Logo
image

সাধাৰণ অমৰাতো আছে অসাধাৰণ গুণ

অতি সহজে পোৱা এবিধ ঔষধি গুণসম্পন্ন থলুৱা ফল হ’ল অমৰা৷ গৱেষকসকলৰ মতে সাধাৰণ অমৰাতো আছে অসাধাৰণ গুণ৷ অমৰাত  টেঙা, কেঁহা লগতে মিঠাৰো স্বাদ পোৱা যায়৷ অমৰা কেঁচা, পকা বিভিন্ন ধৰণে খাব পাৰি৷ অমৰাৰ আচাৰে আমাক জিভাত বেছ জুতি দিয়ে৷ অমৰা গছৰ ছালত ঔষধিসম্পন্ন গুণ পোৱা যায়৷ ঋতু পৰিৱৰ্তন সময়ত হোৱা পেটৰ যিকোনো ধৰণৰ অসুখৰ বাবে অমৰা অতি উত্তম ফল৷ ফাগুণ-চ’ত মাহত পকা অমৰাৰ আঞ্জা খালে গা জুৰ পৰে৷ আহকচোন থলুৱা অমৰাটোত কি কি গুণ আছে তাৰেই উমান লওঁ৷

◾অমৰাত থকা উপাদান সমূহ হৈছে কেলছিয়াম, আইৰণ, পটাছিয়াম, ভিটামিন ‘চি’, ‘ডি’, ‘ই’, ‘এ’, মিনাৰেল আৰু ফাইবাৰ৷ 

◾অমৰাত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায়৷ যি আমাৰ শৰীৰত আইৰণৰ মাত্ৰা বৃদ্ধি কৰি দুৰ্বলতাক দূৰতে বিদূৰ কৰে৷ 

◾পকা অমৰাই কোষ্ঠ-কাঠিন্য দূৰ কৰাত সহায় কৰে, পিত্ত নাশ কৰে, হজম শক্তি বৃদ্ধি কৰে আৰু ভোক বঢ়ায়৷ 

◾অমৰাক ত্ৰিদোষ নাশক ফল হিচাপে ব্যৱহাৰ কৰা হয়৷ গ্ৰহণী, পেট  কামোৰণি, পেটৰ অসুখত প্ৰস্ৰাৱ বন্ধ হ’লে কেঁচা বা পকা অমৰা খালে  উপকাৰ পোৱা যায়৷

◾অমৰাই দূষিত তেজ পৰিষ্কাৰ কৰে৷ পকা অমৰাই বায়ু পিত্ত নাশ কৰে৷ 

◾অমৰা মাজে-সময়ে খাই থাকিলে তেজ পৰিষ্কাৰ কৰি ৰাখে৷ ই ছালৰ ৰোগ, খৰ-খুজুৱতী, এলাৰ্জি নিৰাময় কৰাত বিশেষ সহায় কৰে৷  

◾অমৰা খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়, নিমজ কৰে, ৰুচি বৃদ্ধি কৰে৷ সেইদৰে মুখৰ ভিতৰত ছাল ছিঙিলে অমৰাই সুফল দিয়ে৷ 

◾অৰুচি, অভোক ভাব হ’লে পকা অমৰা টেঙা আঞ্জা কৰি খালে উপকাৰ পোৱা যায়৷