Logo
image

শ্ৰীলংকা এৰি বিদেশলৈ ৰাষ্ট্ৰপতি

ৰাষ্ট্ৰপতিৰ গুপ্তধনৰ ভাণ্ডাৰ আদালতক গতাই দিলে জনতাই

আমাৰ অসম, ১২ জুলাইঃ যোৱা ৯ জুলাইত বিক্ষোভকাৰীৰ খেদাত ৰাষ্ট্ৰপতিৰ বাসভৱন এৰি আত্মগোপন কৰি থকা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই দেশ এৰি ডুবাইলৈ পলাবলৈ সাজু হৈছে৷ সোমবাৰে নিশাৰ ভিতৰতে তেওঁ বিশেষ বিমানৰ জৰিয়তে শ্ৰীলংকা ত্যাগ কৰি ডুবাইত আশ্ৰয় ল’ব বুলি স্থানীয় সংবাদ মাধ্যমে দেশৰ শীৰ্ষস্থানীয় সামৰিক বিষয়াৰ সূত্ৰৰ উদ্ধৃতি দি  বিস্ফোৰক খবৰ প্ৰকাশ কৰিছে৷ গোটাবায়া ৰাজাপাক্ষেই সোমবাৰে পৰিয়ালসহ দুখন হেলিকপ্টাৰত উঠি কলম্বোৰ  বন্দৰনায়কে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কাষত থকা কাটুনায়কে এয়াৰবেছত আশ্ৰয় গ্ৰহণ কৰিছে৷ যোৱা শনিবাৰে ৰাষ্ট্ৰপতিৰ বাসভৱন এৰি পলায়ন কৰা গোটাবায়া ৰাজাপাক্ষেই বিগত  দুদিন দুনিশা নৌবাহিনীৰ নিৰাপত্তাৰ মাজত এটা ‘নেভেল বেছ’ত আশ্ৰয় লৈ আছিল বুলি সোমবাৰে সেনাবাহিনীৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰিছে৷ তাৰ পৰাই তেওঁ সোমবাৰে দুখন ‘বেল- ৪১২’ হেলিকপ্টাৰত পৰিয়ালসহ কাটুনায়কে এয়াৰবেছলৈ ৰাওনা হয়৷ এই এয়াৰবেছ দেশখনৰ মূল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বন্দৰনায়কে এয়াৰপ’ৰ্টৰ গাতে লাগি আছে৷ সেনাবাহিনীৰ এক শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি  গণবিক্ষোভৰ পৰা হাত সৰাৰ লক্ষ্যৰে তেওঁ সোমবাৰে নিশাই বন্দৰনায়কে বিমান বন্দৰৰ পৰা ডুবাইলৈ উৰা মাৰিব৷ উল্লেখ্য, দেওবাৰে সংসদৰ অধ্যক্ষ মাহিন্দা য়াপা অবেৱদ্ধৰ্নাই বিবিচিক দিয়া সাক্ষাৎকাৰত গোটাবায়া ৰাজাপাক্ষেই দেশ এৰি পলায়ন কৰা বুলি মন্তব্য কৰিছিল৷ পিছে আজি তেওঁ ওলোটা পাক মাৰি এতিয়াও গোটাবায়া দেশতে আছে বুলি মন্তব্য কৰে৷ তাৎপৰ্যপূৰ্ণভাৱে এতিয়াও গোটাবায়া ৰাজাপাক্ষেই আনুষ্ঠানিকভাৱে  পদত্যাগ কৰা নাই৷ 

একেৰাহে তৃতীয় দিনৰ বাবে  সোমবাৰেও দেশৰ বিক্ষুব্ধ জনতাই গোটাবায়া ৰাজাপাক্ষেৰ ৰাষ্ট্ৰপতি ভৱন দখল কৰি আছে৷  ৰাষ্ট্ৰপতি ভৱনত তেওঁ দৌৰাদৌৰিৰ ফলত এৰি থৈ যোৱা ১৭.৮৫ নিযুত টকা সোমবাৰে বিক্ষোভকাৰীয়ে দেশখনৰ আদালতত জমা দিয়ে৷  ইপিনে শ্ৰীলংকাত সৰ্বদলীয় চৰকাৰ গঠনৰ  বাবে সকলোবোৰ ৰাজনৈতিক দলে প্ৰস্তুতি চলাইছে৷ যদিহে গোটাবায়া ৰাজাপাক্ষেই পদত্যাগ কৰিলেহেঁতেন তেন্তে সংবিধান অনুসৰি প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংঘে ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হ’লহেঁতেন৷ কিন্তু ইতিমধ্যে বিক্ৰমসিংঘেই পদত্যাগ কৰিছে৷  এনে পৰিস্থিতিত দেশৰ সংসদে এখন নতুন চৰকাৰ গঠন কৰি ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব৷  শাসনাধিষ্ঠিত আৰু বিৰোধী সকলো ৰাজনৈতিক দলে মূল বিৰোধী দল এছ জে বিৰ নেতা ছাজিথ প্ৰেমদাসাক নতুন ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব দিবলৈ গুণাগথা কৰিছে৷ ছাজিথ হৈছে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাণাসিংঘে প্ৰেমদাসাৰ পুত্ৰ৷ ৰাণাসিংঘে প্ৰেমদাসা ১৯৯৩ চনত এলটিটিইৰ আত্মঘাতী বোমাৰোৰ বোমা বিস্ফোৰণত নিহত হৈছিল৷ যদিহে পৰিকল্পনা কৰা মতে সকলো আগবাঢ়ে তেন্তে অহা তিনিদিনৰ ভিতৰত দেশখনত এখন সৰ্বদলীয় চৰকাৰ গঠন হ’ব৷ সেই চৰকাৰৰ তত্ত্বাৱধানতে নিৰ্বাচন অনুষ্ঠিত কৰি স্থায়ী চৰকাৰ গঠনৰ প্ৰচেষ্টা চলোৱা হ’ব৷