Logo
image

খেজুৰে হৃদৰোগৰ পৰাও ৰক্ষা কৰিব পাৰে

আমাৰ অসম বিশেষঃ বহুতৰে ধাৰণা যে খেজুৰ অকল ৰমজান মাহতেই পোৱা যায় আৰু ৰমজান মাহতহে খাব লাগে৷ কিন্তু এই ধাৰণা ভুল৷ খেজুৰ বছৰৰ বাৰ মাহতে পোৱা যায়৷ সুস্বাস্থ্যৰ বাবে খেজুৰ সাংঘাতিক উপকাৰী৷ খেজুৰৰ জৰিয়তে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ লাভ কৰিব পৰা যায়৷

[১] খেজুৰত প্ৰচুৰ পৰিমাণে ফাইবাৰ থকা বাবে নিয়মীয়াকৈ খেজুৰ খালে পেটৰ ৰোগৰ পৰা আঁতৰি থাকিব পাৰি৷ বিভিন্ন গৱেষণাৰ পৰা লাভ কৰা তথ্য অনুসৰি প্ৰতিদিনে তিনিটাকৈ খেজুৰ খালে শৰীৰত উপকাৰী বেক্টেৰীয়াৰ মাত্ৰা বৃদ্ধি পায়৷ ফলত বদহজম, কোলাইটিছ তথা হেমোৰয়ডৰ দৰে ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কমে৷

[২] খেজুৰত থকা খনিজ পদাৰ্থ আৰু ভিটামিনে হাড় মজবুত কৰে৷ নিতৌ খেজুৰ খালে বৃদ্ধ অৱস্থাত অষ্টিঅ’পৰোছিছৰ দৰে ৰোগত আক্ৰান্ত হোৱাৰ আশংকা নাথাকে৷

[৩] খেজুৰে এনিমিয়া ৰোগৰ পৰা আঁতৰাই ৰাখে৷ তেজত আয়ৰণৰ মাত্ৰা হ্ৰাস পালেই বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা আহি পৰে৷ সেয়ে তেজত যাতে খনিজ পদাৰ্থ কমি নাযায় তাৰ বাবে সচেতন হৈ থকা উচিত৷ এই ক্ষেত্ৰত খেজুৰৰ সহায় ল’ব পাৰে৷ কিয়নো খেজুৰত পৰ্যাপ্ত পৰিমাণে আয়ৰণৰ উপাদান থাকে৷

[৪] খেজুৰত থকা ছালফাৰ কম্পাউণ্ডে এলাৰ্জিৰ পৰা আঁতৰাই ৰখাত বিশেষ ভূমিকা লয়৷

[৫] খেজুৰে কলেষ্ট’ৰেলৰ মাত্ৰা কমায়৷ ফলত হঠাৎ হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা হ্ৰাস পায়৷

[৬] যিসকলৰ দেহৰ ওজন মাত্ৰাধিক হাৰত কম তেওঁলোকে নিয়মীয়াকৈ খেজুৰ খোৱা উচিত৷ কিয়নো খেজুৰত থকা কেল’ৰিয়ে স্বাস্থ্যৰ অৱনতি হোৱাৰ পৰা ৰক্ষা কৰাৰ লগতে ওজন বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷

[৭] খেজুৰত থকা প্ৰচুৰ এণ্টিঅক্সিডেণ্টৰ বাবে বিভিন্ন ৰোগৰ সংক্ৰমণত বাধাৰ সৃষ্টি হয়৷ তদুপৰি স্বাস্থ্য গঠনত খেজুৰ সাংঘাতিক উপকাৰী৷