Logo
image

নিয়মীয়াকৈ আঙুৰ খালেও পাব স্বাস্থ্যৰ বাবে অনেক সুফল

আঙুৰক অভিজাত ফল ৰূপে গণ্য কৰা হয়৷ অন্য ফলৰ তুলনাত আঙুৰৰ দাম বেছি৷ আঙুৰ বিভিন্ন ধৰণৰ খাদ্যত ব্যৱহাৰ কৰিব পাৰি৷ আঙুৰৰ ৰসৰ পৰা ওৱাইনৰ লগতে জাম-জেলি আদি প্ৰস্তুত কৰা হয়৷ শুকান আঙুৰক কিচমিছ বুলি জনা যায়৷ এই কিচমিছৰো আছে অনেক উপকাৰিতা৷

◾কেঞ্চাৰ প্ৰতিৰোধঃ আঙুৰত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু এণ্টিইনফাৰ্মিটেৰীৰ দৰে গুৰুত্বপূৰ্ণ উপাদান আছে৷ আঙুৰত থকা এই উপাদানৰ বাবে আঙুৰ নিয়মীয়াকৈ খালে কেঞ্চাৰ প্ৰতিৰোধ হয়৷

◾ছালৰ সুৰক্ষাঃ আঙুৰত থকা ফাইটো কেমিকেল আৰু ফাইটো নিউটিয়েণ্টৰ বাবে আঙুৰ নিয়মীয়াকৈ খালে ছাল মসৃণ হৈ থাকে৷ তদুপৰি আঙুৰত আছে প্ৰচুৰ পৰিমাণে ভিটামিন-চি৷ ই ছালৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে৷ 

◾বয়সৰ ছাপ পৰাত বাধাঃ আঙুৰ নিয়মীয়াকৈ খালে বয়সৰ ছাপৰ পৰা মুক্ত হৈ থাকিব পাৰি৷

◾কিডনী ভালে ৰাখেঃ আঙুৰত থকা বিভিন্ন ভিটামিনে ইউৰিক এছিডৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে৷ তদুপৰি আঙুৰ নিয়মীয়াকৈ খালে কিডনী ভালে থাকে৷ তদুপৰি মাইগ্ৰেনজনিত সমস্যাত ভুগিলেও আঙুৰ খালে সুফল পাব পাৰি৷

◾নিয়মীয়া ৰক্ত সঞ্চালনঃ আঙুৰ জুছ নিয়মীয়াকৈ খালে ৰক্ত সঞ্চালন স্বাভাৱিক অৱস্থাত থাকে৷

◾স্মৃতিশক্তি বৃদ্ধিঃ আঙুৰ নিয়মীয়াকৈ খালে স্মৃতিবিভ্ৰমত ভোগাসকলে কম সময়তে ভাল ফল পাব পাৰে৷

◾স্তন কেঞ্চাৰ নিৰ্মূলঃ শেহতীয়া গৱেষণাত পোহৰলৈ আহিছে যে আঙুৰত থকা বিভিন্ন উপাদানে স্তন কেঞ্চাৰ ৰোধত সহায় কৰে৷ স্তন কেঞ্চাৰৰ আশংকাত ভুগিলে নিয়মীয়াকৈ আঙুৰ খোৱাৰ অভ্যাস কৰিব পাৰে৷

◾কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণঃ আঙুৰত টৰোষ্টেলবেন নামৰ এক ধৰণৰ যৌগ থাকে যি শৰীৰত কলেষ্টৰেলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে৷

◾মূৰৰ বিষ দূৰ কৰেঃ হঠাতে যদি মূৰৰ বিষ আৰম্ভ হয় ঔষধৰ পৰিৱৰ্তে কেইটামান আঙুৰ খালেই বিষৰ পৰা উপশম পাব পাৰে৷ তদুপৰি আঙুৰ নিয়মীয়াকৈ খালে চকুৰ বাবে অত্যন্ত উপকাৰী৷ এজমা, বদহজম দূৰ কৰাটো আঙুৰ অতি উত্তম৷ নিয়মিয়ীকৈ খাদ্য তালিকাত আঙুৰ ৰাখিলে এনেধৰণৰ বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷