Logo
image

মুখ্যমন্ত্ৰী বনাম স্মাৰ্ট পুলিচ

অসম আৰক্ষীৰ প্ৰকৃততে হৈছে কি? আৰক্ষীক ৰাইজৰ কাষ চপাই নিবৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্তবিশ্ব শৰ্মাই যিমানেই চেষ্টা কৰিছে, সিমানেই এটাৰ পাছত আনটো গুৰুতৰ অভিযোগ উঠিছে স্মাৰ্ট পুলিচৰ বিৰুদ্ধে৷ ফলত অসম আৰক্ষীৰ কাম-কাজত কাৰ্যতঃ হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ চৰকাৰ গঠনৰ পাছতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰথমে আৰক্ষী বিভাগৰ সংস্কাৰত গুৰুত্ব আৰোপ কৰে৷ ৰাজনৈতিক হস্তক্ষেপ আৰু ৰঙাফিতাৰ মেৰপেঁচৰ পৰা মুক্ত কৰি আৰক্ষী বিভাগক স্বতন্ত্ৰভাৱে কাম কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ দিছিল৷ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ সৈতেও ইখনৰ পাছত সিখন বৈঠকত মিলিত হৈছিল৷ আৰক্ষী অধীক্ষকেই নহয়, বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতেও মুখ্যমন্ত্ৰীয়ে বৈঠকত মিলিত হৈ আৰক্ষীক ৰাইজৰ বন্ধু হিচাপে কাম কৰি যাবলৈ মুকলি আহ৩ান জনাইছিল৷ কিন্তু ইয়াৰ পাছতো যে ক’ৰবাত কিবা কেৰোণ থাকি গ’ল, এই কথা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিজেই যেন অনুভৱ কৰিছে৷ ডিব্ৰুগড়ত সংঘটিত বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ ঘটনাৰ বাবে অসমবাসী আৰু বিনীত বাগাৰীয়াৰ পৰিয়ালৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খোজে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে আক্ষেপ কৰি কয়– ‘এজন লোকৰ জীৱন ৰক্ষাত ডিব্ৰুগড়ৰ প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে৷ দোষীৰ লগত কেতিয়াও আপোচ কৰিব নালাগে বুলি আমাৰ ফালৰ পৰা আৰক্ষীক স্পষ্টভাৱে বাৰ্তা দিয়াৰ পাছতো ডিব্ৰুগড়ত যিটো ঘটনা হ’ল, তাৰ বাবে মই অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছোঁ৷ সাধাৰণ মানুহৰ লগত আৰক্ষী থাকিব লাগে বুলি সকলো সময়তে কৈ আহিছোঁ৷ এই ঘটনাৰ দোষ ময়েই মূৰ পাতি লৈছোঁ– কাৰণ মই আৰক্ষীক যি বাৰ্তা দিবলৈ চেষ্টা কৰিছিলোঁ, সেই বাৰ্তা আৰক্ষীয়ে এতিয়াও বুজি পোৱা নাই৷ সদায় নিৰপৰাধী লোকৰ লগত থাকিব আৰু অপৰাধীৰ লগত আপোচ নকৰিব– এইটো আছিল মোৰ বাৰ্তা৷ কিন্তু ডিব্ৰুগড়ৰ দৰে চহৰতে যদি মোৰ এই বাৰ্তাটো আৰক্ষীয়ে বুজি পোৱা নাই, তেন্তে ভিতৰুৱা গাঁৱত আৰু কিমান যে কি হৈ আছে!’ কেৱল যে বিনীত বাগাৰীয়াৰ ঘটনাতে মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ বাবে লজ্জিত হ’বলগীয়া হৈছে এনে নহয়৷ নগাঁও আৰক্ষীৰ এটা কামতো হস্তক্ষেপ কৰিবলগীয়া হয় মুখ্যমন্ত্ৰীয়ে৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱৰ বেশত নগাঁৱৰ ৰাজপথত ‘বাটৰ নাট’ ৰূপায়ণ কৰা এজন শিল্পীক নগাঁও সদৰ আৰক্ষীয়ে আটক কৰে৷ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ এজাহাৰৰ ভিত্তিত নগাঁও সদৰ আৰক্ষীয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ‘বাটৰ নাট’ কৰা শিল্পীক আটক কৰে৷ নগাঁও আৰক্ষীৰ এই কাৰ্যৰ বিৰুদ্ধে সামাজিক মাধ্যমত আৰক্ষী আৰু চৰকাৰৰ বিৰুদ্ধে বহু সচেতন লোকে মাত মাতে৷ বিপৰীতে হিন্দুত্ববাদী দল-সংগঠন আৰু ব্যক্তি বিশেষে আৰক্ষীৰ এই কাৰ্যক মুকলি সমৰ্থন কৰে৷ কিন্তু মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অৱশেষত নগাঁও আৰক্ষীৰ এই কাৰ্যত অতিষ্ঠ হৈ টুইটযোগে স্পষ্ট কৰি দিয়ে যে সাম্প্ৰতিক বিষয়ক লৈ ‘বাটৰ নাট’ কৰাটো দোষণীয় নহয়৷ সাংকেতিক পোছাক পৰিধান কৰিলেই অপৰাধী নহয়৷ মুখ্যমন্ত্ৰীৰ এই হস্তক্ষেপৰ পাছতে আৰক্ষীয়ে শিল্পীজনক মুকলি কৰি দিয়ে৷ এপ্ৰিলৰ মাজভাগত আৰক্ষী কনিষ্টবল পৰীক্ষাৰ ফলাফল বিচাৰি আহি গ্ৰেপ্তাৰ হৈছিল শ শ প্ৰতিবাদকাৰী৷ তীব্ৰ ৰাজহুৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে সকলোকে মুকলি কৰি দিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিছিল৷ মাৰ্চ মাহত গুৱাহাটীৰ ৰাজপথত এদল আৰক্ষীয়ে এজন লোকক অকাৰণতে প্ৰহাৰ কৰিছিল৷ এই ঘটনাতো হস্তক্ষেপ কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ প্ৰহূত লোকজনক ক্ষমা খুজিবৰ বাবে আৰক্ষীক নিৰ্দেশ দিছিল৷ শেহতীয়াভাৱে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ এগৰাকী ১৯ বছৰীয়া ছাত্ৰীক ফেচবুকত আলফাৰ সমৰ্থনত বায়’ লিখাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’লত ভৰাই থোৱা কাৰ্যতো হস্তক্ষেপ কৰিবলগীয়া হয় মুখ্যমন্ত্ৰীয়ে৷