Logo
image

এইবোৰ সমস্যাত মহৌষধৰ কাম কৰে চিৰতাই

চিৰতা নামৰ ভেষজ উদ্ভিদবিধ ভাৰতৰ প্ৰায়ভাগ অঞ্চলতে পোৱা যায়৷ ইয়াৰ ঔষধি গুণ প্ৰচুৰ৷ চিৰতা অত্যন্ত তিতা৷ এইবিধ উদ্ভিদৰ ডাল শুকুৱাই ওৰে নিশা তিয়াই ৰাখি ইয়াৰ পানী ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷ চিৰতা তিতাৰ পানী অত্যন্ত উপকাৰী৷ জ্বৰ আৰু চকুৰ ক্ষেত্ৰত ইয়াৰ উপকাৰিতা সীমাহীন৷ তদুপৰি চিৰতাৰ আন কেতবোৰ উপকাৰী গুণ আছে৷ উল্লেখ কৰা হ’ল চিৰতা তিতাৰ উপকাৰিতাসমূহ–

[১] চিৰতাই শৰীৰক বেক্টেৰিয়াত আক্ৰান্ত হোৱাত বাধা প্ৰদান কৰে৷ এই কথা সকলোৱে জানে যে তিতা খাদ্য খালে শৰীৰটো বেক্টেৰিয়াৰ দ্বাৰা কমকৈ আক্ৰান্ত হয়৷ ফলত শৰীৰ সুস্থ থাকে৷ চিৰতাৰ সোৱাদ যিহেতু অত্যন্ত তিতা, সেয়ে চিৰতা তিয়াই ৰখা পানী খালে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কৰে৷

[২] চিৰতা ডায়েবেটিছ ৰোগীৰ বাবে অত্যন্ত উপকাৰী৷ চিৰতাই তেজত শৰ্কৰাৰ মাত্ৰা কমায়৷ তদুপৰি ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে চিৰতাই৷ কলেষ্টেৰলৰ পৰিমাণো হ্ৰাস কৰে চিৰতাই৷

[৩] জ্বৰত চিৰতাই সাংঘাতিক কাম কৰে৷ তদুপৰি এলাৰ্জি আঁতৰায় চিৰতাই৷

[৪] তাৰুণ্য অক্ষুণ্ণ ৰাখিবলৈ নিতৌ চিৰতা তিয়াই ৰখা পানী খাব পাৰে৷ চিৰতাই তেজ পৰিষ্কাৰ কৰে, ফলত দেহত তেজৰ সঞ্চালন বাঢ়ে৷

[৫] এলাৰ্জিৰ বাবে শৰীৰ ফুলি উঠা, চকু ফুলা বা আন কিছুমান সমস্যাই দেখা দিয়ে৷ এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে নিতৌ চিৰতাৰ পানী খাওক৷

[৬] চিৰতাই লিভাৰ পৰিষ্কাৰ কৰাত সহায় কৰে৷ তদুপৰি লিভাৰৰ বিভিন্ন সমস্যা যেনে- ফেটি লিভাৰ আৰু অন্যান্য সমস্যা নিয়ন্ত্ৰণত সহায় কৰে চিৰতাই৷

[৭] শৰীৰটোক ভিতৰৰ পৰা পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে চিৰতাই৷ চিৰতাৰ পানীয়ে দেহৰ পৰা ক্ষতিকাৰক টক্সিন উলিয়াই দিয়ে৷ ফলত শৰীৰ সতেজ হৈ থাকে৷

[৮] ছালৰ যতন লোৱাৰ ক্ষেত্ৰত চিৰতাৰ ব্যৱহাৰ অতুলনীয়৷ ছালৰ বিভিন্ন সমস্যা যেনে ঘাঁ বা অন্যান্য ক্ষতস্থান শুকোৱাত সহায় কৰে চিৰতাই৷ ছালৰ বিভিন্ন ইনফেকশ্বন আঁতৰোৱাৰ ক্ষেত্ৰত চিৰতা খুবেই কাৰ্যকৰী৷ নিতৌ চিৰতাৰ পানী খালে স্কিন ইনফেকশ্বনৰ পৰা হাত সাৰি থাকিব পৰা যায়৷ ছালৰ উজ্জ্বলতা বঢ়ায় চিৰতাই৷

[৯] বদহজম আৰু এচিডিটিৰ সমস্যা হ’লে চিৰতাৰ পানী খাব পাৰে৷ তদুপৰি কোষ্ঠকাঠিন্য সমস্যাটো চিৰতাই বেচ কাম দিয়ে৷

[১০] এনিমিয়াৰ সমস্যা আঁতৰোৱাত সহায় কৰে চিৰতাই৷ দেহত তেজৰ পৰিমাণ কমিলে এনিমিয়াৰ সমস্যা আৰম্ভ হয়৷ এনে ক্ষেত্ৰত নিতৌ চিৰতাৰ পানী খাওক৷ চিৰতাৰ পানীয়ে তেজ উৎপাদনত সহায় কৰে৷

চিৰতাই যিহেতু ৰক্তচাপৰ মাত্ৰা কমায়, সেয়ে যিসকলৰ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে চিৰতাৰ পানী খাব৷