Logo
image

বিদেশলৈ পলাল ৰাষ্ট্ৰপতি শ্ৰীলংকাত জৰুৰী অৱস্থা

তীব্ৰ ৰাজনৈতিক সংকট, চৰকাৰী নিউজ চেনেল দখল কৰি দেশবাসীক সম্বোধন প্ৰতিবাদকাৰীৰ

আমাৰ অসম, ১৪ জুলাইঃ চৰম আৰ্থিক সংকট আৰু প্ৰবল গণবিক্ষোভৰ মাজতে শ্ৰীলংকাত এতিয়া উদ্ভৱ হৈছে অভূতপূৰ্ব ৰাজনৈতিক সংকট৷ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই পদত্যাগ নকৰাকৈ দেশ এৰি পলায়ন কৰাৰ ফলত কোনো ৰাষ্ট্ৰনেতা নোহোৱা হৈ পৰিছে আৰু তাৰ ফলতেই শ্ৰীলংকাত অভূতপূৰ্ব ৰাজনৈতিক আৰু সাংবিধানিক সংকটৰ সৃষ্টি হৈছে৷ বুধবাৰে পুৱতি নিশা দেশৰ বায়ুসেনা বাহিনীৰ এখন জেট বিমানৰ জৰিয়তে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেই শ্ৰীলংকাৰ পৰা মালদ্বীপলৈ পত্নীসহ পলায়ন কৰে৷ ইয়াৰ পূৰ্বে যোৱা শনিবাৰে তেওঁ জনাইছিল যে ১৩ জুলাই অৰ্থাৎ বুধবাৰে তেওঁ ৰাষ্ট্ৰপতিৰ পদৰ পৰা পদত্যাগ কৰিব৷ কিন্তু পদত্যাগ কৰাৰ লগে লগে নৱগঠিত চৰকাৰে তেওঁক আটক কিম্বা গ্ৰেপ্তাৰ কৰাৰ আশংকাত তেওঁ পদত্যাগ নকৰিলে৷ মঙলবাৰে নিশা তেওঁ সংসদৰ অধ্যক্ষ মাহিন্দা য়াপা অবেৱেৰ্ধনাক চৰ্ত আৰোপ কৰি ক’লে যে, তেওঁক পৰিয়ালসহ নিৰাপদে দেশৰ পৰা পলায়ন কৰিবলৈ দিলেহে ৰাষ্ট্ৰপতিৰ দায়িত্বৰ পৰা পদত্যাগ কৰিব৷ পিছে সংসদৰ অধ্যক্ষ আৰু বাকী থকা চৰকাৰৰ কৰ্তৃপক্ষই এই চৰ্ত মানি নল’লে৷ কিন্তু তিনিওটা সেনা-বাহিনীৰ মুৰব্বী হিচাপে তেওঁ কঠোৰ নিৰ্দেশ জাৰি কৰি বায়ুসেনা বাহিনীৰ এখন বিমান লৈ মালদ্বীপলৈ বুধবাৰে পুৱতি নিশা পলায়ন কৰে৷ তিনিওটা বাহিনীৰ মুৰব্বী হিচাপে ৰাজাপাক্ষেৰ এই নিৰ্দেশ মানিবলৈ বাধ্য হোৱাৰ বাবেই দেশৰ বিক্ষুব্ধ জনতাই নিবিচৰা স্বত্তেও  পদত্যাগ নকৰাকৈ তেওঁ পলায়ন কৰিবলৈ সক্ষম হ’ল৷ ৰাজাপাক্ষেৰ পলায়নৰ পাছতেই সংবিধানৰ নীতি অনুসৰি সংসদৰ অধ্যক্ষই সদ্যপদত্যাগী প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংঘেক ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি হিচাপে নিযুক্তি দিয়ে৷ পিছে বিক্ৰমসিংঘেক ৰাষ্ট্ৰপতিৰ দায়িত্ব প্ৰদান কৰাত বিক্ষুব্ধ জনতাই তেওঁৰ বাসভৱন আৰু কাৰ্যালয় বেৰি ধৰি তেওঁৰ পদত্যাগ দাবী কৰে৷ উল্লেখ্য, যোৱা শনিবাৰে তেতিয়ালৈকে প্ৰধানমন্ত্ৰী হৈ থকা বিক্ৰমসিংঘেও পদত্যাগ ঘোষণা কৰিছিল৷ পিছে তেওঁ পৰিস্থিতিৰ সুযোগ লৈ বুধবাৰ পৰ্যন্ত পদত্যাগ নকৰাকৈ আছিল৷ সংবিধানৰ নীতি অনুসৰি তেওঁ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ দায়িত্ব পালেও বিক্ষুব্ধ জনতাৰ সেই সিদ্ধান্তৰ প্ৰতি প্ৰবল প্ৰতিবাদ দেখি দেশৰ তিনিওটা সামৰিক বাহিনীয়ে সংসদৰ অধ্যক্ষক সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি এজন ভিন্ন নেতাক ৰাষ্ট্ৰপতিৰ দায়িত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনায়৷ তিনিওটা বাহিনীৰ মুৰব্বী চিডিএছ সভেন্দ্ৰ ছিলভাই সংসদৰ অধ্যক্ষক অনুৰোধ জনোৱাৰ পাছত অভূতপূৰ্ব ৰাজনৈতিক সংকটৰ মাজত ৰাজধানী কলম্বোত নিশা এখন সৰ্বদলীয় ৰাজনৈতিক দলৰ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত সকলো বিৰোধী ৰাজনৈতিক দলেই ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ৰণিল বিক্ৰমসিংঘেক পদত্যাগ কৰিবলৈ অনুৰোধ জনায় আৰু সংসদৰ অধ্যক্ষক এজন নতুন ৰাষ্ট্ৰপতি নিয়োগ কৰিবলৈ দাবী জনায়৷ ইপিনে, ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ দায়িত্ব লাভ কৰিয়েই ৰণিল বিক্ৰমসিংঘেই সমগ্ৰ দেশত জৰুৰী অৱস্থা জাৰি কৰে আৰু সামৰিক বাহিনীক যিকোনো উপায়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ নিৰ্দেশ জাৰি কৰে৷ বল প্ৰয়োগ কৰি হ’লেও বিক্ষুব্ধ জনতাক ঘৰলৈ ঘূৰাই পঠিয়াই দেশত শান্তিপূৰ্ণ বাতাবৰণ সৃষ্টি কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ অৱশ্যে নিশা অনুষ্ঠিত সৰ্বদলীয় বৈঠকৰ অন্তত এতিয়া ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিৰ নিৰ্দেশ কিমান কাৰ্যকৰী হ’ব সেয়া অনিশ্চয়তাৰ গৰ্ভত৷ কিয়নো এই মুহূৰ্তত দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত অভূতপূৰ্ব ৰাজনৈতিক আৰু সাংবিধানিক সংকট বিদ্যমান৷ 

পুৱতি নিশাই বায়ুসেনাবাহিনীৰ জেট বিমানৰ জৰিয়তে মালদ্বীপৰ ৰাজধানী মালেত উপস্থিত হোৱা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেক দেশখনৰ চৰকাৰী বিষয়াই বিমানবন্দৰত আদৰণি জনোৱালৈ চাই তেওঁ পূৰ্বৰে পৰা মালদ্বীপৰ চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকা বুলি ধাৰণা কৰা হৈছে৷ চৰ্চা হৈছে ৰাষ্ট্ৰপতি ৰাজাপাক্ষেই ভাৰতলৈ পলায়ন কৰাৰ বাবে ভাৰত চৰকাৰৰ সৈতে যোগাযোগ কৰিছিল যদিও নৰেন্দ্ৰ মোদী চৰকাৰে পৰিস্থিতি উপলব্ধি কৰি তেওঁৰ অনুৰোধ ৰক্ষা নকৰিলে৷ ইপিনে, মালদ্বীপৰ পৰা প্ৰকাশিত খবৰ অনুসৰি বুধবাৰে নিশা ৰাষ্ট্ৰপতি ৰাজাপাক্ষেই মালেৰ পৰা ছিংগাপুৰলৈ উৰা মাৰিছে৷ অৱশ্যে, এই বিষয়টো এতিয়াও শ্ৰীলংকাৰ পৰা আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই৷ ঘাইকৈ ৰাজাপাক্ষেই পদত্যাগ নকৰাৰ বাবেই দেশখনত জটিল সমস্যাৰ সৃষ্টি হৈছে৷ দেশ এৰি পলায়ন কৰিব পাৰিলেই তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব বুলি বুধবাৰে সংসদৰ অধ্যক্ষই প্ৰকাশ কৰিলেও এতিয়ালৈকে ৰাজাপাক্ষেই পদত্যাগ পত্ৰ প্ৰেৰণ কৰা নাই৷ দেশখনৰ বিক্ষুব্ধ জনতাই ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি বিক্ৰমসিংঘেৰ বাসভৱন আৰু কাৰ্যালয় ঘেৰাও কৰি ৰখাৰ উপৰি শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় টেলিভিশ্বন ৰূপাবাহিনী নিজৰ দখললৈ নিছে৷ হাজাৰ হাজাৰ বিক্ষোভকাৰীয়ে ৰূপাবাহিনী টিভি কেন্দ্ৰৰ ভিতৰত সোমাই পৰাৰ ফলত সম্প্ৰতি ৰাষ্ট্ৰীয় টেলিভিশ্বনৰ সম্প্ৰচাৰ বন্ধ কৰি ৰখা হৈছে৷