Logo
image

মন সতেজ কৰে তেজপাতৰ পোৰা গোন্ধে

তেজপাত সকলোৰে পৰিচিত৷ পাকঘৰত তেজপাতৰ গোন্ধই উমান দিয়ে কি ৰান্ধি থকা হৈছে৷ তেজপাতৰ সুগন্ধই খাদ্যৰ জুতি সম্পূৰ্ণ সলনি কৰি পেলায়৷ কিন্তু জানি আচৰিত হ’ব যে খাদ্যৰ সোৱাদ বঢ়াবলৈয়ে নহয় তেজপাতত আৰু বহু উপকাৰী গুণো আছে৷ ভাৰতত  এৰ’মা থেৰাপীৰ ব্যৱহাৰ নতুন নহয়৷ অৱশ্যে শব্দটি আধুনিক যদিও প্ৰাচীন কালৰে পৰা এই পদ্ধতিৰ প্ৰয়োগ হৈ আহিছে৷ মানসিক অস্থিৰতা নাইকিয়া কৰিবলৈ সুগন্ধিৰ ব্যৱহাৰ বহু পূৰ্বৰে পৰা হৈ আহিছে৷ আজি-কালিও কৰা হয়৷ আজি কালি বিভিন্ন যোগকেন্দ্ৰ বা হোটেলৰ লবী আদিত সুগন্ধিৰ ব্যৱহাৰ কৰা দেখা যায়৷ ভেষজৰ এই গোন্ধ অকল ঘৰৰ দুৰ্গন্ধ আঁতৰোৱাৰ বাবেই নহয় বৰঞ্চ এই গোন্ধই মানসিক অস্থিৰতা কমাই স্নায়ুক প্ৰশান্তি দিয়াৰ বাবেও ব্যৱহাৰ কৰা হয়৷ এই ক্ষেত্ৰত তেজপাতো ব্যৱহাৰ কৰিব পৰা যায়৷ ৰন্ধন কাৰ্যৰ সময়ত ব্যৱহাৰ কৰা তেজপাতে মনটোক সতেজ কৰি তোলে৷ ইয়াৰ কাৰণ তেজপাত পোৰাৰ ফলত ওলোৱা গোন্ধে আমাৰ স্নায়ু সতেজ কৰি তোলে৷ অকল সেয়াই নহয়, তেজপাতৰ  গোন্ধৰ ফলত যন্ত্ৰণাবোধ নাইকিয়া হোৱাৰ  লগতে আনকি ভাইৰাছজনিত সংক্ৰমণো প্ৰতিৰোধ কৰে৷ তেজপাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়৷ আচলতে তেজপাতত লিনালুল [C10H180] নামৰ এবিধ উপাদান থাকে৷ এইবিধ উপাদানৰ বাবেই তেজপাতৰ পৰা সুগন্ধি ওলায়৷ লিনালুলে মানসিক অস্থিৰতাক হ্ৰাস কৰাৰ লগতে উদ্বেগ কমায়৷ তদুপৰি তেজপাতত থকা আন কিছুমান উপাদানৰ বাবে নিশ্বাসৰ সমস্যা নিৰাময় হয়৷ বিশেষকৈ যিসকলে এলাৰ্জিত ভোগে বা হঠাৎ ঠাণ্ডা অনুভৱ কৰে তেওঁলোকৰ বাবে তেজপাতৰ পোৰা গোন্ধ অতি উপকাৰী৷

এৰ’মা থেৰাপীৰ বাবে বজাৰত বহুধৰণৰ নামী-দামী উপকৰণ পোৱা যায়৷ কিন্তু বহুমূলীয়া সেইবোৰ উপকৰণৰ সলনি আপুনি যদি ঘৰতে পৰি থকা তেজপাত ব্যৱহাৰ কৰিব পাৰে তেন্তে বেছি উপকাৰ পাব৷