Logo
image

নামভৰ্তি

ৰাজ্যত এতিয়া নামভৰ্তিৰ বতৰ৷ প্ৰৱেশিকা আৰু উচ্ছতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতে নতুন শিক্ষাবৰ্ষৰ নামভৰ্তিৰ বাবে শিক্ষাৰ্থীৰ লগতে অভিভাৱকৰ মাজত তৎপৰতা আৰম্ভ হৈছে৷ অৱশ্যে, অসমত নতুন শিক্ষানীতি-২০২০ আৰম্ভ কৰাৰ কথা চৰকাৰে কৈছে যদিও এতিয়াও মহাবিদ্যালয়সমূহৰ পৰা উচ্ছতৰ মাধ্যমিক শাখাটো বিলগ্ন কৰা নাই৷ ফলত মহাবিদ্যালয়সমূহৰ বোজা হ্ৰাস হোৱাৰ সম্ভাৱনা নাই৷ অৱশ্যে, ৰাজ্যৰ বহু উচ্ছ মাধ্যমিক বিদ্যালয়ক উচ্ছতৰ মাধ্যমিকলৈ উন্নীত কৰাৰ উপৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়কো উচ্ছতৰ মাধ্যমিক শ্ৰেণী আৰম্ভ কৰাৰ অনুমতি দিয়াত ছাত্ৰ-ছাত্ৰীয়ে হয়তো নামভৰ্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন নহ’ব৷ কিন্তু বিজ্ঞান শাখাত পঢ়িব খোজা শিক্ষাৰ্থীয়ে হয়তো সমস্যাৰ সন্মুখীন হ’ব৷ কিয়নো বেছিভাগ প্ৰাদেশীকৃত বিদ্যালয়ত বিজ্ঞান শাখাৰ অভাৱ৷ তদুপৰি প্ৰায়বোৰ প্ৰাদেশীকৃত বিদ্যালয়ৰ উচ্ছতৰ মাধ্যমিক শ্ৰেণীত শিক্ষকৰ অভাৱ৷ এনে অৱস্থাত শিক্ষাৰ্থীয়ে উপযুক্ত শিক্ষা লাভৰ আশা কৰিব নোৱাৰি৷ প্ৰৱেশিকা পৰীক্ষাৰ পাছত উচ্ছতৰ মাধ্যমিকৰ ফলাফলে যিহেতু শিক্ষাৰ্থীৰ জীৱনৰ গতি সলনি কৰি দিয়ে, সেয়ে প্ৰতিজন শিক্ষাৰ্থীয়ে যাতে উচ্ছতৰ মাধ্যমিক স্তৰত উপযুক্ত শিক্ষা লাভ কৰে তাৰ প্ৰতি গুৰুত্ব দিয়ে৷ আনহাতে, উচ্ছতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত শিক্ষাৰ্থীয়ে নিজৰ ৰুচি অনুযায়ী বিষয় বাছনি কৰি লক্ষ্যপ্ৰাপ্তিৰ বাবে কঠোৰ অধ্যৱসায়েৰে অধ্যয়নত মনোনিৱেশ কৰা উচিত৷ কিন্তু যিসকলে কেৱল এটা ডিগ্ৰী লাভৰ মানসেৰে শিক্ষানুষ্ঠানলৈ যায়, সেইসকলে মানসিকতা সলনি কৰাৰ সময় আহি পৰিছে৷ কিয়নো বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগত নিজক এজন দুৰন্ত প্ৰতিযোগীৰূপে গঢ় দিব নোৱাৰিলে কৰ্মসংস্থাপনৰ বজাৰত মুখথেকেচা খোৱাটো নিশ্চিত৷ সম্প্ৰতি চৰকাৰী খণ্ডত যিহেতু কৰ্মসংস্থাপনৰ সুবিধা ক্ৰমে কমি আহিছে, সেয়ে স্বাৱলম্বী হ’বলৈ বা ব্যক্তিগত খণ্ডত নিয়োজিত হ’বলৈ নিজকে দক্ষ মানৱ সম্পদৰূপে গঢ় দিব লাগিব৷ শিক্ষানুষ্ঠানসমূহেও পৰম্পৰাগত পাঠ্যক্ৰম প্ৰৱৰ্তনতে সীমাবদ্ধ নাথাকি যুগৰ লগত মিলাকৈ আৰু শিক্ষাৰ্থীয়ে লাভ কৰা শিক্ষাৰে সংস্থাপিত হ’ব পৰাকৈ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিব লাগিব৷ বৰ্তমান বহু নতুন নতুন বিষয়ে শিক্ষাৰ্থীক আকৰ্ষণ কৰাৰ লগতে সংস্থাপনৰো দুৱাৰ মুকলি কৰিছে৷ বিশেষকৈ, তথ্য-প্ৰযুক্তি, পৰ্যটন আৰু আতিথ্য, ব্যৱস্থাপনা, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, বাণিজ্য-পৰিচালনা আদিৰ লগতে বৃত্তিগত কাৰিকৰী বিষয়সমূহৰ চাহিদা চিকিৎসাবিষয়ক পাঠ্যক্ৰমসমূহৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে৷ অৱশ্যে অসম তথা ভাৰতত অভিযান্ত্ৰিক পাঠ্যক্ৰম সম্পূৰ্ণ কৰি সংস্থাপনৰ সুবিধা নথকা বাবে বহু এনে ডিগ্ৰীধাৰী লোক নিবনুৱা হৈ থাকিব লগা হৈছে৷ অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিও সংস্থাপন নোপোৱাৰ বাবেই ব্যক্তিগত খণ্ডত প্ৰতিষ্ঠিত দেশৰ বহু অভিযান্ত্ৰিক প্ৰতিষ্ঠান শিক্ষাৰ্থীৰ অভাৱত ইতিমধ্যে বন্ধ কৰি দিব লগা হৈছে৷ অসমতো ৰাজ্য চৰকাৰে বহু নতুন নতুন পলিটেকনিক প্ৰতিষ্ঠান স্থাপন কৰিছে যদিও সেইবোৰৰ পৰা উত্তীৰ্ণ কিমানে সংস্থাপনৰ সুবিধা লাভ কৰিছে, সেয়া সন্দেহৰ বিষয়৷ অৱশ্যে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ পৰা উত্তীৰ্ণৰ প্ৰায়ভাগেই অন্ততঃ স্ব-নিয়োজনৰ সুবিধা লাভ কৰে৷ যিহেতু পৰম্পৰাগত পাঠ্যক্ৰম অধ্যয়ন কৰি প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে সংস্থাপনৰ আন কোনো সুবিধা নাই, সেয়ে প্ৰতিজন শিক্ষাৰ্থীয়ে ভৱিষ্যতে সংস্থাপনৰ সুবিধা হোৱাকৈ বিষয় বাছনি কৰি জীৱনৰ পথ নিৰ্ধাৰণ কৰা দৰকাৰ৷ কিয়নো উচ্ছতৰ পাঠ্যক্ৰম অধ্যয়নৰ ক্ষেত্ৰত ভুল সিদ্ধান্তই শিক্ষাৰ্থীৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনিব পাৰে৷ আনহাতে, যিসকলে পৰীক্ষাত সফল হ’ব পৰা নাই, বা নূন্যতম নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে, সেইসকলে সাধাৰণ পাঠ্যক্ৰম অধ্যয়ন কৰাতকৈ বৃত্তিমুখী দিশ এটা নিৰ্বাচন কৰি সেই বিষয়ৰ প্ৰশিক্ষণ লৈ নিজকে দক্ষ মানৱ সম্পদৰূপে গঢ়ি তোলা উচিত৷ যিকোনো বিষয়ত দক্ষতা আহৰণ কৰিব পাৰিলেহে উপাৰ্জনৰ পথ নিশ্চিত হ’ব৷ যিহেতু জীৱনটো চলিবলৈ ধন লাগিবই, সেয়ে অবাবত সময় নষ্ট নকৰি সঠিক সিদ্ধান্তৰে আগবঢ়া উচিত৷