Logo
image

ৰাছিয়াৰ আক্ৰমণত নিহত ইউক্ৰেইনৰ যুৱতী খেলুৱৈ

আমাৰ অসম, ১২ জুলাইঃ এতিয়াও অন্ত নপৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত নিৰীহৰ মৃত্যু অব্যাহত আছে৷ যোৱা শনিবাৰে ৰাছিয়াৰ সেনাবাহিনীয়ে নিক্ষেপ কৰা কামানৰ গোলাত এগৰাকী কুৰি বছৰীয়া ডান্সস্পৰ্ট চেম্পিয়নৰ মৃত্যুৰ ঘটনাই ক্ৰিভি ৰিহ চহৰতে নহয়, সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে৷ ডাৰিয়া কুৰ্ডেল নামৰ এই ক্ৰিভি ৰিহ চহৰৰ ২০ বছৰীয়া ডান্সস্পৰ্ট চেম্পিয়নগৰাকীয়ে ইতিপূৰ্বে ইউক্ৰেইনৰ হৈ বহুকেইটা আন্তঃৰাষ্ট্ৰীয় পদক অৰ্জন কৰিছিল৷ শনিবাৰে তেওঁ পিতৃৰ সৈতে ডান্সস্পৰ্টৰ অনুশীলন কৰি থকা অৱস্থাতে সেই ষ্টেডিয়ামত ৰাছিয়াৰ গোলাই আঘাত হানে৷ ফলত জনবসতি থকা অঞ্চলটোত ৰাছিয়াই চলোৱা নিৰ্দয় আক্ৰমণৰ বলি হয় এইগৰাকী সুন্দৰী ডান্সস্পৰ্ট চেম্পিয়ন৷ তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰিলেও ৰাছিয়াৰ কামানৰ গোলাই শৰীৰৰ বহু অংশ উৰুৱাই নিয়াত ডাৰিয়া কুৰ্ডেলে চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে৷ তেওঁ অডেছা নেশ্বনেল ইউনিভাৰ্চিটিৰ অধীনৰ ল’ একাডেমীৰ ছাত্ৰী আছিল৷