বিভোৰ মমতা বেনাৰ্জীয়ে এই ক্ষেত্ৰত বিশেষ আগবাঢ়িব পৰা নাই৷ মুঠতে এই পৰ্যন্ত বাকী সকলো দলৰ বাবে দিল্লী বহুদূৰ!






