Logo
image

শ্ৰীলংকাৰ অৰাজক পৰিস্থিতিৰ অৱসান কেতিয়া

অভাৱনীয় আৰ্থিক আৰু ৰাজনৈতিক সংকটৰ মাজতে ২০ জুলাইত শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে৷ বিগত দুটা মাহ ধৰি দ্বীপ ৰাষ্ট্ৰখনত চলি আছে এক অৰাজক পৰিস্থিতি৷ গণবিক্ষোভৰ সন্মুখত সেও মানি প্ৰধানমন্ত্ৰী ৰনিল ৱিক্ৰেমাসিংঘেই ইতিমধ্যে পদত্যাগ কৰিছে৷ আনহাতে, শনিবাৰে বিক্ষোভকাৰীয়ে ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱনত প্ৰৱেশ কৰি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেয়েও অচিৰেই পদত্যাগ কৰাটো নিশ্চিত হৈছে৷ উল্লেখ্য, বিগত সাত দশকত শ্ৰীলংকাত প্ৰথমবাৰৰ বাবে এনে আৰ্থিক সংকটৰ সৃষ্টি হৈছে আৰু দেশখনৰ নাগৰিকে এনে পৰিস্থিতিৰ বাবে চৰকাৰকে দোষাৰোপ কৰি দেশজুৰি বিক্ষোভ আৰম্ভ কৰিছে৷ ইপিনে, দেশখনৰ সাম্প্ৰতিক অৰাজক আৰু অস্থিৰ পৰিস্থিতিৰ অৱসান ঘটোৱাৰ স্বাৰ্থত সকলো বিৰোধী দল একগোট হৈ সাময়িকভাৱে এখন সৰ্বদলীয় চৰকাৰ গঠন কৰাৰ সিদ্ধান্ত লৈছে৷ দেশখনৰ এনে অভাৱনীয় পৰিস্থিতি স্বাভাৱিক কৰাৰ স্বাৰ্থত এনেধৰণৰ পদক্ষেপৰ প্ৰয়োজন হৈ পৰিছে৷ শ্ৰীলংকাৰ সাম্প্ৰতিক পৰিস্থিতিৰ মূলতে শাসক পক্ষৰ সীমাহীন দুৰ্নীতি আৰু দূৰদৰ্শিতাৰ অভাৱ বুলি ঠাৱৰ কৰা হৈছে৷ বিক্ষোভকাৰীয়ে ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱন দখল কৰাৰ পাছত সেই স্থানত বৃহৎ পৰিমাণৰ নগদ ধনৰ সন্ধান পোৱাটোৱেও ৰাষ্ট্ৰপতিজন ব্যাপক দুৰ্নীতিত লিপ্ত থকাটো প্ৰমাণ কৰে৷

এখন দেশৰ চৰকাৰৰ দূৰদৃষ্টিহীন আৰু অবিবেচক সিদ্ধান্তই দেশখনত কেনে পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, তাৰ উৎকৃষ্ট উদাহৰণ হৈছে শ্ৰীলংকা৷ দেশখনৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল কাৰ্যতঃ উদং হৈ পৰিছিল৷ ফলত আন দেশৰ পৰা খাদ্য-পণ্য ক্ৰয়ৰ বাবে সম্বল নোহোৱা হৈ পৰিছিল৷ প্ৰথমবাৰৰ বাবে মে’ মাহত বিদেশী ঋণ পৰিশোধ কৰাত ব্যৰ্থ হৈছিল চৰকাৰ৷ চৰকাৰে এই সকলোবোৰৰ বাবে ক’ভিড মহামাৰীক দোষাৰোপ কৰি দায় সাৰিব বিচাৰিছিল৷ চৰকাৰৰ যুক্তি আছিল যে দেশখনৰ অৰ্থনীতি নিৰ্ভৰ কৰে পৰ্যটন উদ্যোগৰ ওপৰত৷ ক’ভিডসৃষ্ট সমস্যাৰ বাবে বৈদেশিক মুদ্ৰা আহৰণত ব্যৰ্থ হৈছিল দেশখন৷ তাৰ লগতে কোৱা হৈছিল যে ২০১৯ চনত কলম্বোৰ গিৰ্জাত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছৰ পৰাই দেশখনত বিদেশী পৰ্যটকৰ আগমন ক্ৰমে হ্ৰাস পাইছিল৷ কিন্তু বিশেষজ্ঞসকলৰ যুক্তি হৈছে যে দেশখনৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে দায়ী হৈছে অৰ্থনৈতিক অব্যৱস্থাপনা৷ ২০০৯ চনৰ গৃহযুদ্ধৰ শেষৰ পিনে বিদেশৰ বজাৰত প্ৰৱেশৰ চেষ্টা চলোৱাৰ পৰিৱৰ্তে দেশৰ বজাৰতে পণ্য সৰবৰাহৰত গুৰুত্ব দিয়া হৈছিল৷ ফলত ৰপ্তানিৰ পৰা হ’বলগীয়া উপাৰ্জনৰ বিপৰীতে আমদানি ব্যয় বহু গুণ বৃদ্ধি পাইছিল৷ সেইবাবেই দেশখনৰ বৈদেশিক মুদ্ৰাৰ ভঁৰাল ক্ৰমে শেষ হ’বলৈ ধৰিছিল৷ এনে এক অৰ্থনৈতিক মন্দাৱস্থাৰ সময়তে চৰকাৰে পুনৰ চীন আদি দেশৰ পৰা বিশাল অংকৰ ঋণ সংগ্ৰহ কৰিছিল৷ চৰকাৰৰ ভঁৰালত বৈদেশিক মুদ্ৰা নোহোৱা বাবে পণ্য আমদানিৰ ক্ষেত্ৰত সমস্যা আহি পৰিছিল আৰু তাৰ ফলত দেশখনত দেখা গৈছে খাদ্য-পণ্যৰ অভাৱনীয় মূল্যবৃদ্ধি৷ ইন্ধনৰ অভাৱত পেট্ৰ’ল পাম্পবোৰ বন্ধ হৈ পৰিছে৷ দিনটোৰ অধিকাংশ সময়েই কৰ্তন কৰি ৰখা হৈছে বিদ্যুৎ৷ দৰৱ আদিৰ অভাৱত স্বাস্থ্য ব্যৱস্থাও গভীৰ সংকটৰ সন্মুখীন হৈছে৷ পেট্ৰ’ল আৰু ডিজেলৰ আকাশলংঘী মূল্যৰ প্ৰতি লক্ষ্য ৰাখি জুন মাহত দেশখনত দুসপ্তাহৰ বাবে অপ্ৰয়োজনীয় যান-বাহনৰ বাবে পেট্ৰ’ল আৰু ডিজেল বিক্ৰী নিষিদ্ধ কৰা হৈছিল৷ দেশখনৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে শ্ৰীলংকাৰ অধিকাংশ নাগৰিকৰ ক্ষোভ ৰাষ্ট্ৰপতি ৰাজাপাক্ষে আৰু তেওঁৰ ভ্ৰাতৃ মাহিন্দাৰ ওপৰত৷ এই সংকটৰ সময়ত শ্ৰীলংকালৈ সহায়ৰ হাত আগবঢ়াইছে বিভিন্ন দেশে৷ কিন্তু এই মুহূৰ্তৰ সকলোৰে মনত ক্ৰিয়া কৰা প্ৰশ্নটো হৈছে এই অৰাজকতাৰ ওৰ পৰিব কেতিয়া? ২২ নিযুত জনসংখ্যাৰ দেশখনৰ জনসাধাৰণ শান্তিপ্ৰিয় বুলিয়েই পৰিচিত আছিল৷ কিন্তু এচাম ক্ষমতালিপ্সু আৰু দুৰ্নীতিগ্ৰস্ত ৰাজনীতিকৰ কৰ্ম-কাণ্ডৰ বাবে দেশখন এতিয়া অগ্নিগৰ্ভা৷ এনে পৰিস্থিতিৰ পৰা সৰ্বসাধাৰণক পৰিত্ৰাণৰ উপায় উলিয়াব লাগিব দেশখনৰ জনপ্ৰতিনিধিসকলেই৷ দেশৰ স্বাৰ্থৰ পিনে পিঠি দি ৰাজাপাক্ষেৰ দৰে লোকে পৰ্বতসম সম্পত্তি গঢ়ি কেৱল বিলাসবহুল জীৱন যাপনত ব্যস্ত থাকিলে সৰ্বসাধাৰণৰ কথা ভাবিব কোনে?