Logo
image

হিচাপত মাখন খালে উপকাৰ পাব, কিন্তু ...

আমাৰ অসম বিশেষঃ ওজন বেছি হওক বা নিয়মীয়াই হওক মাখন খোৱাৰ আগতে মাখনৰ পৰিমাণ সম্পৰ্কে সচেতন হোৱাটো অত্যন্ত জৰুৰী৷ তেল, জলকীয়া, মছলা দিয়া খাদ্যৰ সমান্তৰালকৈ ডায়েট তালিকাত স্থান লাভ কৰে মাখনে৷ অৱশ্যে ইয়াৰ উপকাৰিতাৰ সমান্তৰালকৈ অন্য দিশক লৈ ভয়ৰো কাৰণ আছে৷ সেয়ে কম-বেছি সকলো উপদানৰে  প্ৰয়োজন থাকে৷ আমাৰ শৰীৰৰ বাবে মাখনৰো চাহিদা আছে৷ ওজন বেছি হওক বা নিয়মীয়া হওক মাখনৰ পৰিমাণ সন্দৰ্ভত সচেতন হোৱাটো জৰুৰী৷ মাখনৰ পৰিপুৰক হিচাপে বহুতেই বাছি লয় মাৰ্জাৰিণ৷ ফলত ফেট আৰু কেলৰিৰ পৰিমাণ মাখন আৰু মাৰ্জাৰিণৰ ব্যাপক প্ৰভেদ আছে৷ ডায়বেটিছিয়ানৰ মতে, মাখনৰ সলনি বেছি পৰিমাণে মাৰ্জাৰিণ খালে একো সুফল নাপায়৷ তেনেহলে মাখন আৰু মাৰ্জাৰিন বাছনি কেনেকৈ কৰিব? কোনটো উপদান শৰীৰৰ বাবে কিমান জৰুৰী? মাখন দুগ্ধজাত খাদ্য৷ মাৰ্জাৰিণ তৈয়াৰ হয় ভেজিটেবল অইলৰ পৰা৷ মাখনত থাকে ৮০ শতাংশ ফেট, ১৬-১৮ শতাংশ পানী আৰু ২ শতাংশ নিমখ৷ ফেটৰ পৰিমাণ মাৰ্জাৰিণতো কম বেছি পৰিমাণে একেই থাকে৷ তথাপিতো মাখনৰ তুলনাত মাৰ্জাৰিনত কলেষ্ট্ৰলৰ পৰিমাণ বহু বেছি৷

মাখনৰ উপকাৰিতাঃ মাখনত থাকে ভিটামিন এ, ডি, ই, কে আৰু উৎকৃষ্টমানৰ মেংগানিজ, জিংক, ছেলেনিয়াম আৰু আয়ডিন৷

ভিটামিন এঃ দৃষ্টি শক্তি ভালে ৰখাৰ বাবে এই ভিটামিনৰ গুৰুত্ব বেছি৷ বিশেষকৈ ডায়েটত এই ভিটামিনসমৃদ্ধ খাদ্যৰ নাম তালিকাত থাকে৷

ভিটামিন ডিঃ হাড়ৰ গঠন  আৰু  শক্তি বৃদ্ধিৰ বাবে এই ভিটামিনৰ চাহিদা জৰুৰী৷

ভিটামিন ইঃ ছাল আৰু চুলিৰ পুষ্টি, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত মাখনৰ প্ৰয়োজনীয়তা আছে৷

ভিটামিন কেঃ ৰক্ত সঞ্চালনত সহায় কৰে৷