এসময়ৰ জ্ঞান বিকাশৰ প্ৰাণকেন্দ্ৰৰ বিপৰ্যয়
প্ৰাচীন ভাৰতৰ নালন্দা, তক্ষশীলা, বিক্ৰমশীলা, উজ্জয়িনী, বাৰাণসী আদি স্থানসমূহ জ্ঞান বিকাশৰ প্ৰাণকেন্দ্ৰৰূপে চিহ্নিত হৈছিল৷ তৈতেৰীয় উপনিষদত সেই যুগত জ্ঞান-প্ৰজ্ঞাৰ সাধনা সম্পৰ্কে আভাস পোৱা যায়৷ বহু পূৰ্বেই বিশ্বত সভ্যতাৰ উত্তৰণৰ ক্ষেত্ৰত এক অনবদ্য অৱদান আগবঢ়োৱা প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাক উচ্ছ প্ৰশংসা কৰি সেই ব্যৱস্থাই গভীৰ জ্ঞান, বাস্তৱধৰ্মী চিন্তা, সামাজিক চেতনাবোধ তথা প্ৰকৃত মানুহ গঢ়াৰ শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছিল বুলি পাশ্চাত্যৰ মণিষী, পণ্ডিতসকলে স্বীকাৰ কৰে৷ বৰ্তমান পাকিস্তানৰ ৰাৱালপিণ্ডিত অৱস্থিত বিশ্বৰ প্ৰাচীনতম বিশ্ববিদ্যালয়ৰূপে পৰিচিত তক্ষশীলা বিশ্ববিদ্যালয়ত ৬০টাৰো অধিক বিষয় অধ্যয়ন কৰিবলৈ সেই সময়ৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীৰ লগতে বেবিলন, গ্ৰীছ, আৰৱ, চীন আদিৰ পৰাও শিক্ষাৰ্থী আহিছিল৷ চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰে প্ৰখ্যাত ৰজা, অৰ্থশাস্ত্ৰৰ দৰে গ্ৰন্থৰ প্ৰণেতা চাণক্য এই বিশ্ববিদ্যালয়ৰে ছাত্ৰ আছিল৷ জ্ঞান-চৰ্চাৰ অন্যতম কেন্দ্ৰ প্ৰাচীন কালৰ অন্যতম শ্ৰেষ্ঠ ‘গ্ল’বেল বিশ্ববিদ্যালয়’ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়নৰ বাবে চীন, কোৰিয়া, জাপান, তিব্বত, মংগোলিয়া, তুৰস্ক, শ্ৰীলংকা আৰু দক্ষিণ-পশ্চিম এছিয়াৰ পৰাও ছাত্ৰসকল আহিছিল৷ বৰ্তমান বিহাৰৰ ভাগলপুৰ জিলাত অৱস্থিত, ৰজা ধৰমপালে প্ৰতিষ্ঠা কৰা বিক্ৰমশীলা বিশ্ববিদ্যালয়েও প্ৰাচীন কালত জ্ঞান-বিস্তাৰৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল৷ প্ৰাচীন গ্ৰীক, চীনা সভ্যতাই যিদৰে জ্ঞান-বিজ্ঞান, সাহিত্য, দৰ্শন আদি অধ্যয়নৰ ক্ষেত্ৰত বাটকটীয়া স্বৰূপ ভূমিকা পালন কৰিছিল, ঠিক তেনেদৰে প্ৰাচীন ভাৰতত হোৱা বহু সৃষ্টিয়ো বিশ্ব সভ্যতাৰ বাবে অনুকৰণীয় হৈ পৰিছিল৷ উল্লেখ্য আজিৰ বিশ্বত শৈক্ষিক, ঔদ্যোগিক, জ্ঞান-বিজ্ঞান, প্ৰযুক্তি চৰ্চাৰ ক্ষেত্ৰত দপদপাই থকা বহু দেশলৈ জ্ঞান-বিজ্ঞান চৰ্চাৰ ধাৰাটো প্ৰাচীন সভ্যতাসমূহৰ তুলনাত বহু হাজাৰ বছৰৰ পাছতহে আহিছিল৷ জ্ঞান-চৰ্চাৰ এক শক্তিশালী ভেটি থকা উপৰিউক্ত তিনি সভ্যতাৰ ভিতৰত চীনে পৰৱৰ্তী পৰ্যায়ত কিছু বছৰ থমকি ৰ’লে যদিও কুৰি শতিকাৰ পাঁচ দশকমানৰ পৰা নিজৰ শক্তিশালী জ্ঞানৰ ভেটিটো উপলব্ধি কৰি পুনৰ ন-ৰূপত ইয়াক সজাই পৰাই তুলিলে৷ সেই মৰ্মে দেশৰ আৰ্থ-সামাজিক, শৈক্ষিক দিশৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন ঘটোৱাত সমৰ্থ হোৱাৰ বাবে আজিৰ সময়ত চীন বিশ্বৰ ছুপাৰ পাৱাৰ ৰূপে পৰিগণিত হোৱাৰ দিশত আগবাঢ়িছে৷ বামপন্থী আদৰ্শৰ দ্বাৰা পৰিচালিত চীনে বৰ্তমান সময়ত সেই আদৰ্শৰ সঠিক অনুসৰণ নকৰাকৈ এক আগ্ৰাসী মনোভাৱ পোষণ কৰাৰ বাবে বিশ্বৰ বহু ৰাষ্ট্ৰৰ দ্বাৰা সমালোচিত হ’লেও চীনে যে নতুন জ্ঞানৰ যোগেদি নিজকে সৰ্বশক্তিমান ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰিছে তাত কাৰো দ্বিমত নাই৷ কোৱা বাহুল্য, সেই অনুপাতে ভাৰতবৰ্ষৰো এক শক্তিশালী জ্ঞানৰ ভেটি থকা সত্ত্বেও আজিৰ একৈশ শতিকাৰ সময়ছোৱাত চীনৰ তুলনাত বহু পিছপৰি ৰ’ল৷ প্ৰাচীন সেই ঐতিহ্যময় জ্ঞান-পৰম্পৰাৰ দোহাই দি ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশখনক বিশ্বগুৰু ৰূপে পুনৰ প্ৰতিষ্ঠাৰ বাবে দেশৰ জনসাধাৰণক তৎপৰ হ’বলৈ আহ্বান জনাইছে যদিও সেয়া কিমানদূৰ বাস্তৱায়িত হ’ব সেয়া সময়েহে উত্তৰ দিব৷ অচিৰেই অৰ্থাৎ ২০২৩ চনৰ ভিতৰত বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে চীনক অতিক্ৰম কৰিব ভাৰতবৰ্ষই৷ ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা দপ্তৰৰ জনসংখ্যা বিভাগৰ প্ৰতিবেদন মতে ২০২২ চনৰ ১৫ নৱেম্বৰত বিশ্বৰ জনসংখ্যাই ৮ বিলিয়ন অতিক্ৰম কৰিব আৰু ২০২৩ চনৰ ভিতৰত ভাৰত হ’ব বিশ্বৰ সৰ্বাধিক মানুহ থকা দেশ৷ লক্ষণীয়ভাৱে নৱপ্ৰজন্মৰ অৰ্থাৎ কম বয়সীয়া লোকৰ সংখ্যা সৰ্বাধিক থকা দেশখনৰ বাবে এয়া এক সুযোগ হ’লেও অসংখ্য লোকক মানৱ সম্পদৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰ ব্যৰ্থ হ’লে ই হিতে বিপৰীত হোৱাৰ সম্ভাৱনাহে প্ৰকট হৈ পৰিব৷ আজিৰ দিনত ভাৰতবৰ্ষত হাজাৰোধিক বিশ্ববিদ্যালয়, বহু হাজাৰ কলেজ তথা অন্য শিক্ষানুষ্ঠান আছে৷ এসময়ত অৰ্থাৎ হাজাৰ বছৰ পূৰ্বেই দেশত বিশ্বমানৰ বিশ্ববিদ্যালয় স্থাপন কৰি দেশ-বিদেশৰ ছাত্ৰক আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা ভাৰতত আজিৰ অতি প্ৰয়োজনীয় সময়ত নাই বিশ্বমানৰ শিক্ষানুষ্ঠান৷ গ্ল’বেল বিশ্ববিদ্যালয়, প্ৰযুক্তি-প্ৰতিষ্ঠানৰ বিশ্ব ৰেংকিঙত ভাৰতৰ শিক্ষানুষ্ঠানৰ দুই-এখনে ১০০-২০০ৰ ভিতৰতহে স্থান লাভ কৰে৷ বছৰি লাখ লাখ ছাত্ৰই দেশৰ পৰিৱৰ্তে বিশ্বৰ উচ্ছমানৰ বিদেশী শিক্ষানুষ্ঠানলৈ নিজৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ বাবে ঢাপলি মেলে৷ বিগত ৬০-৭০ বছৰৰ ভিতৰত বিশ্বৰ বজাৰ দখল কৰিব পৰাকৈ বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন উদ্ভাৱন ভাৰতৰ পৰা হোৱা নাই৷ অথচ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ওপৰত নিৰ্ভৰ কৰি বিশ্বৰ বহু উন্নত ৰাষ্ট্ৰৰ বিশ্বমানৰ বিশ্ববিদ্যালয়, শিক্ষানুষ্ঠানৰ গৱেষণা অব্যাহত আছে৷ সম্প্ৰতি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ যোগেদি বহু পৰিৱৰ্তনৰ আশা কৰা হৈছে ই এতিয়াও অতি শামুকীয়া গতিতে আছে৷ মুঠতে ক’ৰবাত কেৰোণ আছে৷ এই কেৰোণ আঁতৰ নহ’লে দেশ বহু সমস্যাৰ সন্মুখীন হ’ব৷






