Logo
image

ইংলেণ্ডত টীম ইণ্ডিয়াৰ সফলতা

ৰোহিত শৰ্মা, শিখৰ ধৱন, বিৰাট কোহলিৰ দৰে শীৰ্ষক্ৰমৰ বেটাৰ ব্যৰ্থ হোৱা মানেই আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতৰ জয়ৰ সম্ভাৱনা হ্ৰাস পায় বুলি সৰ্বসাধাৰণৰ মনত যি এক ধাৰণা আছিল, তেনে ধাৰণা ইংলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত এদিনীয়া শৃংখলাৰ অন্তিমখন খেলত ভুল প্ৰমাণিত কৰিলে যুৱ ক্ৰিকেটাৰদ্বয় ঋষভ পণ্ট  আৰু হাৰ্দিক পাণ্ডিয়াই৷ খেলখনত এক কঠিন পৰিস্থিতিত ক্ৰীজলৈ আহি এই দুজন ক্ৰিকেটাৰে ইংলেণ্ডৰ বলাৰৰ সন্মুখত দৃঢ়তাৰে থিয় হৈ ভাৰতক জয়ৰ লক্ষ্যত উপনীত কৰায়৷ এইদৰে এইবাৰৰ ইংলেণ্ড ভ্ৰমণত ৰোহিত শৰ্মাৰ দলটোৱে টুৱেণ্টী২০ শৃংখলাৰ লগতে এদিনীয়া শৃংখলাতো জয় সাব্যস্ত কৰে৷ অষ্টে˜লিয়াত চলিত বৰ্ষৰ অক্টোবৰত হ’বলগীয়া টুৱেণ্টী২০ বিশ্বকাপৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ বাবে নিঃসন্দেহে এয়া এক উৎসাহৰ বিষয়৷ ইউনাইটেড আৰব এমীৰেটছত অনুষ্ঠিত যোৱাবাৰৰ টুৱেণ্টী২০ বিশ্বকাপত পাকিস্তান আৰু নিউজীলেণ্ডৰ হাতত পৰাস্ত হৈ নক-আউট পৰ্যায়ৰ পূৰ্বেই বিদায় ল’বলগীয়া হোৱাৰ পাছত ভাৰতীয় ক্ৰিকেট দলটো যথেষ্ট সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ এইবাৰ টুৱেণ্টী২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলটো সাজু কৰাৰ দায়িত্ব আহি পৰিছে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ প্ৰাক্তন মুৰব্বী ৰাহুল দ্ৰাৱিড়ৰ ওপৰত৷ ৰবি শাস্ত্ৰীয়ে দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ পাছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীয়ে শাস্ত্ৰীৰ স্থানত দ্ৰাৱিড়ে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লোৱাটো বিচাৰিছিল৷ প্ৰথমে তেওঁ সেই প্ৰস্তাৱত সন্মত নহ’লেও পাছত নিজৰ সিদ্ধান্ত সলনি কৰিছিল৷ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী হিচাপে দ্ৰাৱিড়ে যথেষ্ট বিচক্ষণতাৰ পৰিচয় দিছিল৷ তাৰ উপৰি ভাৰতৰ ১৯ বছৰ অনূৰ্ধৰ দলটোৰ লগতে ভাৰতীয় ‘এ’ দলৰ প্ৰশিক্ষক হিচাপেও তেওঁ যথেষ্ট সফল আছিল৷ সেইবাবেই নিজৰ অসাধাৰণ ক্ৰিকেটীয় জ্ঞানেৰে দ্ৰাৱিড়ে ভাৰতীয় দলটোক সঠিক দিক দৰ্শন কৰাব বুলি আশা কৰা হৈছিল৷ ইংলেণ্ডৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলাটোৰ পূৰ্বে অনুষ্ঠিত টেষ্টখনত অৱশ্যে ভাৰতীয় দলৰ প্ৰদৰ্শন আশানুৰূপ নাছিল৷ কিন্তু সীমিত অভাৰৰ শৃংখলাটোত টীম ইণ্ডিয়াৰ যুৱশক্তিয়ে টীম মেনেজমেণ্টে তেওঁলোকৰ প্ৰতি ৰখা আস্থাৰ  সম্পূৰ্ণ মান ৰাখিলে৷ এদিনীয়া শৃংখলাৰ অন্তিমখন খেলত ২৬০ ৰানৰ জয়ৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে এটা সময়ত ৭২ ৰানত হেৰুৱাইছিল অধিনায়ক ৰোহিত শৰ্মা, শিখৰ ধৱন, বিৰাট কোহলি আৰু সূৰ্যকুমাৰ যাদৱৰ উইকেট৷ তেনে সময়ত ভাৰতৰ জয় সম্ভৱ নহ’ব বুলিয়ে ধাৰণা কৰা হৈছিল৷ কিন্তু তেনে ধাৰণা ভুল প্ৰমাণ কৰি ঋষভ পণ্ট আৰু হাৰ্দিক পাণ্ডিয়াই পঞ্চম উইকেটত যোগ দিছিল ১৩৩ ৰান, যিটোৱে লৈছিল খেলখনৰ নিৰ্ণায়ক ভূমিকা৷ পণ্টে এদিনীয়া কেৰিয়াৰৰ প্ৰথমটো শতকীয় ইনিংছ [অপৰাজিত ১২৫ ৰান] খেলাৰ বিপৰীতে ইংলেণ্ডৰ ইনিংছত চাৰিটা উইকেট লাভ কৰা পাণ্ডিয়াই সংগ্ৰহ কৰিছিল ৭১ ৰান।

ঘৰুৱা পৰিৱেশত ইংলেণ্ডক পৰাস্ত কৰাটো বৰ সহজ নহয়৷ কিন্তু ভাৰতীয় দলে সেই কঠিন কাম সম্ভৱ কৰি তুলিলে৷ তৃতীয় এদিনীয়াত পণ্ট আৰু পাণ্ডিয়াৰ প্ৰদৰ্শনে নিঃসন্দেহে প্ৰশিক্ষক দ্ৰাৱিড়ৰ আত্মবিশ্বাস বহুখিনি বৃদ্ধি কৰিছে৷ দীৰ্ঘ সময়ৰ পৰা দলত এজন নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰৰ সন্ধানত আছিল দ্ৰাৱিড়৷ পাণ্ডিয়াৰ ৰূপত যেন তেওঁ মনে বিচৰা অলৰাউণ্ডাৰজন বিচাৰি পালে৷ মাজতে আঘাতৰ বাবে কিছু সময় পাণ্ডিয়াই বলিং কৰিব পৰা নাছিল৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁ আৰু দীঘলীয়া সময়ৰ বাবে বলিং কৰিব নোৱাৰিব বুলিও সেই সময়ত শংকাৰ সৃষ্টি হৈছিল৷  কিন্তু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত যেন পাণ্ডিয়াক নতুন ৰূপত আৱিষ্কাৰ কৰিলে ক্ৰিকেটপ্ৰেমীয়ে৷ সবল নেতৃত্বৰে তেওঁ চেম্পিয়ন কৰাইছিল নতুন দল গুজৰাট টাইটানছক৷ টুৰ্নামেণ্টখনত বেটিঙৰ লগতে বলিঙতো সমানেই উজলিছিল ২৮ বছৰীয়া ক্ৰিকেটাৰজন৷ যি সময়ত প্ৰাক্তন অধিনায়ক বিৰাট কোহলিৰ ফৰ্মহীনতা টীম মেনেজমেণ্টৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে, সেই সময়ত ঋষভ পণ্ট, হাৰ্দিক পাণ্ডিয়া, শ্ৰেয়স আয়াৰ, দীপক হুদাৰ দৰে ক্ৰিকেটাৰে ভাৰতীয় দলত নতুন আশাৰ সঞ্চাৰ কৰিছে৷ ৰাহুল দ্ৰাৱিড়ে ইতিমধ্যে টুৱেণ্টী২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল গঠনক লৈ পৰিকল্পনা প্ৰস্তুত কৰিছে৷ ইংলেণ্ড ভ্ৰমণত পেচ বলাৰ যশপ্ৰীত বুমৰাৰ লগতে পণ্ট আৰু পাণ্ডিয়াই গুৰু দ্ৰাৱিড়ৰ আস্থা জয় কৰিব পাৰিছে৷ টীম ইণ্ডিয়া ইয়াৰ পাছত যাব ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ৷ উক্ত শৃংখলাটোত ভাৰতীয় দলটোত নাথাকিব একাধিক জ্যেষ্ঠ সদস্য৷ ৱেষ্ট ইণ্ডিজৰ পৰিৱেশ ইংলেণ্ডৰ সৈতে যথেষ্ট পৃথক৷ সেয়েহে সেই ঠাইত ভাৰতীয় যুৱ ক্ৰিকেটাৰসকলৰ প্ৰদৰ্শন হ’ব লক্ষণীয়৷ দ্ৰাৱিড়ৰ আস্থা জয় কৰি বিশ্বকাপৰ দলত স্থান নিশ্চিত কৰিবলৈ হ’লে প্ৰয়োজন হ’ব তেওঁলোকৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ৷ যোৱাবাৰৰ টুৱেণ্টী২০ বিশ্বকাপৰ স্মৃতি পাহৰাই ৰাহুল দ্ৰাৱিড়ৰ তত্ত্বাৱধানত নতুন শক্তিৰে অৱতীৰ্ণ হওক টীম ইণ্ডিয়া, তাৰেই প্ৰতীক্ষা দেশখনৰ ক্ৰিকেটপ্ৰেমীৰ৷