Logo
image

দৈনিক কিমান পৰিমাণৰ নিমখ খোৱা উচিত

অত্যধিক নিমখে খাদ্যক সোৱাদবিহীন কৰাৰ লগতে ই স্বাস্থ্যৰ সাংঘাতিক ক্ষতি কৰে৷ অতিৰিক্ত নিমখ খালেউচ্ছ ৰক্তচাপ, হৃদযন্ত্ৰৰ সমস্যা, কিডনীৰ সমস্যাকে ধৰি বিভিন্ন ৰোগৰ সৃষ্টি কৰে৷ বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ ‘হু’ৰ মতে দৈনিক খাদ্যৰ সৈতে প্ৰয়োজনতকৈ অধিক নিমখ খোৱাটো সাংঘাতিক ক্ষতিকাৰক৷ নেচনেল হেল্‌থ চাৰ্ভিছৰ গৱেষণাত পোৱা তথ্যমতে যিসকলে অত্যধিক পৰিমাণে নিমখ খায় তেওঁলোকৰ অকাল মৃত্যুৰ আশংকা ২৮ শতাংশতকৈও অধিক৷

বেছি পৰিমাণে ছডিয়াম আৰু তুলনামূলকভাৱে কম পৰিমাণে পটাছিয়াম খালে উচ্ছ ৰক্তচাপৰ সমস্যাই দেখা দিয়ে৷ দৈনিক প্ৰাপ্তবয়স্কসকলে ৫ গ্ৰাম ছডিয়াম খালে হৃদৰোগ, ষ্ট্ৰোক আৰু কিডনীৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে৷ ‘হু’ৰ মতে নিতৌ খাদ্যত নিমখৰ পৰিমাণ কমালে প্ৰতিবছৰে অন্ততঃ ২৫ লাখ লোকৰ জীৱন ৰক্ষা পৰিব৷

বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰা মতে সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বতে মানুহৰ নিমখ খোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ বিশেষকৈ ফাষ্টফুড জাতীয় খাদ্য আৰু ষ্ট্ৰীট ফুড খোৱাৰ অভ্যাস বৃদ্ধি পাইছে মানুহৰ মাজত৷ এনে খাদ্যত নিমখৰ মাত্ৰা প্ৰয়োজনতকৈ অধিক থাকে৷ শৰীৰত পানী জমা কৰি ৰখাটো নিমখৰ বিশেষ বৈশিষ্ট্য৷ কিন্তু নিমখৰ পৰিমাণ বাঢ়িলে দেহত অতিৰিক্ত পানী জমা হয়, ফলত ব্ৰেইন ষ্ট্ৰোক হোৱাৰ ভয় থাকে৷ প্ৰস্ৰাৱৰ জৰিয়তে অতিৰিক্ত নিমখ দেহৰ পৰা ওলাই যায়৷ কিন্তু কিডনীত যদি কোনো সমস্যা থাকে, তেন্তে দেহৰ পৰা অতিৰিক্ত নিমখ ওলাই যোৱাটো সম্ভৱ নহয়৷ এনেকুৱা হ’লে মাৰাত্মক বিপদ হ’ব পাৰে৷ তদুপৰি অতিৰিক্ত নিমখে হাড়ৰ কেলছিয়ামৰ ক্ষতি কৰে৷ অস্থিসন্ধি আৰু হাড়ৰ বিভিন্ন অসুখৰ কাৰণ হৈছে অত্যধিক নিমখ খোৱাৰ অভ্যাস৷

সেয়ে নিমখ প্ৰয়োজনতকৈ অধিক খোৱাটো বন্ধ কৰক৷ ‘হু’ৰ মতে এজন সুস্থ মানুহে ২ গ্ৰাম বা আধা চাহ চামুচতকৈ বেছি নিমখ খোৱাটো উচিত নহয়৷