Logo
image

অৰাজক শ্ৰীলংকাত সৰ্বদলীয় চৰকাৰ

ৰাষ্ট্ৰপতি ভৱনত গুপ্তধনৰ ভঁৰাল, বাংকাৰ

বুধবাৰে ৰাষ্ট্ৰপতিৰ পদত্যাগ

আমাৰ অসম, ১১ জুলাইঃ ২২ নিযুত জনবসতি থকা ভাৰতৰ চুবুৰীয়া দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত এতিয়া আক্ষৰিক অৰ্থতে অৰাজক অৱস্থা৷ ৰাষ্ট্ৰপতিৰ বাসভৱন দেশৰ ক্ষুধাতুৰ জনতাৰ দখলত৷ প্ৰধানমন্ত্ৰীৰ বাসভৱন বিক্ষুব্ধ জনতাই শনিবাৰে নিশাই জ্বলাই ভস্মীভূত কৰিছে৷  ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই কোনোমতে প্ৰাণৰক্ষা কৰি ৰাষ্ট্ৰপতি ভৱনৰ পৰা পলাই এতিয়া গোপন স্থানত আশ্ৰয় লৈ আছে৷ প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংঘেই শনিবাৰে জনতাৰ মূৰ্তি দেখি চূৰ্তি হেৰোৱাত পদত্যাগ ঘোষণা কৰিছে৷ আধুনিক কালত কোনো এখন দেশত ইয়াতকৈ আৰু অৰাজক পৰিস্থিতি কি হ’ব পাৰে? স্বৰূপাৰ্থতে এনে অৰাজক পৰিস্থিতি অব্যাহত থকাৰ সময়তে দেওবাৰে দ্বীপৰাষ্ট্ৰখনৰ সকলোবিলাক ৰাজনৈতিক দলে এখন বৈঠকত মিলিত হৈ সৰ্বদলীয় চৰকাৰ গঠনৰ সিদ্ধান্ত লৈছে৷ সংসদৰ অধ্যক্ষ মাহিন্দা য়াপা অবেৱদ্ধেৰ্নাৰ আহ্বান মৰ্মে দেওবাৰে শ্ৰীলংকাৰ আটাইকেইটা বিৰোধী ৰাজনৈতিক দলৰ সাংসদে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ সীমিত সময়ৰ বাবে এখন সৰ্বদলীয় চৰকাৰ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই সাময়িক সৰ্বদলীয় চৰকাৰখনৰ অস্থায়ী ৰাষ্ট্ৰপতি হ’ব সংসদৰ অধ্যক্ষ মাহিন্দা য়াপা অবেৱদ্ধেৰ্না৷ তেওঁ এজন অস্থায়ী প্ৰধানমন্ত্ৰীক নিযুক্তি দিব৷ সৰ্বদলীয় সেই চৰকাৰখনে প্ৰাথমিকভাৱে দেশখনক অৰ্থনৈতিক সংকটৰ পৰা মুক্ত কৰাৰ চেষ্টা কৰিব৷ কোৱা বাহুল্য মাথোঁ, এই চৰকাৰখন হ’ব তেনেই সাময়িক৷  সাম্প্ৰতিক অৰাজক আৰু অস্থিৰ পৰিস্থিতিৰ অৱসান ঘটাব পৰাকৈ জৰুৰী কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিয়েই এই অস্থায়ী চৰকাৰৰ অধীনত শ্ৰীলংকাৰ নতুন চৰকাৰ গঠনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব৷ বিৰোধী ৰাজনৈতিক দলৰ সকলো নেতা সোমবাৰে সংসদত মিলিত হৈ সৰ্বদলীয় চৰকাৰ গঠনৰ চূড়ান্ত ৰূপৰেখা নিৰ্দ্ধাৰণ কৰিব৷ 

দেওবাৰে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত সকলো ৰাজনৈতিক দলৰ মুৰব্বীয়ে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেক অবিলম্বে পদত্যাগ কৰাৰ দাবী জনায় যাতে তেওঁলোকে তাৎক্ষণিকভাৱে সৰ্বদলীয় চৰকাৰখন গঠন কৰি দেশৰ অৰাজক পৰিস্থিতি চম্ভালি ল’ব পাৰে৷ বৈঠকত শাসনাধিষ্ঠিত পদুজানা পেৰামুনা পাৰ্টীৰ শীৰ্ষস্থানীয় নেতা ৱিমাল ৱীৰাৱানছা, মুখ্য বিৰোধী দল ছামাগী জন ৱালাৱেগেয়াৰ মুৰব্বী, এছ জে বি দলৰ মুৰব্বী ৰঞ্জিথ মাদুমা, এছ এল পি পি দলৰ বাসুদেৱা নন্যক্কাৰা ইত্যাদি উপস্থিত আছিল৷ তেওঁলোকে অবিলম্বে গোপন স্থানত আশ্ৰয় লৈ থকা ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ পদত্যাগ দাবী কৰে৷  উল্লেখ্য, শনিবাৰে সংসদৰ অধ্যক্ষ মাহিন্দা য়াপা অবেৱদ্ধেৰ্নাই ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষে আৰু প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংঘেক অবিলম্বে পদত্যাগ কৰাৰ আহ্বান জনাইছিল৷ সেই আহ্বান অনুসৰি প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংঘেই পদত্যাগ কৰিলেও ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই প্ৰথমে পদত্যাগৰ বাবে অনীহা প্ৰকাশ কৰিছিল৷ অৱশ্যে নিশালৈ পৰিস্থিতিৰ ভয়ংকৰভাৱে অৱনতি ঘটাত তেওঁ বুধবাৰে পদত্যাগ কৰিব বুলি ঘোষণা কৰে৷ বিৰোধী ৰাজনৈতিক দলে ৰাষ্ট্ৰপতিয়ে পদত্যাগৰ বাবে ৩-৪ দিন সময় লোৱাটোত অসন্তুষ্টি প্ৰকাশ কৰিছে৷ শ্ৰীলংকাৰ স্থানীয় সংবাদ মাধ্যমে জনোৱা অনুসৰি অহা বুধবাৰে পূৰ্ণিমা হোৱাৰ বাবে আৰু সেই দিনটো শ্ৰীলংকাত মংগলসূচক দিন হিচাপে গণ্য কৰাৰ বাবেই তেওঁ বুধবাৰলৈ অপেক্ষা কৰাৰ সিদ্ধান্ত লৈছিল৷ বৌদ্ধ ধৰ্মাৱলম্বী সিংহলীয়ে পূৰ্ণিমা দিনটোক পয়া অৰ্থাৎ মংগলসূচক হিচাপে বিবেচনা কৰে৷ শ্ৰীলংকাত প্ৰত্যেকটো পয়াই চৰকাৰী বন্ধৰ দিন হয়৷ জুলাইৰ পূৰ্ণিমা অৰ্থাৎ পয়াক এছলা পয়া বুলি কোৱা হয়৷ এই দিনটো অধিক মংগলসূচক বাবেই  ৰাষ্ট্ৰপতি গোটাবায়াই বুধবাৰে পদত্যাগৰ সিদ্ধান্ত লৈছে বুলি শ্ৰীলংকাৰ স্থানীয় সংবাদমাধ্যমে দাবী কৰিছে৷

গণ বিক্ষোভৰ সৃষ্টি কৰি শনিবাৰে সকলো বাধা ওফৰাই ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰা হাজাৰ হাজাৰ সিংহলী নাগৰিকে  কালিৰ পৰাই ৰাষ্ট্ৰপতি ভৱনতে আশ্ৰয় লৈ আছে৷ দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত আৰু কেইবাহাজাৰো শ্ৰীলংকাৰ নাগৰিকে প্ৰৱেশ কৰিছে৷ যেতিয়ালৈকে ৰাষ্ট্ৰপতিয়ে পদত্যাগ নকৰে তেতিয়ালৈকে তেওঁলোকে ৰাষ্ট্ৰপতিৰ প্ৰাসাদোপম চৰকাৰী বাসভৱন এৰি নোযোৱাৰ সংকল্প লৈছে৷ শনিবাৰৰ পৰা ৰাষ্ট্ৰপতি ভৱনত থকা শ্ৰীলংকাৰ নাগৰিকে দেওবাৰৰ দিনতো সম্পূৰ্ণ ৰূপত উপভোগ কৰে৷ শনিবাৰে ক্ষুব্ধ জনতাৰ মূৰ্তি দেওবাৰে পিকনিক খাবলৈ অহা সাধাৰণ নাগৰিকৰ দৰে হৈ পৰিছে৷ দেওবাৰেও কেইবাহাজাৰ নাগৰিকে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰাত দেশৰ ৰাষ্ট্ৰপতিৰ ভৱনটো এতিয়া পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হৈছে৷ ৰাষ্ট্ৰপতি ভৱনত থকা সকলো বিলাস-বৈভৱ দেশৰ নাগৰিকে তিলতিলকৈ উপভোগ কৰিছে৷ ৰাষ্ট্ৰপতিৰ পৰিয়ালে ব্যৱহাৰ কৰা ৰাজসিক বেডৰুমৰ প্ৰশস্ত বিছনাত শুই আছে শ্ৰীলংকাৰ সাধাৰণ ক্ষুধাতুৰ নাগৰিক৷ আন একাংশই ৰাষ্ট্ৰপতি ভৱনৰ বিশাল চোফাত জিৰণি লৈছে৷ অনেকেই প্ৰাসাদোপম ভৱনটোৰ ৰান্ধনিশাল ব্যৱহাৰ কৰি শনিবাৰৰ পৰা আজিলৈকে তাতেই খাদ্য তৈয়াৰ কৰি ক্ষুধা নিবাৰণ কৰিছে৷ সেই সকলোবোৰ কৰাৰ পাছত অৱসৰ বিনোদন কৰিছে ৰাষ্ট্ৰপতিৰ বাসভৱনৰ প্ৰাংগনত থকা একাধিক ছুইমিং পুলত সাঁতুৰি-নাদুৰি৷ আন একাংশই ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত থকা জিমত শাৰীৰিক কছৰৎ চলাইছে৷

এনে ঘটনাৰ মাজতে দুটা তাৎপৰ্যপূৰ্ণ ঘটনা আৱিষ্কাৰ কৰিছে ৰাষ্ট্ৰপতি ভৱন দখল কৰি লোৱা জনতা আৰু সাংবাদিকে৷ গোটাবায়া ৰাজাপাক্ষেই তেওঁৰ চৰকাৰী বাসভৱনৰ ভিতৰত লাখ লাখ টকা লুকুৱাই ৰাখিছিল৷ দেশৰ আকাল আৰু দুৰ্দিন চলি থকা অৱস্থাত ৰাষ্ট্ৰপতি গোটাবায়াই আত্মসাৎ কৰি ৰখা লাখ লাখ টকা বাহিৰ কৰি আনি বাস ভৱন দখল কৰি লোৱা জনতাই নিজেই মজিয়াত বহি গণিবলৈ আৰম্ভ কৰাৰ দৃশ্য ভাইৰেল হৈ পৰিছে৷ সেই ধন অৱশ্যে ৰাষ্ট্ৰপতি ভৱন দখল কৰা জনতাই ৰাষ্ট্ৰপতি ভৱনৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীৰ হাতত তুলি দিছে৷ ৰাষ্ট্ৰপতি ভৱন দখল কৰি লোৱা জনতাই দেওবাৰে ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰত এটা গোপন বাংকাৰ আৰু সুৰংগ আৱিষ্কাৰ কৰে৷ এটা আলমাৰীৰ দুৱাৰৰ জৰিয়তে বন্ধ কৰি ৰখা গোপন সুৰংগটো আৱিষ্কাৰ কৰি সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে৷  আলমাৰীৰ দুৱাৰ এখন খুলি দিয়াৰ লগে লগে তাৰ পিছফালে এটা তললৈ নামি যোৱা খটখটী আৱিষ্কাৰ হয়৷ ধাৰণা কৰা হৈছে, শনিবাৰে বিক্ষোভকাৰীয়ে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰাৰ সময়ত প্ৰাণৰক্ষাৰ বাবে এই সুৰংগৰেই গোটাবায়া ৰাজাপাক্ষে পলায়ন কৰিছিল৷ সেই সুৰংগৰ সমান্তৰালভাৱে এটা বাংকাৰো আৱিষ্কাৰ কৰিছে জনতাই৷ এখন দুৰ্ভেদ্য তীখাৰ দুৱাৰেৰে বন্ধ কৰি ৰখা এই বাংকাৰ নিজৰ প্ৰাণৰক্ষাৰ বাবেই ৰাষ্ট্ৰপতি গোটাবায়াই নিৰ্মাণ কৰি লোৱা বুলি ধাৰণা কৰা হৈছে৷ তাৰো ভিডিঅ’ ইতিমধ্যে বহুলভাৱে প্ৰচাৰ হৈছে৷  দেশৰ ভয়ংকৰ দুৰ্দিনত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই যি বিলাস-বহুল জীৱন যাপন কৰিছিল সেয়া দেখি কেৱল শ্ৰীলংকাৰ ক্ষুধাতুৰ নাগৰিকৰে নহয়, বিশ্বৰ আন আন সচেতন লোকৰো চকু কঁপালত উঠিছে৷